বিয়াঘৰৰ ৰভাতলীত হেজাৰজন মানুহৰ মাজত মোৰ দৃষ্টি নিৱদ্ধ হৈ ৰৈছিল আপোনাৰ ওপৰত,
আপুনিও চোৱা নোচোৱাৰ চলেৰে
চাইছিল বাৰে বাৰে মোলৈ,
মাজে মাজে আপোনাৰ চকুত
মোৰ চকু পৰিছিল,
বুকুৰ গভীৰলৈ এক অজান শিহৰণ
জাগি উঠিছিল,
তাতে আকৌ ৰভাতলীত
ৰোমান্টিক গান বাজি আছিল।
চিনেমাৰ দৰে মোৰো ভাৱনাত
উটি-ভাহি যাব মন গৈছিল।
আপোনাৰ দুচকুৱে মোক যেন
বহু কথাই ক'ব বিচাৰিছিল,
মোৰো পঢ়িবলৈ হেঁপাহ আছিল
আপোনাৰ দুচকুৰ অপ্ৰকাশিত শব্দবোৰ।
পিছে সময় হৈছিল
মই বিয়াঘৰৰপৰা উভতি অহাৰ,
আপুনি চাগে ভবা নাছিল
ইমান চমু হ'ব আমাৰ সেই মিঠা সাক্ষাৎ ।
কেতিয়াবা আহিব এজাক আবতৰীয়া বৰষুণ হৈ
মোৰ হৃদয়ৰ বেদনাবোৰ ধুই নিবলৈ,
বুজিব কিমান কাতৰ হৈ
যন্ত্রনাত দগ্ধ হৈ পৰিছে হিয়াখনি ।
আপুনি আহিলে আমি
বিষাদৰ গানবোৰ পাহৰি
সুখৰ মিঠা সুৰত মতলীয়া হ'ম,
আপোনাৰ স'তে ফুৰিবলৈ যাম ক'ৰবাত,
আপুনি ভালপোৱা ৰঙৰ শাড়ীখন
পিন্ধি ল'ম মই,
আপুনিও চাগে মই ভালপোৱা
ৰঙা ৰঙৰ চাৰ্ট এটি পৰিধান কৰিব,
ক'ৰবাত বহি চাহ আৰু পেটিচৰ
সংযোজনৰ সৈতে আমেজ ল'ম
আমাৰ সুমধুৰ পলৰ।
আপুনি আহিলে বসন্তৰ প্ৰথমজাক বৰষুণত
তিতিম আমি একেলগে,
আমাৰ মন আকাশত উৰিম একেলগে।
আপুনি আহিলে আপোনাৰ ওচৰত
বন্ধকত থোৱা মোৰ হৃদয়খনো লৈ আহিব।
আপুনি আহিব, আপোনালৈ ৰ'ম মই...
আপুনি আহিলে মই সম্পূৰ্ণ হ'ম ।