ৰ-ৰ মহিমা

12 2 0
                                    

       ৰিণিৰ কল্পনা জগতখনৰ আৰু এটা ৰোমাঞ্চক কাহিনীকে কওঁ শুনা। তাইৰ সেই জগতখনত কিছুদিনৰ পৰা এক বিশেষ প্ৰতিযোগিতা আৰম্ভ হৈছে। এই প্ৰতিযোগিতাৰ প্ৰতিযোগী সকল আকৌ তোমালোকৰ তেনেই চিনাকি। পাতনি নেমেলি পোনে পোনে কওঁ শুনা।

তোমালোকে প্ৰত্যেকে জানা যে বৰ্ণমালাৰ প্ৰতিটো বৰ্ণৰে সুকীয়া বৈশিষ্ট আছে। প্ৰতিটো বৰ্ণই নিজৰ মহিমাৰে সাহিত্যৰ জগতখনত প্ৰভাব বিস্তাৰ কৰি আছে। এই কথাবোৰ অৱশ্যে প্ৰতিটো বৰ্ণইও জানে। এই শব্দময় জগতখনত বৰ্ণৰ স্থান কি সিহঁতে ভালদৰে বুজি পায়। তথাপিও এই বৰ্ণসমূহৰ মাজত কিছুদিনৰ পৰা এক বিশেষ প্ৰতিযোগিতা আৰম্ভ হৈছে। এই প্ৰতিযোগিতা হ'ল ৰিণিৰ মন জয় কৰাৰ প্ৰতিযোগিতা আৰু লগতে নিজক শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰাৰ প্ৰতিযোগিতা। যিদিনাখনৰ পৰা বৰ্ণসমূহে গম পালে যে ৰিণিৰ আটাইতকৈ প্ৰিয় বৰ্ণ হ'ল চন্দ্ৰবিন্দু সিদিনাখনৰ পৰাই এই প্ৰতিযোগিতাৰ আৰম্ভ হৈছে। এতিয়া বৰ্ণসমূহে ইটোৱে সিটোক প্ৰতিদন্দী হিচাপেই ব্যৱহাৰ কৰে। সুৰুঙা পালেই বৰ্ণবোৰে ৰিণিৰ আগত নিজৰ গুণ বৰ্ণনা কৰি তাইৰ মন জয় কৰিবলৈ চেষ্টা কৰে। বৰ্ণসমুহৰ মাজত চলা এই প্ৰতিযোগিতাখন লাহে লাহে আমোদজনক হৈ পৰিছে।

সিদিনাখনৰে কথা। ৰিণিয়ে পঢ়া মেজত বহি সাহিত্যৰ কিতাপখন উলিয়াই লৈ পঢ়াত ব্যস্ত। পিছদিনাখৰ পৰা তাইৰ পৰীক্ষা। মুৰ তুলিবৰ সময় নাই। মাকে ভাত খাবলৈ মতাৰ আগতে সকলো পঢ়ি শেষ কৰিব লাগিব। সেইবাবে তাই কিতাপ-বহী উলিয়াই লৈ এফালৰ পৰা সকলো পঢ়ি গ'ল। কবিতাটো মুখস্থ মাতি তাই এইবাৰ ৰ-বৰ্ণৰে আৰম্ভ হোৱা শব্দ কেইটামান লিখিলে। শব্দকেইটা লিখি তাই বহীখন বন্ধ কৰিবলৈ লৈছে মাত্ৰ, এনেতে কাৰোবাৰ মাতত তাই থমকি ৰ'ল। মাতটো শুনি থতমত খাই বহীখন মেলি মেজত থৈ ইফালে-সিফালে চাব ধৰিলে। ৰিণিৰ মুখত প্ৰশ্নবোধক চিনটো দেখি ৰ-বৰ্ণটোৱে চকু কেইটা ডাঙৰকৈ মেলি ক'ব ধৰিলে, "এইখিনি পঢ়িয়ে সামৰিলা যে, মোৰ আকৌ আন ব্যৱহাৰো আছে দেই, যাৰ বাবে মই বৰ্ণমালাখনত এক বিশেষ স্থান পাবলৈ সক্ষম হৈছো। সেইবোৰ পঢ়িলেহে মোৰ বিশেষত্বৰ উমান পাবা।"

ৰ-ৰ কথা শুনি ৰিণিয়ে ক'লে- "তুমি কি কৈছা মই হ'লে একো বুজি পোৱা নাই। পৰীক্ষাৰ বাবে আমাক এইখিনিয়ে পঢ়িব দিছে বাবেহে পঢ়িছো। তাতো কিবা ভুল ৰৈ গ'ল নেকি?"

আখৰৰ সাধুDonde viven las historias. Descúbrelo ahora