চকু পানীবোৰ শুষ্কৰ হৈ পৰিছে..
অন্তৰ খনে ক্ৰোটিহীনতাত ভোগীছে।
ৰক্তবাহী নলীবোৰে তেজ নহয়
হৃৎপিণ্ডলৈ আজি গৰল কঢ়িয়াই নিছে।
মই...মই আজি নি:সংগতাত ভোগীছো
কোনোবাই চোৱাচোন মোলৈ এবাৰ
মোৰ চকুৰ পতা দুখন অনুজ্জ্বল হৈ পৰিছে।
মোৰ অধৰ দুটিও শেঁতা হৈ পৰিছে...
মই হৃদয় বিন্ধা চিকুট বোৰ
সহ্য কৰিব নোৱাৰা হৈছো অ'।
মোক কোনোবাই সাবটি লোৱা চোন
মই তোমাৰ বুকুৰ উষ্মতাক সাবটি
কান্দি-কান্দি , হাঁহি-হাঁহি শুই যাব বিছাৰিছো।
মোক অলপ পানী দিয়া
মোৰ প্ৰাণহীন চকু দুটি সিক্ত কৰি লওঁ।
মোক এদোখৰ ঠাই দিয়া
শেঁতা পৰি যোৱা মোৰ অধৰ দুটিত
বৰন সানি লৈ মহাপ্ৰস্থান কৰো।
মোক অলপ শুব দিয়াচোন॥
-ৰাজলক্ষ্মী বৰদলৈ
YOU ARE READING
জীৱন নামৰ চলচিত্রখন
Poetryজীৱন নামৰ এই চলচিত্র খনৰ আমি মাথোন একো একোটি পুতলা হে উপৰত থকা পৰিচালক জনে যেনিয়েই সূতা তানে আমি তেনিয়েই লৰ মাৰিব লাগে.....