প্ৰতিটো উশাহ মই আপোনাৰ নামত লওঁ,
মোৰ প্ৰতিটো চিন্তাৰ আগত আপুনি থাকে,
বাৰে বাৰে আপোনাৰ ফটোখন বুকুত সাৱতি লওঁ,
তাৰপিছতো কওঁ মই আপোনাক ভাল নাপাওঁ!
আপোনাৰ এটি মিঠা হাঁহিত মই পাহৰি যাওঁ
মোৰ জীৱনৰ সমস্ত কষ্ট,
এনে লাগে এই সময় ৰৈ যাওক ইয়াতে,
ৰৈ যাওক আপুনি মোৰ মাজতে,
আপোনাৰ হাঁহিত জিলিকি উঠা
চকুহালৰ গভীৰতাত মই ডুবি যাওঁ প্ৰতিবাৰে,
তথাপিও কওঁ মই আপোনাক ভাল নাপাওঁ!
আপোনাক এবাৰ দেখা পোৱাৰ আশাত
ৰৈ থাকোঁ আপুনি অহাৰ বাটত,
আৰু মই কওঁ আপোনাৰ বাবে
মই অপেক্ষা নকৰোঁ,
আপোনাক হেৰুওৱাৰ ভয়ত উচুপি উচুপি
উজাগৰে ৰওঁ ওৰে নিশা,
বুকুখন যে ইমান ধপ্ ধপাই
মই তাক শান্ত কৰিব নোৱাৰি
চট্ ফটাই ফুৰোঁ বিচনাখনত,
ইমানে বিচাৰোঁ যে আপোনাক
ইয়াৰ পিছত আৰু আন কাৰোবাক বিচৰাৰ
যোগ্যতা হৃদয়ে হেৰুৱাই পেলালে,
তথাপিও মই কৈ থাকিলোঁ
মই আপোনাক ভাল নাপাওঁ,
হয়, মই কেতিয়াও আপোনাক ভাল নাপাওঁ।✍️হিমাদ্ৰী কলিতা
[বিঃদ্রঃ - যেতিয়া মনৰ মানুহজন আপোনাৰ হ'ব নোৱাৰে বুলি জানে, তেতিয়াই সৃষ্টি হয় এনে কবিতাৰ]