মৰিবলৈ হেজাৰটা কাৰণ আছিল মোৰ ওচৰত,
জীয়াই থকাৰ এটি মাত্র অজুহাত দেখুৱাই
মৃত্যুক কৰিলো পৰাজয়,
এখনি হৃদয় যন্ত্রণাত কিমান বেছি
কাতৰ হ'লে বাৰু
ভয় নকৰা হয় আৰু যন্ত্রণালৈ,
দুখবোৰ কিমান স্থায়ী হ'লে বাৰু
সুখৰ ঠিকনা বিচাৰি হাঁহাকাৰ নকৰে জীৱনে,
উশাহবোৰ কিমান চুটি হ'লে বাৰু
মৃত্যুক আকোঁৱালি লয় এটি প্ৰাণে..?
মৃত্যু যে চিৰসত্য,
তথাপিওচোন জীৱন জিন্দাবাদ !