বৃহত্ত অট্টালিকাৰ সমুখত
জঠৰ হৈ থিয়দঙা দিয়া
সেউজীয়া ডাষ্টবিনটোয়েও
মচে বহু জনৰ পেটৰ পীড়া...
দুখ লাগে কণকণ হাতবোৰলৈ,
ভৱিষ্যতৰ কলম খামুচি ধৰাৰ পৰত
ধৰিছে ভেকুৰে ধৰা ব্ৰেডৰ টুকুৰা
চোবাইছে গুৰি দাঁতত পেলাই
দেই যোৱা শুকান ৰুটিৰ চেকুৰা।
টানি টানি বিচাৰিছে
ডাঠ কাগজৰ বাকচ...
কি কৰিব সিহঁতে..?
ট্ৰেফিকৰ ৰঙা লাইটতো
সিহঁতৰ সপোন...
বিলাসী ক্লাছি গাড়ীৰ
চিকচিকিয়া খিৰিকী
সিহঁতে কৰি দিয়ে দাগী!
আশাভৰা চকুকেইটাই
কান্দি কান্দি কয় যেন...
"এটা মাথোন "অৰ্থ" হাতত পৰিলেই
আৰু এদিন জীয়াই থাকিম!"
বিশাল আকাশখনেই সিহঁতৰ ঠিকনা
পদপথৰ বুকুতে পাৰিছে বিছনা,
জাৰত কপি কপি সপোন ৰচিছে
কালিলৈ কাক কি খুজিম...!
বাৰিষাটো সেই একেই সপোন
মাথো এখন ফটা তৃপালেই
যেন হৈ পৰে আপোন!
নিশাৰ ভাগত বা কোন আহে!
ভদ্ৰ সমাজৰ সুৰাসক্ত এচামে
মহতিয়াই নিয়েই বা কিজানি
সিহঁতৰ প্ৰাণ,
নে আহে এচাম যৌন তৃপ্তি সন্ধানি...
পিপাশা গুচোৱাই এৰি যাবলৈ
সিহঁতৰ মাজত
আকৌ এটা মৰহা গজালি...
নতুবা ভৰি হাত কাটি
পংগু সজাই কত যে ভদ্ৰ
লোকে জাপিছে টকাৰ ওপৰত টকা!
কোনে খবৰ লৈছে কোৱা?
একো ক'ব নোৱাৰি!
....আকৌ সেই একেই কাহিনী,
তথাপিও মচি পেলোৱা নাই
সিহঁতে ফটা ওঁঠৰ নৰম হাঁহি!