সেই হেৰুওৱা প্রেম

34 4 0
                                    

এটা ল'ৰা, যৌৱনে তাকো গচকি গৈছিল.. বয়স ১৬ বছৰ।বহুত লাজকুৰীয়া প্রকৃতিৰ..
এয়া আকাশৰ কাহিনী। হয় আকাশৰ মন মুক্ত বিহগৰ দৰেই। আন ল'ৰা-ছোৱালীৰ দৰেই তাৰো মনত অযুত আশা, হাজাৰ সপোন।

মই প্রথম বহুত অকলশৰীয়া আছিলো। মা-দেউতাৰ মাজতেই মোৰ জীৱনটো সীমাবদ্ধ আছিল। কিন্তু লাহে-লাহে সকলোবোৰ সলনি হবলৈ ধৰিছিল... মনটো কিতাপৰ মাজৰ পৰা উৰি গৈছিল। আনহাতে আমাৰ পৰীক্ষাও সমাগত।
কাকো মনৰ কথাবোৰ খুলি ক'ব নোৱাৰি মনে মনে ৰৈছিলোঁ..

হয়, মই প্রেমত পৰিলোঁ। অনন্যাৰ প্রেমত... তাইক যেতিয়া প্রথম দেখিছিলোঁ... কিবা এটা আপোন আপোন অনুভৱ হৈছিল.. অনবৰতে তাইৰ কথাই মনলৈ আহি থাকে। টিউছনৰ ক্লাছটোৰ কাৰণেও অধীৰ অপেক্ষাৰে বাট চাই ৰওঁ।তাই বেলেগ স্কুলত পঢ়ে... সেয়েহে সপ্তাহটোত মাত্র দুদিন লগ পাওঁ।

তাইক কেতিয়াও মাতি পোৱা নাই। মাথোঁ এদিন হাহিঁছিল তাই মোলৈ চাই... মইও হাঁহিছিলো তাইলৈ চাই...
মাথোঁ মোৰ মনত এটাই নাম ... অনন্যা..

দিনবোৰ গৈ আছিল...
আৰু মোৰ মৰমবোৰ লাহে লাহে বাঢ়ি গৈছিল.. অনন্যাৰ প্রতি..

এদিন সিদ্ধান্ত ল'লো তাইক মই মনৰ কথা খুলি ক'ম..
সেইদিনা মনৰ কথাবোৰ এখন কাগজত লিখি ল'লো। মই তাইক আজি মনৰ কথাবোৰ জনাই দিম।

মনত ভয় এটা আছিল যদিও আতঁৰাই ল'লো।

ক্লাছৰ শেষত... মই বাহিৰতে ৰৈ দিছিলোঁ চাইকেলখন লৈ। সকলো ওলাই আহিছিল.. মাথোঁ তাই অহা নাই..

আধাঘন্টা মানৰ পাছত...

অনন্যা আৰু আশিস্ ওলাই আহি মোৰ পৰা অলপ দূৰত ৰৈছিল... হাতে - হাত ধৰি। মোৰ মনটো দুখেৰে ভৰি পৰিছিল....
মই তাৰ পৰা পৰা আতঁৰি আহিছিলোঁ...
দুচকুৰ পৰা চকুলো সৰি পৰিছিল... প্রথম প্রেমক হেৰুওৱাৰ দুখত....

চাইকেলখন জোৰেৰে চলাইছিলোঁ... বৰষুণৰ টোপাল বোৰে মোক তিয়াই পেলাইছিল... দুচকুত ভাহিঁ আহিছিল অনন্যাৰ হাঁহি.....

কাগজখন হাতৰ পৰা পৰি আহিল.. সেই ঠাইত..

য'ত লিখা আছিল,
"মই তোমাক ভাল পাওঁ অনন্যা,
মই তোমাৰ অবিহনে অকলশৰীয়া...
তুমি মোক ভাল পোৱা নে নোপোৱা নাজানো.. তথাপি মই তোমাক ভাল পাই পেলাইছোঁ অজানিতে...
উত্তৰলৈ বাট নাচাওঁ... মাথোঁ তোমাৰ হাঁহিটিয়েই মোৰ উত্তৰ দিব....।।।
তোমাৰ
আকাশ"

🎉 You've finished reading The Story of lost Love(সেই হেৰুওৱা প্রেমৰ কাহিনী -পাৰ্চী গগৈ) 🎉
 The Story of lost Love(সেই হেৰুওৱা প্রেমৰ কাহিনী   -পাৰ্চী গগৈ) Where stories live. Discover now