0 0 0
                                    

ফাগুনৰ পৰশত
গছবোৰ বৃদ্ধ হয়
লাহে লাহে যেন সৌন্দৰ্য্য হ্ৰাস পাই
আৰু ক্ৰমান্বয়ে
সৰি পৰে শুকান পাতবোৰ

বসন্ত অহাৰ লগে লগে
সেই বৃদ্ধ গছবোৰ
আকৌ যৌৱন প্ৰাপ্ত হয়
সেউজীয়া কাপোৰ সাজেৰে সৈতে
ন গাভৰুজনী হৈ পৰে।।

নানাৰঙী ফুলবোৰ এপাহ দুপাহকৈ
জিলিকি উঠে
তিৰোতাৰ হাতৰ আঙুঠিৰ দৰে,
কামাৰ্ত ভোমোৰা বোৰ
চাৰিওকাষে উৰি থাকে
আৰু উৰি থাকে
ফুটুকী পখিলাবোৰ....

You've reached the end of published parts.

⏰ Last updated: Jan 26 ⏰

Add this story to your Library to get notified about new parts!

বিষাক্তWhere stories live. Discover now