মিছ্ গীতাঞ্জলী
----------------------
লিখক :- ছাদ্দাম হোচাইন
----------'------------------তুমিয়েই নহয় জানো
নগাওঁৰে জীয়ৰী
সেইজনী , তুমি মিছ গীতাঞ্জলী
সেইজনী , তুমি মিছ গীতাঞ্জলী ৷মোৰ সপোনবোৰক কৰে আমনি
তোমাৰ চকুৰ চাৱনিয়ে
তোমাৰ ভাৱনাই হৰণ কৰেহি মোৰ সপোনৰ পৃথিৱী ৷অ' অ' গীতাঞ্জলী , গীতাঞ্জলী
তুমি প্রেমৰ ৰাগিনী ,তুমি প্রেমৰ ৰাগিনী ৷
সচাঁ কথা ক'বলৈ গ'লে -
তুমি প্রেমৰ নদী , মোৰ জীৱনৰ লগৰী
আৰু মোৰ কবিতাৰ দুচকুত স্পষ্ট হয় তোমাৰ ৰূপৰ কৰণি ৷জ্বলি থকা তৰাবোৰে কয় -
আন্ধাৰৰ জোনাক তুমি
ফাগুণৰে ফাগুণী
ব'হাগৰো ব'হাগী ৷অ' অ' গীতাঞ্জলী , গীতাঞ্জলী
তুমি প্রেমৰ ৰাগিনী ৷
তুমি নগাওঁৰ জীয়ৰী ৷
তোমাৰ দেহত ফুটি উঠিছে
নকৈ যৌৱনা ধৰণীতোমাৰ মায়াবী চাৱনিলৈ
ঘনায় নাচাবা মোলৈ ৷অ' অ' গীতাঞ্জলী , গীতাঞ্জলী
তুমি প্রেমৰ ৰাগিনী ৷
তুমি প্রেমৰ ৰাগিনী ৷
তুমি কোনোবা পাহাৰীয়া,
চঞ্চলা ধুনীয়া পাহাৰীয়া জুৰি ৷নিৰৱে বৈ যোৱা চেচাঁ , পানীৰ কিৰিলি
তুমি গীতাঞ্জলী ৷অ' অ' গীতাঞ্জলী , গীতাঞ্জলী ৷
তুমি প্রেমৰ ৰাগিনী ৷
তুমি প্রেমৰ ৰাগিনী ৷
নীলিম আকাশেও কয় -
কোনোবা ৰূপোৱালী
উপবনৰে তুমি
দেও দিয়া ময়ূৰী ৷ফাগুণৰে পচোৱা , হিয়া মন উতলা কৰা তুমি কোমল বতাহি ৷
তোমাৰ নিলাজ , চকুৰ কাহিনী
আবেগৰে হেপাহখিনি সাৱটি
দূৰ অসীমতে হেৰাই যাব মন
কেতিয়াবা ইয়াকেই কৰি অনুসৰণ ৷