" এহ......তেনেকুৱা ড্ৰাইভাৰ হাজাৰ হাজাৰ পৰি আছে। খোৰাকী দি নমাই দিয়া।"
মোৰ ইমান বিপদত চাচাই ইমান সহায় কৰিলে। আজিলৈকে এটাও একো বেয়া দেখা নাই। কেতিয়াবা গাড়ী বহিলে আমি অলপ মদ খাও। তাৰ বাহিৰে এটাও বেয়া অভ্যাস দেখা নাই। তেওঁক কথা দিয়াৰ পাছত , কেনেকৈ নামি যাওক বুলি কওঁ ? জানুদাই তেওঁক স্থায়ীকৈ ৰাখিম বুলিও কৈছিল।
আজি জানুদাৰ কথাবোৰ মোৰ ভাল নালাগিল। ভিতৰৰ পৰা খং এটা উঠি আহিল। দাদাই এনেকৈ ক'ব বুলি আশা কৰা নাছিলোঁ। একো নকয় ফোনটো কাটি দিলোঁ। চাচা , জাগুণৰ পৰা আহি পালেহি। তেল ভৰাই কাউণ্টাৰৰ আগত বাছ লগাই দি নামি আহিল।
" ক্লাটছ উঠি আছে। প্লে নাই। কিন পিনৰ আৱাজ ওলাইছে। "
" হ'ব , মই কৰাই দিছোঁ।"
আমাৰ মিস্ত্ৰীক মাতি কাম কেইটা কৰাই দিলোঁ। পুৰণা ড্ৰাইভাৰ লগত থাকিলে এইয়াই সুবিধা, গাড়ীৰ কাম ৰৈ নাথাকে।
" চাচা , কথা এটা হ'ল। "
" কি হ'ল ভাই ?"
" আজি মই নাযাওঁ। আপুনি যাওক। বৰা দা যাব।"
" নাই নাই , মই নামি যাম ডিব্ৰুগড়ত। তুমি যোৱা।"
"চাচা , তেনেকে ক'লে বেয়া লাগে। "
" নাই ৰে.... বৰাৰ মুখখন বহুত বেয়া। এতিয়া আৰু সেইবোৰ শুনাৰ বয়স নাই।"
"মই ক'লো তেওঁক। ভাল ,বৰা দা.....আপুনি একট্ৰিপ মাৰি চাই লওক। বেয়া লাগিলে নামি যাব।"
চাচাই মোৰ কথা মানি ল'লে। গাড়ীৰ পৰা বেগ লৈ মই নামি আহিলোঁ। জন বাছৰ প্ৰতি মোৰ মৰম , মোহ সকলো শেষ হৈ পৰিল।
" ঐ....xxxx মই অহাৰ বাবে নামি দিলি ন'? মই নাযাওঁ, তই যা।"
বৰা দাই মোক ভাল পায় , মই জানোঁ। ময়ো তেওঁক সিমানেই ভাল পাওঁ। কিন্তু আজি মোৰ হাতত আৰু বেলেগ পথ নাই। চাচাক মই নমাই দিব নোৱাৰোঁ।
" কিনো কৈছে। দুইট্ৰিপ মান মাৰক না। অলপ ৰেষ্ট মোকো লাগে। যাওক।"
কৈ ৰৈ নাথকিলোঁ। বেগটো হাতত লৈ ASTC এৰি ওলাই আহিলোঁ। বুকুৰ কোনোবা এক স্থানত এক বেদনা অনুভৱ কৰিলোঁ। নিজে চলাই থকা বাছখন আনক এৰি দিয়াটো কঠিন। আৰু মই জানিছিলোঁ , জনত এয়াই মোৰ শেষ আৰু কেতিয়াও মই জন বাছ নচলাও।
জানুদাই কেইবাবাৰো ফোন কৰিছিল। মই নধৰিলোঁ। বাহিৰলৈ আহি এয়াৰ বাছ কাউন্টৰত বহি দিলোঁহি, এক ভাৰাক্ৰান্ত মন লৈ। ভাগিনা , নামচাইৰ পৰা আহি কাউণ্টাৰৰ আগত বাছ লগাইছেহি। SF-700 চুটলেজ। ৱাহ.....কি বাছ।
" কিৰে হিৰো। আজি নোযোৱা নেকি ?"
ভাগিনা নামি আহি মোলৈ চাই সুধিলে....
" এৰিলোঁ জন। বাছ নচলাও আৰু চাগে। মাথাটো বেয়া হৈ আছে।"
" ব'লা , মোৰ লগত। মই জখলাবন্ধাত নামি যাম । দুইট্ৰিপ মাৰি দিবা।"
" ধেৎ , নাযাওঁ মই।"
" ৰ'বা , নাযাবা। মই হিচাপ দি আহিছোঁ।"
ভাল ড্ৰাইভাৰ বুলি মোৰ নাম মানুহে আজিকালি জনা হৈ পৰিছে। হিচাপ ল'ব পৰা ড্ৰাইভাৰ পালে কোনো মালিকে এৰি দিব নোখোজে। এয়াৰ বাছৰ মালিক মুকুদাই হিচাপ লৈ আছিল, ভিতৰত। ভাগিনাই কিবা ক'লে মোৰ কথা।
দাদাই মোক ভালদৰে জানে। মোৰ দেউতাই দাদাক পঢ়াইছিল। দাদা বাহিৰলৈ ওলাই আহিল।
" আজি নগলি যে ?"
জানু দা , মুকুদাৰ ভাগিনীয়েক। মই জানো।
" এনেই দাদা। জানুদাই দুটা দুটা কথা কয়। নামি দিলোঁ আজি। নচলাও আৰু।"
" হয় নেকি ? এটা কাম কৰ। ডেকা ল'ৰা , কিনো বহি থাকিবি। যা , আমাৰ ভাগিনাৰ লগতে যা। মনটো ভাল লাগিব। কেইট্ৰিপমান এনেকৈ চলি থাক। মই কিবা এটা কৰিম।"
" হ'ব...."
কিয় জানো মুকুদাক মই না ক'ব নোৱাৰিলোঁ। ভাগিনাৰ লগত মই উঠি দিলোঁ।
" চলোৱা......মই শুম আজি।"
মোৰ সপোনৰ বাছখনৰ ড্ৰাইভিং ছিটত মই বহি আছোঁ। এক্সেলেটৰত ভৰি দিয়েই গাটো ৰাই-জাই কৰি গ'ল। কুইনত পোৱা সেই ফেট ফেট শব্দটো আকৌ ওলাইছে ইয়াত। ৱাহ........ জুইৰ দৰে গতি কৰিছে বাছে। সঁচাকৈয়ে জন , নেটৱৰ্ক এইবোৰে ক'ত পাত্তা পাব এইখনৰ লগত। দুইট্ৰিপ চলালোঁ। ভাগিনা ঘূৰি আহিল ,মই নামি দিলোঁ। ভাগিনাৰ লগত পগলা কোঁৱৰ দা।
" ৰূপ, তই তেজু গৈছনে ?"
কাউন্টৰত মুকুদাই সুধিলে।
" নাই যোৱা....."
"যা, তেজু ফুৰি আহ........কেনেকুৱা লাগে "
" কি গাড়ী নিব লাগে ?"
" চিটি ৰাইডাৰখন লৈ যাবি। কাইলৈ ৰাতিপুৱা সাত বজাত। "
" হ'ব।"
মন নাছিল যদিও দাদাক না ক'ব নোৱাৰিলোঁ। লাহেকৈ ঘৰলৈ গুচি আহিলোঁ।
পাছদিনা ৰাতিপুৱাই আহি চিটি ৰাইডাৰখনৰ চাবি লৈ বাছ ষ্টার্ট কৰিলোঁ। মানুহ ভৰ্ত্তি হ'ল , বাছ এৰি দিলোঁ।
সঞ্জয় নামৰ এটা বেংগলী হেণ্ডিমেন আছিল। টুফান গতিত বাছ চলিছে। চলাবলৈ বেয়া নহয় যদিও মোৰ ভাল লগা নাই। ক'ত নাইটচুপাৰ আৰু ক'ত এইখন। পৰশুৰাম কুণ্ড পোৱাৰ আগতে এখন সৰু নেপালী হোটেলত লগাই দিলোঁ। লোকেল কুকুৰাৰ সৈতে আমাক ভাত দিলে। ভাল লাগিল। তিনি মান বজাত তেজু পালোঁ। আজি থাকি কাইলৈ পুৱা ইয়াৰ পৰা যাম। ৰোড ছাইড ভাল পাইছিলোঁ। হেণ্ডিমেনক ক'লো...
" মই বাছত নাথাকোঁ। হোটেল এখন চা।"
" মই হোটেল ঠিক কৰি থৈছোঁ। কাউণ্টাৰৰ মালিকৰ হোটেল আছে। টেনচন নাই।"
গধূলি কাউণ্টাৰৰ মালিকে খবৰ দিলে যে তিনিদিন অসম বন্ধ দিছে। মানে তিনি দিন বাছ নাযায়। মোৰ মূৰটো ঘূৰাই গ'ল। কিয়যে আহিলোঁ এনে লাগিছে।
বৰ কষ্টত তিনিদিন কটালোঁ। খোলাৰ দিনা মানুহ উঠাই সময়ত বাছ এৰি দিলোঁ। একা-বেঁকা পাহাৰীয়া পথ। আহল-বহল ৰাস্তা। কিছুমান পাহাৰৰ টাৰ্ণিং মই দেখি আছোঁ। হৰ্ণ নমৰাকৈ আহি আছোঁ। দুটামান তেনেকুৱা টাৰ্ণিং মই হৰ্ণ নামাৰিলোঁ। বাছত অহা কেইজনমান যাত্ৰী উঠি আহি মোক বাছ ৰখাবলৈ ক'লে। মই ৰখাই দিলোঁ। এতিয়া মোক মাৰিবলৈ লৈছে। সুধিলোঁ, মই কি কৰিলোঁ ?
টাৰ্ণিংত হৰ্ণ নমৰাটো মোৰ দুখ। মই বুজি দিলোঁ যে, আগত মই দেখি আছোঁ, এখনো গাড়ী অহা নাই। নাই নুবুজে, মোক ঠেলা-হেঁচা কৰিবলৈ ল'লে। শেষত ক্ষমা খুজি সকলো টাৰ্ণিংতে হৰ্ণ মাৰিম বুলি কৈ মাৰ খোৱাৰ পৰা বাছিলোঁ। বাছ আকৌ চলালোঁ, সকলো টাৰ্ণিংতে হৰ্ণ মাৰি আহিছোঁ।
কিন্তু মোৰ ভিতৰত একুৰা জুই জ্বলি আছে। অসমীয়াৰ তেজ উটলি আহিছে। লাগিলে আজিৰ পৰা বাছ নচলাও কিন্তু যি কেইটাই মোক হাত লগালে আজি নেৰোঁ। যিমান পাৰোঁ সিমান স্পীদত বাছ এৰি দিছোঁ। অসম সীমা। সোমালো। কাকপথাৰ পাৰ হ'লো। এটাও টাৰ্ণিংত হৰ্ণ মৰা নাই। মোৰ পাছৰ ছিটত সেই দুজন বহি আছিল। সুধিলোঁ , হৰ্ণ মৰা নাই যে নামাৰে নেকি মোক ? তেওঁলোক একেবাৰে মানে মানে আহি আছে। য'ত মন গৈছে তাতেই বাছ ৰখাইছোঁ। পান দোকানত গৈ চিগাৰেট খাইছোঁ। নাই বাছৰ এটা মানুহৰ মুখতো এটাও শব্দ নাই।
তেওঁলোকে বুজিলে আজি তিনিচুকীয়াত কি হ'বলৈ গৈ আছে।
তিনিচুকীয়া পাই গাড়ী ৰখালোঁ। মই ড্ৰাইভাৰৰ দুৱাৰেদি নানামি ভিতৰলৈ সোমাই আহিলোঁ। মোৰ গাত হাত দিয়া মানুহ দুজনক কাউণ্টাৰলৈ মাতি আনিলোঁ। মুকু দা আছিল, ৰাহুল , প্ৰদীপ দা আৰু বহুত মানুহ আছিল। তেওঁলোকক একো কৰিবলৈ নিদিলে। কিন্তু মুকু দাই বহুত বেয়াকৈ দম দিলে। মোৰ ভাল লাগিল।
মেনেজাৰ প্ৰদীপ দালৈ গাড়ীৰ চাবিতো দলিয়াই দি ক'লো
" লাগিলে গাড়ী নচলাও , কিন্তু এনেকুৱা লাইনত মই নাযাওঁ।"
কালৈও নাচাই ঘৰলৈ গুচি আহিলোঁ। এনেকুৱা কিছুমান কথাই অন্তৰ ভাঙি দিয়ে। মানুহে এনেকুৱা কৰে যেন আমি ড্ৰাইভাৰবোৰ এটা এটা যন্ত্ৰ। আমাৰ দুখ নাই, আমাৰ অন্তৰ নাই....আমি মানুহ নহয়। প্ৰতিটো মুহূৰ্তত বিচাৰি ফুৰে আমাৰ দুখ। আমি মানুহ , আমাৰো ভুল হয়। গাড়ীখন এটা মেচিন। এটা মেচিন চলাই থাকিলে বহু অভিজ্ঞ ড্ৰাইভাৰ হ'লেও কেতিয়াবা ভুল হৈ যাব পাৰে। মানুহে ভুল নকৰা হ'লে সকলোৱে দেখোন পৰীক্ষাত এশৰ ভিতৰত এশ পালে হেতেন।
ড্ৰাইভাৰক সন্মান কৰিলে যাত্ৰাটো সুখৰ হয় , মৰম কৰিলে বিপদমুক্ত হয়।আগলৈ......
YOU ARE READING
কেবিনৰ ইপাৰে
Phiêu lưuনাইচুপাৰৰ কেবিনত ঘটি থকা কিছুমান কাহিনী। এজন ড্ৰাইভাৰৰ জীৱনী।