এয়া কি! লাহে লাহে মােৰ এনে ভাব হৈছে যেন মই
মৃতপ্রায় হৈ পৰিছো। কিন্তু মােৰ দুখ লগা নাই কিয়? মই আকৌ সেই সেউজীয়া পথাৰবােৰত বহিবলৈ নাপাম, বৰফৰ পুতলা সাজিবলৈ নাপাম, নৈত বৰশী বাবলৈ নাপাম? অৱশ্যে মই সেইবােৰ কিছু বছৰৰ আগৰ পৰা কমাই দিছিলোঁ৷ ভাবিছিলোঁ শিক্ষকতা কৰিম আৰু সেই ধনেৰে এখন সুন্দৰ ফার্মহাউছ আৰম্ভ কৰিম। কিন্তু জীৱনত দেখােন সময়েই নাপালোঁ। পিছে ৪৭
বছৰীয়া জীৱনত আৰু কি আশা কৰিম? গৱেষণাগাৰৰ নিগনিবােৰৰ গােন্ধৰ বাদে জীৱনত আৰু কিবা সােৱাদ ল’ব পাৰিলোঁ জানাে ? অৱশেষত হাস্পিটেলৰ বিছনাতহে পৰিলোঁহি৷
চকুৰ আগতে পত্নী এলিজাবেথকো হেৰুৱালোঁ।
দৈনিক শ শ মানুহৰ মৃত্যু দেখিছো। এনে লাগিছে যেন মৃত্যুপুৰীত বৰ ভিৰ লাগিব মােৰ শৰীৰ
ইতিমধ্যেই নিথৰ হৈ পৰিছে৷ জীৱনৰ শেষ অংশত উপস্থিত হৈছেহি কেম্ব্রিজত নিজৰ ঘৰতাে মৰিবলৈ নাপালোঁ৷ কিবা উপায়েৰে এই দুর্যোগৰ পৰা জাতিটোক বচাবলৈ দিনে-নিশাই গৱেষণাগাৰত সােমাই পৰিছিলোঁ। এটা অচিন ৰােগে মানৱ
জাতিটোক এফালৰ পৰা মাৰি নিছে৷ কিন্তু শেষত নিজে তাৰ চিকাৰ হ'লোঁ৷ জীৱনৰ শেষৰ সময়খিনি এলিজাবেথৰ লগত নিজৰ ঘৰখনতাে কটাব নােৱাৰিলোঁ। মই যদি বাচি যাওঁ তেতিয়া
বাৰু মই কি কৰিম? আকৌ শিক্ষকতা কৰিম? নে স্কটলেণ্ডৰ ফালে এখন ফার্ম খুলি জীৱনটো পাৰ কৰি দিম? কিন্তু তেতিয়ালৈকে বাৰু এই জাতিটো জীয়াই থাকিবনে? নে এই জগতখনে পুনৰ প্ৰাকৃতিক ৰূপ ল'ব? য'ত মানুহ নাথাকিব, য'ত
নাথাকিব মানুহে সৃষ্টি কৰা বেমাৰ, নাথাকিব চিকাৰ, নেশ্যনেল পার্ক। কিন্তু ই জানাে সম্ভৱ!
আমি ইমান সােনকালে পৰাস্ত হ'ম য়ে? নে এই প্রশ্ন এজন আধা মৰা মানুহে কৰা প্রশ্নই হৈ ৰ'ব? মই এতিয়া এই প্রশ্ন কৰা উচিত নহ’বা আৰু কিছু সময়ৰ পাছতেই আনুবিছৰ লগত মােৰ
মিলন হ’বা যিয়ে মােক অচাইৰিচৰ বিচাৰসভালৈ বাট দেখুৱাই দিবা নে মই হেদিছৰ মৃত্যুপুৰী পাম? যদি মই হেলাৰ সৈতেঅদিনৰ ভালহালা পাওঁ? বা মই চিত্রগুপ্তকো লগ পাব পাৰোঁ। কিন্তু যদি এই কিম্বদন্তিবােৰ সঁচা নহয়? মই কি চিৰকালৰ বাবে
অন্ধকাৰৰ মাজতেই সােমাই পৰিম নেকি? বা এখন শূন্য মৰুভূমি, যাৰ নাই একো অস্তিত্ব, কেৱল শুন্যতা। মােৰ চকুৰ পতা লাহে লাহে মুদ খাই আহিব ধৰিছে৷ মই মানুহৰ চিঞৰ, কান্দোন,
যন্ত্রণা একো নুশুনা হৈ পৰিছো৷ মনলৈ ভাবাে নহা হৈ পৰিছে৷ মই বাৰু এটা ভিডিঅ’ গেমৰ দৰে এবাৰ মৰাৰ পাছত আকৌ জী উঠিম নেকি? নতন শৰীৰ, নতুন ভাষা, নতুন ধর্ম, নতুন ভাষা, নতুন ধর্ম, নতুন নাগৰিকত্ব? কিম্বদন্তিবােৰৰ কথা ভাবিলে হাঁহিও উঠে। মৃত মানুহৰ ভৱিষ্যতৰ কথা হিচাপ কৰে জীৱিত মানুহে, যি কেতিয়াও মৃত্যুৰ মাজেদি গৈ পােৱা নাই। হাস্পিটেলৰ বগা দেৱালবােৰ ক্ৰমাৎ ক'লা হ'বলৈ আৰম্ভ কৰিছে। দৃষ্টি মােৰ ধোঁৱা ধোঁৱা হ'বলৈ ধৰিছে। মই খুব
ভয় খাইছোঁ, মই অকলে এখন বিছনাত মৰিব নােৱাৰোঁ। মােক মােৰ জীৱন ঘূৰাই লাগে। মই আকৌ জীয়াই থাকিব খােজোঁ। মই আকৌ মােৰ ঘৰলৈ ঘূৰি যাব খােজোঁ। কিন্তু ই জানাে সম্ভৱ? মই দেখােন এই বিছনাখনতে আৱদ্ধ হৈ পৰিছোঁ
দেখােন। অনবৰতে যন্ত্রণাৰ চীৎকাৰ আৰু কান্দোনেৰে পৰিপূৰ্ণ এই হস্পিটেলখন কিয় ইমান নিস্তব্ধ হৈ পৰিছে? ধধকীয়া বগা দেৱালবােৰ কিয় ক'লা হৈ পৰিছে? মই কিয় ভয় খাইছোঁ? আস্! এয়া কি! মই আন্ধাৰ দেখিছোঁ কিয়! মই মােৰ
শৰীৰটোক অনুভৱ কৰিব পৰা নাই। নে মই এতিয়া মৃত? মই এতিয়া মােহনীয় পৃথিৱী এৰিলোঁ। য’লৈ মই আৰু কেতিয়াও ঘূৰি যাব নােৱাৰিম? এতিয়া মই আছোঁ এখন শূন্য, কোনাে অস্তিত্ব নাইকিয়া ঠাইত, য'ৰ পৰা পৰিত্ৰাণৰ কোনাে উপায় নাই।
এতিয়া চাগৈ ডাক্তৰবােৰে মােৰ শৰীৰটোক মৃত বুলি ঘােষণা কৰিছে, লগে লগে মােৰ বিছনাত অন্য এজন ৰােগীক শুবলৈ দিছে, যি বাচিবও পাৰে, মােৰ নিচিনাকৈ মৰিবও পাৰে। এই আন্ধাৰৰ মাজতে হঠাৎ এটা পােহৰৰ কিৰণে দেখা
দিলে। অতি উজ্জ্বল পােহৰ। যি এসময়ত মােক চাৰিওফালৰ পৰা গিলি পেলালে। এতিয়া মই ক'ত পালােহি? এখন ৰঙা আকাশ, ৰঙা বালি আৰু কেৱল শূন্যতা। এয়াই সম্ভৱতঃ মৃত্যুপুৰী। হেডিছ। য'ৰপৰা আৰু একো নাই। মই এতিয়া নিজৰ
শৰীৰত আছোঁ নিজৰ পােছাক পৰিধান কৰি। কিন্তু মাটিত মােৰখােজৰ চিন বহা নাই আৰু মই নিজৰ শৰীৰক অনুভৱ কৰিব পৰা নাই। তেতিয়া এটা অশৰীৰী, অদ্ভুত আকৃতি এটা মােৰ সন্মুখত উপস্থিত হৈছেহি। সি মােক তাৰ পিছে পিছে যাবলৈ ইঙ্গিত দিছে আৰু ময়াে যাবলৈ আৰম্ভ কৰিছে। মাজে মাজে সি মােৰ ফালে ঘূৰি চায়, আকৌ আগ বাঢ়ি যায়। মই তাৰ পিছে
পিছে খােজ ল'লোঁ। এজাক বতাহ বলিবলৈ আৰম্ভ কৰিছে। কিন্তু মই সেই বতাহ অনুভৱ কৰিব পৰা নাই। বালিবােৰ উৰিব ধৰিছে, মই অলপ দৌৰি সেই আকৃতিটোৰ ওচৰ চাপিলোঁ। সি মােৰ ফালে
চোৱা নাই। মাত্র এটা নির্দিষ্ট পথত গৈহে আছে। এবাৰ সন্মুখলৈ চালোঁ, দেখোঁ এটা প্রকাণ্ড পাহাৰ, যাৰ শিখৰত ধুমুহা, বিজুলী-গাজনি মাৰি আছে। সেয়াই চাগৈ নৰক আৰু স্বৰ্গৰ বাট। মই অলপ হতভম্ব হ'লোঁ। তাৰ পাছত সেই অশৰীৰীক
সুধিবলৈ চেষ্টা কৰিলোঁ— “এই কি ঠাই?” লগে লগে সেই অশৰীৰীয়ে মানুহৰ আকৃতি ল'লে। কিন্তু তাক সম্পূর্ণকৈ নেদেখি আৰু গাৰ ৰঙো উজ্জ্বল বগা। সি ক'বলৈ ধৰিলে— “যি নাম
দিয়াঁ এই ঠায়ে সেই নামকে ল’ব। ইয়াৰ নির্দিষ্ট নাম নাই। বিভিন্ন জীৱই ইয়াক বিভিন্ন নাম দিয়ে।”
তাৰ কথাৰ অর্থ মই বুজিলোঁ। আৰু জীৱ মানে যে
অকল মানুহকে যে বুজোৱা নাই সেয়াও বুজিলোঁ। অলপ সময় মনে মনে খােজ ল'লোঁ। তাৰ পাছত তাক আকৌ সুধিলোঁ— “তুমিনাে কোন?” সি প্রায় একেখিনি কথাকে ক'লে। মই নিঃসন্দেহ হ'লোঁ যে এয়াই এলিযিয়াম, ভালহালা বা যমলােক। মই নিজকে বাৰে বাৰে চিকুটি চালোঁ, কেনেবাকৈ যদি এয়া এটা সপােন? কিন্তু মই সাৰ নাপালোঁ। মই ভয় খালোঁ, অলপ সময় সেই পাহাৰৰ ওপৰৰ ধুমুহাজাকলৈ চালোঁ। তেনেতে আকৌ এজাক বতাহ মাৰিলে আৰু গােটেই ঠাইখন ধূলিময় হৈ
উঠিল। মই সেই অশৰীৰীক আকৌ এটা প্রশ্ন কৰিলোঁ— “সেই পাহাৰৰ ওপৰত কি আছে বাৰু?” সি প্রশ্নটোৰ উত্তৰ নিদিলে। অলপ সময় তলমূৰ কৰিলে আৰু আকৌ খােজ ল'লে। তেতিয়া মই সেই প্রশ্ন আকৌ কৰিলোঁ। কিন্তু সি এইবাৰাে উত্তৰ নিদিলে। মই প্ৰশ্নৰ উত্তৰ জানিবলৈ আৰু চেষ্টা নকৰিলোঁ। অলপ দূৰ আগুৱাই গৈ
দেখিলোঁ এখন নদী। এখন বেঙুনীয়া ৰঙৰ নদী, যাৰ পানী বৈযােৱা নাই। মােৰ খােজ অলপ ধীৰ হ’লকিন্তু সেই অশৰীৰী পূর্ণগতিত আগুৱাই গৈ থাকিল। নদীখনৰ একেবাৰে কাষ পােৱাৰ পাছত সি ৰ'ল। এবাৰ মােৰ ফালে চালে, তাৰ পাছত
সি পাহাৰটোলৈ আঙুলিয়াই ক'লে— “সেয়া মৃত্যু।” আৰু লগে লগে সি নদীখনত জাঁপ দিলে। এইবাৰ মই সঁচাকৈ ভয় খালোঁ, মই নিজকে আৰু ৰখাব নােৱাৰিলোঁ। এই অনন্ত মৰুভূমি পাৰ
হােৱাৰ আশাত মই শূন্যলৈ লৰ মাৰিলোঁ। কিন্তু এসময়ত মই এঠাইত এখন অদৃশ্য দেৱালত খুন্দা খাই ৰৈ গ'লোঁ। সেইখনকো সঠিকভাৱে এখন দেৱাল বুলিব নােৱাৰি। সি এক ধৰণৰ শক্তি,
যি মােক আগলৈ যােৱাৰ পৰা বাধা দিছে। মই সেই শক্তিক নেওচি যাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু শৰীৰৰ যি অংশ সেই দেৱালৰ বাহিৰ ওলায়, সেই অংশ লগে লগে জ্বলি ছাই হৈ যায়। গতিকে সেই অশৰীৰীৰ ওচৰলৈ ঘূৰি যােৱাৰ বাহিৰে মােৰ
আৰু একো উপায় নাই। পিছলৈ মূৰ কৰি দেখোঁ, সি দূৰৈৰ পৰা মােলৈ ট টকৈ চাই আছে, যেন সি মােক ঘূৰি আহিবলৈ নির্দেশহে দিছে। মই আৰু পলম নকৰি আকৌ উভতি যাবলৈ
ধৰিলোঁ। পলম? এই ঠাইত জানাে সময় আছে? এই ঠাইত সময় এটা অৱয়ব থকা বস্তুৰ দৰে। সময় এই ঠাইৰ ৰঙা বালি, যি মই ভৰিৰে গচকি আগবাঢ়িছোঁ, যত মােৰ খােজৰ চিন বহা নাই, যাক এজাক বতাহে সহজতে উৰুৱাই লৈ যায়।
সেই অশৰীৰীৰ ওচৰ পালােগৈ। সি একো নােকোৱাকৈয়ে খােজ ল'লে, ময়াে খােজ ল'লোঁ। প্ৰতিটো খােজে সেই পাহাৰখনক ওচৰ চপাই আহিছে। মানে মৃত্যু ওচৰ চাপি
আহিছে। এই জনপ্রাণীহীন ৰঙা বালিৰ মৰুভূমিত খােজকাঢ়ি গৈ থাকোঁতেই সেই শৰীৰক আকৌ এঠাইত পাহাৰটোলৈ আঙুলিয়াই প্রশ্ন কৰিলোঁ— “তাত আমাৰ ভাল কাম আৰু বেয়া কামবােৰ জোখা হয় নেকি? এইবাৰাে সি উত্তৰ নিদিলে।
অলপ সময়ৰ পাছত সি মােক ক'লে, “তুমি জীৱিত অৱস্থাত কি কৰিছিলা?” মই ক'লোঁ– “শিক্ষকতা।” তেতিয়া সি ক'লে— “মানুহ পঢ়োৱা?” মই ক'লাে— “নিঃসন্দেহে।” তেতিয়া সি ক'লে— “তুমি নিজৰ পত্নীৰ বেমাৰৰ সময়ত তেওঁৰ লগত থাকিব নােৱাৰিলা?” মই একো উত্তৰ নিদিলোঁ। তলমূৰ কৰিলোঁ।এলিজায়াে চাগৈ এই অশৰীৰীৰ সৈতে ভয়ে ভয়ে সেই পাহাৰলৈ খােজ লৈছিল। য'ত চাগৈ তাইৰ বাবে ৰৈ আছিল মৃত্যু। তাই যদি এই পথেৰেই আগবাঢ়িছে, তেতিয়াহ'লে মইনাে যাব কিয় নােৱাৰিম? সাহসেৰে এই পথেৰে ময়াে আগ বাঢ়িম। অলপ দূৰ গৈ দেখোঁ। এটা মন্দিৰৰ দৰে বস্তু। দেখাত ভাৰতীয় যেন লাগে। য'ত একুৰা জুই জ্বলি আছে। জুইকুৰা ক্ৰমাৎ ডাঙৰ হৈ হৈ এসময়ত ধকৈ শব্দ কৰি নুমাই যায়। কি? ইয়াৰ অর্থ কি? এই ঠাইবােৰাে ক্ৰমাৎ অদ্ভুত হৈ আহিবলৈ ধৰিছে। মােক এতিয়া কিছুমান আচৰিত ধৰণে ঘিণ লগা জীৱই আগুৰি ধৰিছে। মােক আগ বাঢ়িবলৈ বাধা দিছে। মই অলপ দূৰ দৌৰি আগুৱাই গ'লোঁ। পিছলৈ মূ কৰি দেখোঁ সেই
জীৱকেইটাই মােলৈকে চাই আছে। সিহঁতৰ ডাঙৰ ডাঙৰ চকুকেইটা দেখি মই অলপ ভয় খালোঁ। আৰু দুখােজমান আগবাঢ়ি গ'লোঁ। সেই ৰহস্যময় ঠাইবােৰ পাৰ হৈ এসময়ত পাহাৰৰ দাঁতি পালোঁহি। কিন্তু দূৰৈৰ পৰা দেখাতকৈ এই পাহাৰ নিচেই সৰু। কেৱল সাতচল্লিছটা চিৰিয়ে এই পাহাৰটোৰ শিখৰ
পােৱায়গৈ। মূৰৰ ওপৰত ধুমুহাজাক লৈ চিৰিকেইটাত প্রথম খােজ দিওঁতেই দেখোঁ যে সেই অশৰীৰী মােৰ লগত আগ বঢ়া নাই। সি চিৰিকেইটাৰ সন্মুখত থৰ লাগি ৰৈ আছে। অলপ
সময়ৰ পাছত যি নােহােৱা হৈ গ'ল। এতিয়া মই বুজিলোঁ যে বাকী বাটছােৱা মই অকলশৰেই যাব লাগিব। খােজ ল'বলৈ আৰম্ভ কৰিলোঁ। প্ৰথমছােৱাৰ চিৰিবােৰ সুন্দৰ। কিন্তু লাহে লাহে
সেই চিৰিবােৰ পিছল হ'বলৈ ধৰিলে। শিখৰৰ ধুমুহাজাক ডাঙৰ হ'বলৈ ধৰিছে। মই ভয় খাবলৈ ধৰিছোঁ, মৃত্যুক মূৰৰ আগত লৈ খােজ দিছোঁ। এতিয়া শেষৰ কেইখােজমান বাকী। মই ইতিমধ্যে
ধুমুহাজাকত সােমাই পৰিছোঁ। মই ক্ৰমাৎ পিছল খাব ধৰিছোঁ। অৱশেষত মই সাতচল্লিছ নম্বৰৰ চিৰিটোত পিছল খালোঁ। ওপৰলৈ যােৱাৰ আশা ধূলিস্যাৎ কৰি মই পাহাৰৰ তললৈ প্রচণ্ড বেগত সৰি পৰিব ধৰিছোঁ। এয়াই মৃত্যু নেকি! পাহাৰৰ দাঁতিৰ পৰা মই মানে আকৌ এটা নতুন জীৱন আৰম্ভ কৰিব পাৰিম? মােৰ শৰীৰত প্রচণ্ড বিষ আৰম্ভ হােৱাৰ উপক্রম কৰিছে। কিছুমান বিকট শব্দই মােক আগুৰি ধৰিছে। এই বিষ আৰু শব্দ ক্রমাৎ বাঢ়িবলৈ ধৰিছে। আৰু শব্দ? এয়াচোন মােৰ এলার্ম। মই ক'ত আছোঁ? এয়া কি সপােন আছিল নেকি? আৰুএলিজা, মােৰ এলিজাবেথ? তেওঁ মােৰ চকুৰ সন্মুখতে থিয় হৈ আছে। তেওঁ খঙেৰে ক'লে— “ইমান বেয়াকৈ শুইছা কিয়?
পিঠিৰ বিষ হ'ব।” তেতিয়া মই ক'লাে— “তুমি কি বুজিবা এলিজা!” বাহিৰত ছাইৰেনৰ শব্দ শুনিলোঁ। আৰু এজন ক’ভিড ৰােগী হাস্পটেললৈ নি আছে এম্বুলেঞ্চখনে। কেতিয়াকৈ যে এই বেমাৰটো ভাল হ'ব!