◆◆◆◆কেবিনৰ ইপাৰে....2◆◆◆◆

63 0 0
                                    


মন কৰিছোঁ প্ৰতি দিনেই বেলেগ বাছৰ ড্ৰাইভাৰ হেণ্ডিমেনে হিচাপ দিয়াৰ সময়ত মালিকৰ পৰা মাৰ-গালি খোৱাটো একেবাৰেই সাধাৰণ ঘটনা আছিল। মই হিচাপ দিওঁ, গাড়ীৰ কাম থাকিলে কাম কৈ দিওঁ, আৰু অফিচতে শুই যাওঁ। কোনোদিনেই মালিকে এষাৰো মোক টানকৈ কথা কোৱা নাই। মালিকৰ এটাই কথা , গাড়ী তহঁতে চলাই আছ, কামো তহঁতেই কৰোৱাব লাগিব। কাম নকৰোৱাৰ বাবে য'তে ত'তে গাড়ী বহি যায়। ইমান কোৱাৰ পাছতো সেইবোৰ ড্ৰাইভাৰ একেই থাকে। একো কাম নকৰে।
কেনেকৈ এমাহ পাৰ হ'ল ধৰিবকে নোৱাৰিলোঁ। মালিকে মোক মৰম কৰে। মোৰ খবৰ লয়। গাড়ীৰ কিবা কাম থাকিলে মোৰ গাড়ীৰ কাম সদায় প্ৰথমতে কৰে। যি হিচাপ দিলেও মালিকে এদিনো মোক এষাৰো মাত , হিচাপৰ বাবে নিদিলে।
কেইবা ট্ৰিপ চলালোঁ। এদিন মই ঢলাৰ পৰা গুৱাহাটী গৈ আছোঁ। লগত সেই বিহাৰী ড্ৰাইভাৰজন, প্ৰদীপ। মই চলাই  আছোঁ , বোকাখাত পাৰ হৈছোঁ , মালিকৰ ফোন আহিল।
" দাদা , ইমান ৰাতি ? কওক...."
" ক'ত পালাহি ?"
" বোকাখাত পাৰ কৰিলোঁ। "
" অ'.....তুমি এটা কাম কৰিবা। আমাৰ এ চি বাছখন জখলাবন্ধাত ৰৈ আছে। তুমি ডিব্ৰুগড়লৈ লৈ যাবা।"
" দাদা , মই শুৱাই নাই। আকৌ কেনেকৈ নিম ইমান দূৰ ? তাৰ ড্ৰাইভাৰৰ কি হ'ল ?"
" কিবা পেচেঞ্জাৰৰ লগত জেং লাগিল। অকল হেণ্ডিমেন আছে। ৰাজধানী হোটেলতে বাছ আছে। মানুহ ফুল আছে।"
" দাদা লগৰ প্রদীপকে পঠাই দিওঁ নহ'লে। সি শুই আহিছে।"
" নাই নাই। সি বিহাৰী মানুহ। তাকো মাৰপিট কৰিব , তুমিয়েই যোৱা।"
" ঠিক আছে।"
হ'ব বুলি কৈ মই চিন্তাত পৰি গ'লো। অলপো নুশুৱাকে আকৌ ইমান দূৰ যাব লাগিব। এনেবোৰ কাৰণতে কেতিয়াবা বাছ চলাবলৈ অনীহা লাগি যায়। মালিকৰ মতে বাছ সময়ত ঠাই পাব লাগে। লাগিলে ড্ৰাইভাৰৰ যিয়েই নহওঁক। এইবোৰ ভাবি আহি থাকোঁতে কেতিয়ানো  জখলাবন্ধা পালোঁহি গমকে নাপালোঁ।
দেখিলোঁ , ৰাস্তাৰ দাঁতিত এ চি বাছখন ৰৈ আছে। বাহিৰত অজস্ৰ মানুহ। এ চি খনৰ যাত্ৰী সকলো।  ৰাজধানী হোটেলত মোৰ বাছখন লগাই এ চি খনৰ ওচৰলৈ আহিলোঁ। আহিয়েই অলপ মনটো কোচ খাই আহিল। টাটা বাছ। এইখনৰ ইঞ্জিনটো টি চি ইঞ্জিন। কোনো দিন চলাই পোৱা নাই মই টাটা বাছ।  তেতিয়াৰ দিনত প্ৰথম ৰ'টাৰ পাম্প লাগি আছিল। এই পাম্প থকা গাড়ীত বেটেৰী নহ'লে ষ্টার্ট নহয়। সেই সময়ত সকলো গাড়ীত লাইন পাম্প আছিল।
বাছখনৰ ওচৰ পোৱাত ৰৈ থকা মানুহবোৰে মোক আচৰিত ধৰণে কিবা ভগৱান দেখাদি চাই আছে। চাবি পকাই চালোঁ , চেল্ফ ঘূৰিল কিন্তু ষ্টার্ট নহ'ল। টাটা গাড়ীৰ ভাল মেকানিক মোৰ লগৰ সঞ্জয় ভাইলৈ ফোন কৰিলোঁ। বেমাৰৰ কথা ক'লো।
ক'লে , দুটা বেটেৰী থকা গাড়ীত পজিটিভ ফালৰ বেটেৰীটো সোনকালে বহি যায়। গতিকে সপ্তাহত এবাৰকৈ বেটেৰী দুটা বদলি কৰি দিব লাগে। নিগেটিভৰটো আগলৈ আনি, পজিটিভৰটো পাছলৈ নিলেই বেমাৰ ভাল হৈ যাব।
তেনেতে লুকাই থকা হেণ্ডিমেনটো আহি মোৰ কাষ পালেহি।
" দাদা , মই হেণ্ডিমেন.....'
" কাম এটা কৰ , বেটেৰী পলটি মাৰি দে। পানী আছেনে নাই ?"
"নাজানোঁ , চোৱাই নাই।"
একো নকৈ , দুইটা লাগি বেটেৰী খুলিলো। আগৰটোত পানী একেবাৰে নাই। হোটেলৰ মালিক চাউৰাই বেটেৰী পানী আনি দিলে। পানী ভৰাই বেটেৰী দুটা পলটি মাৰি দিলোঁ। এইখন চলাই থকা ড্ৰাইভাৰে বেটেৰী কোনোদিনেই বদলি কৰা নাছিল। বেটেৰীৰ পানীও ধলা নাছিল। সেইবাবে আজি যাত্ৰীৰ মাৰ খাব লগীয়া হ'ল। তেনেই সৰু কাম, কিন্তু সময়ত নকৰাৰ বাবে বাছ ৰাস্তাত ৰৈ গ'ল। তলে ওপৰে চকু দি দেখিলোঁ, পাছফালে বেলুন আছে। মানে এইখন এয়াৰ চাছপেঞ্চন গাড়ী। সেই সময়ৰ প্ৰথম এয়াৰ চাছপেঞ্চন এইখন গাড়ীতেই আহিছিল। নতুন আছিল বাবে সফল নহ'ল। আজিকালি বেছিভাগ গাড়ীতেই এয়াৰ চাছপেঞ্চন থাকে।
যাত্ৰী বোৰে অলপ ঠেলি দিলে, বাছ ষ্টার্ট হ'ল। যেনেতেনে আহি আহি আবেলি ডিব্ৰুগড় পালোঁহি। গাড়ীখন চলাই বেয়া নালাগিল। কিন্তু লিলেণ্ডৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে। ডিব্ৰুগড়ৰ ASTC বাছ ষ্টেণ্ডত গাড়ী থৈ মই তিনিচুকীয়ালৈ গুচি আহিলোঁ। বাছত থকা যাত্ৰী সকলে মোক খুব সন্মান আৰু মৰম দিলে।
কেবিনত অহা ল'ৰাকেইজনে কোৱা মতে , কেইবাবাৰো ষ্টার্ট বন্ধ হোৱাৰ বাবে যাত্ৰী সকলে নগাঁৱত ভাত খাম বুলি কৈছিল। কিন্তু বাছৰ ষ্টাফে নুশুনিলে , নগাঁৱত নোসোমাই জখলাবন্ধালৈ আহিল। কিন্তু বেটেৰী একেবাৰে বহি যোৱাৰ বাবে বাছখন ৰৈ গ'ল। ৰাতি দুই বাজিলে, মানুহে ভোকত  মৰিছিল। মানুহৰ খং উঠি ষ্টাফক ভালকৈ মাৰিলে। এটা ড্ৰাইভাৰে যেনেতেনে আনি জখলাবন্ধা পোৱালেহি। তাকো মাৰিলে, সিও পলালে। এতিয়া যাত্ৰীসকল মহা বিপদত পৰিল। ড্ৰাইভাৰ নাই , বাছ নিয়ে কোনে !!!! তেনেতে আহি মই ওলালোঁ।
ঘৰ পোৱাৰ আগতে মালিকে ফোন কৰি আজিয়েই ঘূৰি যাবলৈ কৈছিল। বোলো দাদা, মানুহহে মই। মই নাযাওঁ, মই মোৰ গাড়ীত কাইলৈ উঠিম। বেয়া নাপাব।
মোবাইল অফ কৰি আহি ঘৰৰ মোৰ বিছনাত পৰি দিলোঁহি।
এনেকুৱা কিছুমান অভিজ্ঞতা পাইছিলোঁ জীৱনত, তিতা কেঁহা লগাই দিছিল। এইবোৰ অভিজ্ঞতাৰ মাজেৰে চলাই আছোঁ কুইন। মোৰ বাছ চলোৱাৰ ৰুটিন হ'ল , গুৱাহাটীৰ পৰা আহোঁতে জখলাবন্ধালৈকে চলাম। আকৌ শিৱসাগৰৰ পৰা তিনিচুকীয়ালৈ চলাম। লগৰ জন ধলালৈ যাব , মই তিনিচুকীয়াত নামি দিম। মোৰ লগত হেণ্ডিমেন আছিল , মণ্টু নামৰ ল'ৰা এটা, ঘৰ নগাঁৱত। গাড়ীৰ কাম জানে , ভাল ল'ৰা। সি মোৰ লগত ডিউটি কৰিবলৈ ভাল পায়। গুৱাহাটীৰ পৰা আহোঁতে চাবুৱা পাৰ হৈ কাজিখোৱাত তিনিচুকীয়া কলেজৰ এজনী ছোৱালী আমাৰ বাছত উঠে। প্ৰথম দুদিনমান মন কৰা নাছিলোঁ। চকুত পৰিল , বেলেগ বাছ পালেও তাই নুঠে। আমাৰখনৰ বাবে অপেক্ষা কৰি থাকে। বাছত উঠি দুৱাৰৰ কাষৰ ছিটটোত বহে। ধুনীয়া ছোৱালী। আজিকালি মই আৰু মণ্টু কাজিখোৱা পাবলৈ বেছি উদগ্ৰীৱ হৈ থাকো। মই তাইৰ পৰা পইচা ল'বলৈ মানা কৰিলোঁ। কোনো ধৰণৰ কথা বতৰা নাই , এদিন এৰি এদিন তাইক সদায় লগ পাওঁ।
কিবা এটা ভাল লাগি থাকে তাই বাছত উঠাৰ লগে লগে।
এনেদৰে প্ৰায় এমাহ মান পাৰ হ'ল। এদিন নিজেই তাই চিনাকি হ'ল। ডিগ্ৰীত পঢ়ি আছে। ফাইনেল দিব।  নাম ডলী ভূঞা। চিনাকি হোৱাৰে পৰা ডিব্ৰুগড়ৰ পৰা বাছৰ স্পীদ বাঢ়ি যায় আৰু তাই উঠাৰ লগে লগে স্পীদ চল্লিছৰ ওপৰলৈ নাযায়। মনত তিনিচুকীয়া যেন যিমান পাৰোঁ সিমান দেৰিকৈ পাওঁ যেনে ভাৱ এটা আহে।
কিবা মনটোৰ ভিতৰত এখন শীতল যুদ্ধ আৰম্ভ হ'ল। লাহে লাহে তাইৰ কথা ভবাটো মোৰ নিয়ম হৈ পৰিল। এনেকুৱা এজনী ছোৱালীয়েই মায়ে বিচাৰিব বোৱাৰী কৰিবলৈ। মায়ে বিচৰা ছোৱালীজনী মই ডলীৰ মাজতেই দেখিছোঁ। কিবা এটা উপায় কৰি তাইক ক'ব লাগিব। ৰাতিটো বাছ চলাই থাকোঁতেও অকল এইবোৰেই ভাৱি থাকোঁ। কিন্তু তাইক লগ পোৱাৰ লগে লগে মোৰ মুখৰ মাত মুখতে লুকাই পৰে। লাহে লাহে আমাৰ কথা বাঢ়িবলৈ ধৰিলে। মোলৈ এটা চকলেট অনাটো আজিকালি সাধাৰণ কথা হৈ পৰিল। সদায় বাছত উঠিয়েই মোলৈ চকলেট এটা আগবঢ়াই দিয়ে।
আজি আহি আছোঁ। ডিব্ৰুগড় পাৰ হৈ চাবুৱাও পাৰ কৰিলোঁ। ডলী ৰৈ আছে চাগে। আজি কিবা এটা ইংগিত দিবই লাগিব। মণ্টুয়ে মোক বহুত সাহস দিয়ে। যি হলেও হ'ব , এবাৰ অন্তৰৰ কথা জনাই দিয়ক। দূৰৰ পৰা দেখিছোঁ, ডলী ৰৈ আছে। এক্সেলেটৰ এৰি ব্ৰেকত ভৰি থৈ আহি আছোঁ। বাছ ৰোৱাৰ লগে লগে ডলী উঠি আহিল। আজি মোক চকলেট নিদিলে, মুখত এটাও কথা নাই। তাই মুখখন দেখি মোৰ অন্তৰৰ ভাৱ অন্তৰতে জাহ গ'ল। তিনিচুকীয়া পালোহি , মই নামিলোঁ কিন্তু ডলী নানামিল। ওচৰৰ পান দোকান এখনত ৰৈ চিগাৰেট এটা জ্বলাই তাই নমালৈ বাট চালোঁ। নাই তাই নামি নাহিল। বাছ যাবৰ হ'ল। মই আহি আকৌ বাছত উঠিলোঁ।
" নানামিলা যে ?"
" মই ধলালৈ যাম।"
" কলেজৰ ড্ৰেচত ?"
" অ' ....."
বাছ চলিল। ভিতৰত মানুহ বেছি নাই। ময়ো ধলালৈ গুচি আহিলোঁ। ধলাত মানুহবোৰ নমাই গাড়ী পাৰ্কিংত লগাই দিলে। ওচৰৰে হোটেলত চাহ খাবলৈ আহিলোঁ, ডলীকো লগত আনিলোঁ।
" বুজি নাপালোঁ। ইয়ালৈ কিয় আহিলা ?"
" এনেই আহিলোঁ, আপোনালোক কেনেকৈ থাকে চাবলৈ।"
মই আচৰিত হ'লো। এনেকৈ কলেজৰ ড্ৰেচত এজনী ছোৱালী আমাৰ লগত দেখিলে মানুহে কথাটো সহজকৈ কেতিয়াও নলব। চাহ খাই আহি তাই বাছত সোমাই আমাক আহিবলৈ মানা কৰি নিজৰ ড্ৰেচ বদলি কৰি ল'লে। সাধাৰণ কাপোৰত তাইক কিবা পৰীজনীৰ দৰে লাগিছে। মোৰ হেঁপাহ পলোৱা নাই তাইক চাই।
" ৰূপদা , দুটা ছিট মোৰ বাবে বুক কৰি দিয়ক। মই গুৱাহাটীলৈ যাম। "
" ঠিক আছে।"
তাই পইচা দিলে, মই কাউণ্টাৰলৈ গৈ এক দুই নম্বৰ ছিট বুক কৰি টিকেট আনি তাইৰ হাতত দিলোঁ। অলপ পইচা ঘূৰাই দিলোঁ।
" পইচা কম ৰাখিলে যে ?"
" মই নগাঁৱৰ টিকেট বনাই দিলোঁ। একো নহয়, ময়ে থাকিম দেখোন বাছত।"
দিনটো তাই আমাৰ লগতেই থাকিল। আমাৰ লগতে ভাত খালে। অলপ দেৰি ছিটতে শুলে। গধূলি ধলা এৰি আমি ওলাই আহিলোঁ। তাই এক নম্বৰ ছিটত বহি আহিছে। মনত নানান ভাৱনা মোৰ। কাইলৈ গেৰেজলৈ নিলে তাইক, কথাটো বেয়া হ'ব। মালিকৰ কাণত পৰিলে মোক বৰ বেয়াকৈ ভাৱিব। নানান চিন্তাই মনটো গধুৰ কৰি তুলিছে। তিনিচুকীয়াত মানুহ উঠাই আমি বাছ এৰি দিলোঁ। চাবুৱা পাৰ হোৱাৰ পাছত ডলী কেবিনলৈ আহিল।
"ৰূপ দা , এজন উঠিব অলপ আগত। সেই যে পেট্ৰল পাম্পটো আছে , পাৰ হৈ।"
পেট্ৰল পাম্প পাৰ কৰি ৰাস্তাৰ কাষত হাতত  বেগ লৈ এটা ল'ৰা ৰৈ থকা দেখিলোঁ। বাছ ৰখাই দিলোঁ, ল'ৰাটো উঠি আহি ডলীৰ লগত ভিতৰলৈ সোমাই গ'ল। ৰাতি গভীৰ হৈ আহিল লগতে মোৰ মনটোও। মই বুজি পালোঁ, মোৰ মাৰ বোৱাৰী এইজনী আৰু নহ'ব। তাই নিজৰ সংসাৰ নিজে পাতিলে। কিবা যেন বুকুত এক তীব্ৰ হেঁচা পৰিল। মণ্টু আৰু মই দুইটা বাকৰুদ্ধ হৈ পৰিলোঁ।
ডলীৰ লগত দেখা মোৰ সপোন হঠাতে ভাঙি থানবান হৈ পৰিল। ডলী হেৰাই যোৱাৰ দুখে অন্তৰ ভাঙি দিছিল, বেছিকৈ আঘাত পাইছিলোঁ, যেতিয়া গুৱাহাটীত নমাৰ সময়ত
' মোৰ হ'বলগীয়া অমুক '
বুলি চিনাকি কৰি ধন্যবাদ জনাই আঁতৰি গৈছিল।
ডলীৰ দুখ বুকুত লৈ কুইন চলাই আছোঁ। লাহে লাহে মানুহে মোক ড্ৰাইভাৰ হিচাবে চিনি পোৱা হৈছে। কিন্তু এয়াৰ বাছৰ চুটলেজ sf 700 বডীৰ বাছ কেইখন চলাবলৈ এক সপোন দেখি আছোঁ। সেই সময়ৰ গোটেই অসমৰ ভিতৰতে ধুনীয়া বাছ। হিনু নৰমেল ইঞ্জিন। যেতিয়া ফেট ফেট শব্দ কৰি সেই কেইখন কাষেৰে পাৰ হৈ যায়,  মানুহে পলক নমৰাকৈ চাই থাকে। এখন ভাগিনা আনখন ৰাহুলে চলায়। ৰাহুল আৰু ভাগিনাৰ নাম আছে স্পীদ চলোৱাৰ বাবে। সঁচাকৈয়ে যেন বতাহঁতহে উৰিছে। ৰকেটৰ দৰে আগেদি পাৰ হৈ যায়। মই চলোৱা কুইন খনৰ ইঞ্জিন একে হ'লেও বডীত মোৰখন এয়াৰবাছৰ লগত পাত্তা নাপায়।

আগলৈ.......

কেবিনৰ ইপাৰেWhere stories live. Discover now