মন গৈছে..
মন গৈছে আকৌ সেই সোণহেৰীয়া
চুলিতাৰিক চাই স্বপ্নবিভোৰ হৈ পৰিব!
মন গৈছে আকৌ শৃংখলতাৰ মাজত ৰৈ
বিশৃংখলতাৰ আৱৰণ আৱৰি ল'ব...!
তুমিটো আছাই মোক
তোমাৰ প্ৰেমৰ পাঠশালিত
প্ৰেমাস্পদৰ লিপি আউৰুৱাবলৈ,
তোমাৰ দৈহিক অৱয়বৰ
প্ৰতিটো ভাঁজৰ ছবি অঁকাবলৈ...
মইহে যাব পৰা নাই তোমাৰ কাষলৈ,
প্ৰতি মুহূৰ্ততে আছোঁ
কেৱল তুমি বিহীনতাৰ
তাড়নাক সহি সহি,
গৰা খহনীয়াৰ মাটিৰ সদৃশ
তোমাৰেই বেদনাত জহি খহি!
YOU ARE READING
মন গৈছে❤️
Poetryকিছুদিন আগতে মই লিখা এটি কবিতা! কবিতাৰ বিষয়ে মই ইমান নাজানো,মোৰ সাধ্য অনুযায়ী যিমান পাৰি ভালকৈ লিখিব চেষ্টা কৰিছোঁ কিবা ভুল থাকিলে ক্ষমা কৰিব🙏