8 Partes Continúa শুভ বিবাহ ! এই কাহিনী বৰ খেলি-মেলি। দেউতাক ৰাঘৱে বিনা অনুমতিত ৰুহীক অৰ্ণৱ সিঙৰ সৈতে বিয়া ঠিক কৰাৰ দুখটো এফালে আৰু তাইৰ ৫ বছৰীয়া প্ৰেমৰ সম্পৰ্কটো ভাঙি যোৱাৰ দুখটো এফালে। দুয়োফালৰ পৰা পোৱা দুখে তাইৰ উশাহটো বন্ধ কৰিবলৈ চেষ্টা কৰিছে। তথাপি তাই সাজু এজন অচিনাকী পুৰুষৰ সংগীনী হ'বলৈ। অৰ্ণৱ সিং এজন ভাৰতীয় সৈনিক। কিন্তু ৰুহীৰ বাবে সি অচিনাকিয়ে হয়। একমাত্ৰ দেউতাকৰ সন্মানৰ কথা ভাৱিহে তাই এই বিয়াখনত বহিছে। দেউতাকেহে তাইৰ ত্যাগৰ কথা কোনোদিনে নুবুজিলে। পিছে কি হ'ব আগলৈ? অৰ্ণৱ আৰু ৰুহীৰ বৈবাহিক সম্পৰ্কটো মজবুত হ'ব নে ভাঙি যাব এই শুভ বিবাহ?