চন্দ্ৰবিন্দু

23 2 0
                                    


চন্দবোদ্ধ কবিতাৰ প্ৰতি শিশু অতি সোনকালে আকৰ্ষিত হয়। সেইবাবেই হয়তো ৰিণিক মাকে অ-আ, ক-খ লিখিবলৈ শিকোৱাৰ সময়ত এটা এটা কবিতা মাতি শুনাইছিল। সৰু সৰু কবিতাবোৰ শুনি শুনি তাই মাকৰ পৰা আখৰ লিখাৰ কৌশল শিকিছিল।যেনে ধৰাঃ

প্ৰথমতে টানিলো এডাল আচঁ।

পৰিবলৈ লওঁতেই দিলো ভাজ।

ওপৰলৈ টানি বান্ধিলো ঘৰ।

ঘৰটোৱে বোলে তাৰ ওপৰত পৰি মৰ।

মাকৰ কবিতাটোৰ লগে লগে ৰিণিয়ে 'ক'- টো লিখাৰ কৌশল শিকি লয়। এনেদৰে মাকে প্ৰতিটো বৰ্ণ লিখিবলৈ শিকোৱাৰ সময়ত এটা এটা কবিতা মাতি লিখাৰ কৌশলটো শিকাইছিল। চন্দ্ৰবিন্দুটো লিখিবলৈ শিকোৱাৰ সময়তো মাকে কবিতা এটা গাইছিল। কবিতাটো হ'ল

"জোনবাইৰ ওপৰত এটি তৰা,

কথা পাতি থাকোতেই পৰিল ধৰা।

টানি আনি দুয়োকে ফলিত পাটিলো,

চন্দ্ৰবিন্দু নাম দি মাতিব ধৰিলো।"

সেই কবিতাটো তাই আকৌ বৰ ভাল পালে। "আকাশৰ জোনবাইটো নামি আহি তাইৰ কিতাপত সোমাই গ'ল, তাতে লগত এটা তৰা, বাঃ কিযে মজা!" কথাষাৰ ভাবিয়েই তাইৰ মনটো ভাল লাগি গ'ল। সিদিনাখনৰে পৰা ক-ফলাৰ চন্দ্ৰবিন্দুটো তাইৰ বৰ পচন্দৰ। মাকে কিবা লিখিব দিলেই তাই প্ৰথমতে চন্দ্ৰবিন্দুটো লিখি আনে। কিতাপখন মেলিলেও তাই কবিতাশাৰী মাতি চন্দ্ৰবিন্দুটো এবাৰ চাই লয়। অৱশ্যে আজিকালি তাই অ-ফলা আৰু ক-ফলা দুয়োখনে সৰসৰীয়াকৈ মাতিব আৰু লিখিব পৰা হ'ল। সেইবাবে মাকে তাইক সিদিনাখন বৰ্ণবোৰ লগ লগাই কেনেকৈ শব্দৰ সৃষ্টি কৰিব পাৰি তাকে শিকালে। লগতে আ-কাৰ, ই-কাৰ আদি চিহ্নবোৰো শিকাই দিলে। শব্দ সৃষ্টি কৰাৰ কৌশলটো শিকি ৰিণিয়ে বৰ আনন্দ পালে। সঁচাকৈয়ে বৰ্ণবোৰৰ মাজত ইমান শব্দ লুকাই আছে! আনন্দতে তাই এটাৰ পিছত আন এটা বৰ্ণ যোৰা লগাই শব্দৰ সৃষ্টি কৰিব ধৰিলে আৰু শব্দটো শুদ্ধ হৈছে নে নাই তাকো মাকক শুধি নিশ্চিত হ'ল। এনেতে তাই ভালপোৱা চন্দ্ৰবিন্দুটোলৈ মনত পৰিল। চন্দ্ৰবিন্দুটো্ৰ লগত আন কি বৰ্ণ লগ-লগাই শব্দ লিখিব পাৰি তাকে ভাবিব ধৰিলে। পিছে তেনেকুৱা এটা শব্দও তাইৰ মনত নপৰিল। বহুপৰ চিন্তা কৰি তাই মনতে ক'লে, "আৰে! চন্দ্ৰবিন্দুৰ একো শব্দই নাই নেকি? এই বৰ্ণটো আন বৰ্ণৰ লগত কেতিয়াও লগ নালাগে নেকি? ইমান অকলশৰীয়া নে?" কথাষাৰ ভাবি থাকোতে তাইৰ মুখেৰে হুমুনিয়াহ এটা সৰি পৰিল। হুমুনিয়াহটো বতাহত উৰি গৈ কোঠাটোত চটফটাই উৰি ফুৰিব ধৰিলে। ক'তো শান্তিত ৰৈ থাকিব নোৱাৰি হুমনিয়াহটো আহি চন্দ্ৰবিন্দুটোৰ মাজতে সোমাই গ'ল। লগে লগে চন্দ্ৰবিন্দুটো মুৰ ডাঙি ঠিয় হ'ল আৰু ৰিণিৰ ওচৰতে বহি লৈ ক'লে, "ৰিণি! তুমি মিছাতে চিন্তাত পৰিছা। মই তোমাৰ ওঠতে লুকাই আছো দেখোন।"

আখৰৰ সাধুWhere stories live. Discover now