মোৰ আজি শেষ পৰীক্ষা। ফাষ্ট ক্লাচ ৰ’ব লাগে। আজি ঘৰলৈ যাম। সেয়ে পৰীক্ষা দি আহিয়ে পেকিং কৰাত লাগিলো। পেকিং শেষ হোৱাৰ পাচত ৱাৰ্ডেনৰ পৰা ফোনটো লৈ আনি ঘৰলৈ ফোন লগালো। মই উলোৱাৰ বাতৰি দিবলৈ। তিনিবাৰ ৰিং কৰি শেষ হৈ গ’ল। মায়ে ফোন ধৰা নাই। আগতে কেতিয়াও এনে হোৱা নাই। বিশেষকৈ আজি মোৰ পৰীক্ষাৰ শেষৰ দিনা এনে হ’ব নালাগিছিল। হিচাপ অনুসৰি মই যোৱাৰ বাতৰিৰ বাবে ফোনটো লগতে ৰাখিব লাগিছিল। মনলৈ বেয়া বেয়া চিন্তা আহিবলৈ ধৰিলে। মই সৰু বাইদেউলৈ ফোন মিলালো। নাই তাইও ধৰা নাই। মা-দেউতাৰ আমি তিনিটা তনয়। দুজনী বাইদেউৰ পাচত মই একমাত্ৰ বংশধৰ। ডাঙৰ বা নিজৰ ইচ্ছাৰে ঘৰৰ পৰা ভিনিদেউলৈ গুছি গৈছিল ৫বছৰৰ আগতে। অহা মাহত তাইৰ ল’ৰাটোৰ তিনি বছৰ হ’ব। ভিনিদেউ পি ডব্লিউ ডিৰ কণ্টেক্টৰ। তেখেতৰ লগত মোৰ মতানৈক্য চলি থাকে৷
সৰু বাইদেউৰ আকৌ কালিলৈ প্ৰথম বিবাহ বাৰ্ষিকী। তাইৰ বৰ ইচ্ছা আছিল মাষ্টাৰ কৰা। কিন্তু কিয় যে তাইক ঘৰৰ পৰা হঠাৎ এবছৰৰ আগত বিয়া দি দিলে। তাই মোতকৈ ন মাহৰহে ডাঙৰ। যোৱা বছৰ তাইৰ স্নাতকৰ ৰিজাল্ট উলোৱাৰ আগতেই বিয়া দি দিলে। মই নিশ্চিত যে ডাঙৰ ভিনিদেউৱে জোৰ দিয়াৰ বাবেই তাইৰ বিয়াৰ হ’ব লগা হ’ল৷ ভিনিদেউ পি ডব্লিউ ডিৰ কণ্টেক্টৰ আৰু দৰা পি ডব্লিউ ডিৰ ইঞ্জিনিয়াৰ৷ দৰা ইঞ্জিনিয়াৰ হোৱাৰ বাবেই চাগে মা-দেউতাই বাইদেউৰ সপোনবোৰৰ কথা নাভাবিলেই। বয়সৰ পাৰ্থক্যৰ কথা নাভাবিলে৷ বিয়াৰ পাচত ওলোৱা ৰিজাল্টত তাই সুখ্যাতিৰে পাছ কৰিছিল। সেয়ে ইঞ্জিনিয়াৰ ভিনিদেউৱে তাইক পঢ়োৱাম বুলি কৈছিল। কিন্তু এবছৰে তাইক দেখুন তেওঁ ঘৰৰ পৰা ওলাবলৈকে নিদিলে। পঢ়াতোত দূৰৈৰ কথা তাই আমাৰ ফোনবোৰেই মন খোলি ৰিচিভ কৰিব নোৱাৰেচোন! কি বা পৰিস্থিতি তাইৰ! এইবাৰ গৈ তাইৰ খবৰ ভালদৰেই লম। যদি ভিনিদেউৱে কিবা ওলট-পালট কৰে মই তাইক ঘৰলৈ ঘূৰাই লৈ আহিম। মাহঁতে মত নিদিলেও তাই যদি ইচ্ছা কৰে মোক কোনেও বাধা দিব নোৱাৰিব এইবাৰ। ল’ৰা মানুহ মই। পাৰ্ট টাইম চাকৰি কৰি হ’লেও তাইক ৰাখিব পাৰিম। মই পঢ়াম তাইক। তাইৰ চকুত বহু আশা আছে। তাই এ চি এচ বিষয়া হ’ব খোজে।
ঘড়ীটোলৈ চালো। ঘৰৰ বাবে বাছত উঠিবলৈ মোৰ হাতত এতিয়াও এঘণ্টা আছে। সেয়ে এইবাৰ মই ডাঙৰ বাইদেউলৈ ফোন লগালো। তাইৰ ফোনটো বিজি। মই হোষ্টেলৰ পৰা লাহকে ওলাই যোৱাটোৱে ঠিক কৰিলো। বাছ ষ্টেণ্ড পাবলৈ ১৫মিনিটমান লাগিব। তাৰ আগত মোৰ ৰুমমেট অভিলৈ ফোন এটা কৰি লও ভাবি তালৈ ডাইল কৰিলো
- হেল্ল’ অভি, মই উলাইছো। তইও আজি ঘৰলৈ যাবি নহয়?
- অ’ যাম। এতিয়া ৰুমলৈ গৈ আছো। তই ওলালিয়ে নি?
- অ’। ওলাইছো। কিমান দেৰি হ’ব তোৰ?
- ৫ মিনিট। থাকিবিনে?
- অ আছো আহ।
ফোনটো কটাৰ পাচত পুনৰ ডাঙৰ বালৈ ডাইল কৰিলো। তাইৰ ফোনটো এতিয়াও ব্যস্ত। কাৰ লগত যে তাই ইমান ব্যস্ত থাকে। যেতিয়া ফোন কৰিলেও ব্যস্তই পাও। মই ৰুমটো এবাৰ ভালদৰে পৰীক্ষা কৰিলো। কিবা ৰৈ গৈছে নেকি! কাৰণ এইবাৰ আমাৰ হোষ্টেলৰ লাষ্ট। এনেতে অভি আহি পালে। তাৰ লগত আমাৰ ইউনিভাৰচিটিৰ ফৰ্ম, ৰিজাল্ট ইত্যাদিৰ কথা পাতি মই পুনৰ ডাঙৰ বালৈ ফোন লগালো। এইবাৰ ৰিং হ’ল। ৰিং হৈ কাটি গ’ল। পুনৰ দাইল কৰিলো। তিনিটা ৰিঙৰ পাচত তাই ৰিচিভ কৰিলে
- ভাইটি। সকলো শেষ কৰি তাই গুচি গ’ল।
- কি হল! তই কান্দিছ কিয়! কোন ক’লৈ গুচি গ’ল?
তাইৰ মাতষাৰে মোৰ বুকু কপাঁই তোলিলে। মই অতি উৎকণ্ঠাৰে তাই প্ৰশ্ন কেইটা কৰি তাইৰ উত্তৰলৈ বাট চালো। তাই কন্দা শেষ কৰি ক’লে
- তোৰ সৰু বা নাই। তাই আত্মহত্যা কৰিছে।
কথাষাৰ শুনা মাত্ৰে মোৰ হাতৰ পৰা ফোনটো তললৈ পৰি গ’ল। মই কাষত থকা বিচনাখনতে ধাপকে বহি পৰিলো। এইটো সম্ভৱ নহয়। তাইৰ আশা ভৰা চকুকেইটা মোৰ চকুত জিলিকি উঠিল। তাই অতি সংগ্ৰামি, স্বভিমানী, আত্মবিশ্বাসী ছোৱালী। তাই কেতিয়াও, কোনো কাৰণতে আত্মহত্যা কৰিব নোৱাৰে। বেলেগ কিবা হৈছে।
মোক হঠাৎ তেনেকৈ দেখি অভিয়ে দৌৰি মোৰ ওচৰলৈ আহি মোৰ বাহুত হাত দিলে। মই তাক হাৱটি ধৰি কান্দি দিলো। সি নুবুজা চাৱনিৰে মোলৈ চাই ৰ’ল। মই কিছু সময়ৰ পাচত নিজকে সম্বৰ কৰি তাক ক’লো
- সৰু বাই আত্মহত্যা কৰিছে বুলে।
তিনি বছৰ মই তাৰ লগত একেলগে আছো। আমি কেৱল বন্ধুৱেই হৈ থকা নাই এতিয়া। দুয়ো পৰিয়াল হৈ পৰিছো। সি মোৰ সকলো খবৰ ভালদৰেই জানে। মোৰ ঘৰৰ সকলোকে সি ভালদৰেই চিনে। সেয়ে চাগে সি আচৰিত হৈ প্ৰায় চিঞৰি উঠিলে
- অসম্ভৱ। সৰু বায়ে কেতিয়াও আত্মহত্যা কৰিব নোৱাৰে। তোৰ বাছ কেতিয়া?
ঘড়ীলৈ চাই ক’লো।
- ২০ মিনিট আছে।
- ব’ল। মই তোৰ ঘৰলৈ যাও। মোৰ ঘৰলৈ ফোন কৰি জনাই দিম।
সি লগত ওলোৱাত মই সন্তুষ্টি পালো। কাৰণ বাৰ খবৰে মোক মানসিক ভাবে দুৰ্বল কৰি তোলিছিল। আমি দুয়ো মনৰ ভিতৰত হাজাৰটা প্ৰশ্ন লৈ ঘৰলৈ বুলি বাছত উঠিলো।Don't forget to commant and vote.
Please share with ur friends.
Happy reading.
Thank you.
ŞİMDİ OKUDUĞUN
আন্ধাৰৰ সিপাৰে -----The Unseen story of Dark
Gizem / GerilimRatul Borah is a graduation final year student. Suddenly he was informed that his 2nd sister committed suicide. It is a unbelievable news for him. Ratul and his parents are devastated. Ratul is suspicious and smells foul play in her death. His two...