1 capítulo Em andamento মই আজি বীজৰ পুলি,
পাত মেলিব পৰা নাই-
কিন্তু মোৰ ভিতৰত অৰণ্য
হোৱাৰ স্বপ্ন এতিয়াও জীয়াই।
জানো, যি প্রয়োজন মোৰ,
সেয়া কোনো অলৌকিক দান নহয়-
মাথোঁ সঠিক মাটি,
অলপ বতাহ, দু-এটুপি বৰষুণ,
আৰু আশাৰে এডাল ৰশ্মি।
ক'ত আছে সেই ঠাই,
য'ত মই নিঃ শব্দে নিজকে মেলিব পাৰিম-
শিপা মেলি, সময়ক সাক্ষী কৰি,
এদিন গছ হৈ উঠিম।