বৰ্ণসমূহৰ মাজত চলা প্ৰতিযোগীতাখনে ৰিণিক বৰ শলঠেকত পেলালে। বৰ্ণ সমূহে ৰিণিৰ মন জয় কৰিবলৈ যৎপৰনাস্তি চেষ্টা কৰিছে। পিছে ৰিণিৰ মন জয় কৰাটো জানো ইমান সহজ। কোনটো বৰ্ণক উচ্চ আসন দিব, কোনটো বৰ্ণক অতিকে মৰমৰ বুলি ঘোষণা কৰিব, কোনটো বৰ্ণ শ্ৰেষ্ঠ ইত্যাদি কথাবোৰ ইমান সহজতে জানো ঠিৰাং কৰিব পাৰি! সকলো কথা চালি-জাৰি চাব লাগিব। তাই যিমানে কথাবোৰ গভীৰ ভাবে ভাবিবলৈ চেষ্টা কৰিছে সিমানে কথাবোৰে তাইৰ মনত খেলি-মেলি লগাব ধৰিলে। ইটোতকৈ সিটো চৰা। কল্পনাও জানো ইমান জটিল হ'ব পাৰে! এনে বেমেজালিৰে ভৰা কল্পনা কৰাতকৈ তাই দিঠকলৈ ঘূৰি অহাটোকে ঠিৰাং কৰিলে।
চকুকেইটা মোহাৰি তাই দিঠকত ভৰি দিছেহে মাত্ৰ এনেতে মাকে মতা যেন পাই তাই পঢ়া মেজৰ পৰা উঠি আহিল। ওলাই আহিয়ে চ'ৰা ঘৰত জেঠাইকক দেখি তাইৰ মুখত হাঁহি বিৰিঙি উঠিল। জেঠায়েকক দেখি তাই মনতে ভাবিলে, "অ' কেতিয়াবা দিঠকো সপোনতকৈ বেছি ৰোমাঞ্চক হয়।" কাৰণ তাই জানে যে তাইৰ প্ৰশ্নৰ উত্তৰ জেঠায়েকৰ তাত থাকিবই। সেইবাবে তাই জেঠায়েকৰ ওচৰত বহি পোনচাতে সুধিলে, "জেঠাই! অসমীয়া ভাষাৰ শ্ৰেষ্ঠ বৰ্ণ কোনটো?"
ৰিণিৰ কথা শুনি তেওঁ ক'বলৈ আৰম্ভ কৰিলে, " পাচটা আঙুলিৰ কোনটোকনো তুমি বেছি মৰম কৰিবা, কোনটোক বেছি দৰকাৰি বুলি ভাবিবা বা কোনটোক অলাগতিয়াল বুলি দলিয়াই পেলাবা। আমাৰ বৰ্ণমালাখনো ঠিক তেনেকুৱাই। প্ৰতিটো বৰ্ণৰে সুকীয়া পৰিচয় আছ। বৰ্ণবোৰ কিছুমান চিহ্নহে। ভাষাৰ ধ্বনি বুজোৱা চিন বা আখৰকে বৰ্ণ বোলা হয়। এই বৰ্ণ সমুহ নিৰ্দ্দিষ্ট ক্ৰমত সজাই একোখন ফলা তৈয়াৰ কৰা হৈছে। বৰ্ণৰ এই ফলাকে বৰ্ণমালা বোলা হয়। এই বৰ্ণমালাখন তোমাৰ সেই মৰমৰ মুকুতাৰ মালাধাৰিৰ নিচিনাই। মালাধাৰিৰ কোনোবা এটাক এলাগী কৰি আঁতৰাই দিব বিচাৰিলে মালাডাল চিঙি নাযাব জানো! ঠিক তেনেদৰে বৰ্ণমালাখনৰ প্ৰতিটো বৰ্ণই প্ৰয়োজনীয়। প্ৰতিটো বৰ্ণৰে সুকীয়া স্থান আছে। নিজৰ স্থানত প্ৰতিটো বৰ্ণই শ্ৰেষ্ঠ।"
জেঠায়েকৰ কথা শুনি ৰিণিয়ে ক'লে, "মোৰ ধুনীয়া মালাধাৰ মই কিয় চিঙিব দিম। তাত থকা প্ৰতিটো মুকুতাই মোৰ প্ৰিয়।" কথাষাৰ কৈ তাই কিছু সময় ৰৈ পুনৰ ক'লে, "অ' তাৰ মানে প্ৰতিটো বৰ্ণই শ্ৰেষ্ঠ। প্ৰতিটোৱে মোৰ প্ৰিয় হ'ব লাগিব।"
ESTÁS LEYENDO
আখৰৰ সাধু
Historia Cortaইয়াত শিশু উপযোগী কেইটামান গল্প সান্নিবিষ্ট কৰা হৈছে। এই গল্প কেইটিৰ মূল উদ্দেশ্য হৈছে সাধুকথাৰ মাধ্যমেৰে আমাৰ শিশু সকলক অসমীয়া বৰ্ণমালাৰ লগত চিনাকি কৰাই দিয়া। ৰিণিৰ অনুসন্ধিৎসু মনে বৰ্ণৰ লগত কেনেকৈ চিনাকি হ'ল, কেনেকৈ ব্যাকৰণ পঢ়িবলৈ শিকিলে আৰু ইয...