অবশ্য ৰাজলীপে তাৰ মাক দেউতাকক আগতেই তেওঁলোকৰ পচন্দৰ ছোৱালী বিয়া পাতিম বুলি কৈছিল সেই বাবে তাৰ কোনো আক্ষেপ নাই, তথাপিও ছোৱালীজনীৰ ফটোখন চাবলৈ তাৰ মনটো উচপিচাই আছিল। ইতিমধ্যে পৃথিৱীৰ বুকুত চৰাই চিৰিকতিবোৰে সাৰ পাই নিজ নিজ কৰ্তব্যলৈ ধাপলি মেলিছিল। অন্তৰাই খিৰিকিখন লাহেকৈ খুলি দিয়াত ৰাতিপুৱাৰ সুন্দৰ এচাটি বতাহে তাইৰ দেহ মন সিহৰিত কৰি তুলিছিল, আৰু সুন্দৰ মুহুৰ্তটো জিপাল কৰিবলৈ চকু দুটা মুদি দিছিল তেনেতে ৰাজদীপে কলে "এতিয়া আকাশখন ফৰকাল লাগিছেনে?" তাই লাহেকৈ মুৰটো তুলি আকাশলৈ চাই উপলব্ধি কৰিলে সচাকৈ তাইৰ দুখ বেদনাবোৰ যেন বিশাল আকাশৰ কোনোবা খিনিত হেৰাই থাকিল। তাই ৰাজদীপৰ ফালে চাই মিচিকিয়া হাঁহি মাৰি কলে "আপোনাক লগ পাই বহুত ভাল লাগিল, ভগবানে বিচাৰিলে আকৌ কেতিয়াবা লগ হম!" Oh.. Sure! আপোনাৰ বিয়াত মাতিব আঁকো । সচাকৈ আপুনি মোৰ বিয়ালৈ আহিবনে? মাতিলে কিয় নাহিম! ইতিমধ্যেই কন্ডাক্টৰে, বশিষ্ঠ চাৰিআলিৰ যাত্ৰী বোৰক নামিবলৈ সাজু হবলে ক'লে। হেন্ডবেগৰ পৰা ফনী খন উলিয়াই অন্তৰাই চুলিখিনি ঠিক কৰি লৈ, ৰাজদীপক ক'লে "excuse me, মোৰ এতিয়া নামিবৰ হল"। "Yes, please" ৰাজদীপে আতৰি দি সুধিলে "May I help you to bring down your luggage?" ও.. সৌ ৰঙা বেগ খনেই মোৰ। ৰাজদীপে বেগখন নমাই দিলে আৰু বাছখনো ষ্টুপেজত ৰ'ল অন্তৰাই বেগখন হাতত লৈ কলে "Thank you! And also, It was a very great time, this journey will be a memorable one! Bye.." আৰু বাছখনৰ পৰা নামি গ'ল । পিছ মূহুৰ্তত তাই ৰাজদীপৰ ফালে ঘূৰি চাই চিঞৰি উঠিল " আৰে! বিয়াত মাতিবলৈ চোন, আপোনাৰ phone no. টোৱে লোৱা নহল..."। ইতিমধ্যে
বাছখন start হল আৰু সি.........আগলৈ ......