শ্লোক

10 2 0
                                    

শ্লোক

১/ অনা শ্ৰুত প্ৰবেশতি, অপিসূত বহু ভাষতে, অবিশ্বতে বিশ্বসিতি, মুৰ্হ চেত নৰাধম।

অৰ্থ – নমতাকে অহা, নুশুধাকৈ বেছি কথা কোৱা, বিশ্বাস জন্মাবলৈ চেষ্টা কৰা মানুহজন মানুহৰ ভিতৰত অধম।

২/ অজাত, মৃত, মুৰ্খে ভ্যু, মৃত জাত ছোত বৰম। যতশ্য সল্প দুখায় যাবত জীৱন জৰুৰ দহে। কি অৰ্থ পুত্ৰ ন, ন বিদ্যান, ন ভক্তিমান, কিং কেয়া কিয়তে ধেনা জান সূতেন দুগ্ধ দা।

অৰ্থ – মুৰ্খ হৈ জন্ম লোৱাতকৈ জন্ম নোহোৱা বা জন্ম হৈ মৰাটোৱে শ্ৰেষ্ঠ। সেই পুত্ৰৰ জীয়াই থকাৰ কি অৰ্থ যি বিদ্বানো নহয়, ভক্তিমানো নহয়। যেনেকৈ যিজনী গায়ে পোৱালী নিদিয়ে আৰু গাখীৰো নিদিয়ে সেই গায় পুহি কি লাভ।

৩/ ঋণ কিতা, ঘিটং পিবেত্। যাবত জীৱন সুখং জীৱেত৷

অৰ্থ – ধাৰ কৰি হলেও ঘিউ খাবা। যিমান দিন জীয়াই থাকা সুখত থাকা।

৪/ পৃস্থত সেৱয়েত অৰ্কং, যথা ৰেণ শুতা চেনম, স্বামীক সৰ্ব ভাবেন, পৰলোক অমায়া।

অৰ্থ – বেলিক সেৱা কৰে পিথিৰে, অগ্নিক সেৱা কৰে পেটে। স্বামীক সকলো প্ৰকাৰে সেৱা কৰিলে পৰজনমটো সুখ পায়।

৫/ বাণিজ্যই বসতি লক্ষ্মী, তত্ অৰ্ধং কৃষি কৰ্মনং, তত্ অৰ্ধং ৰাজ সেৱা, ভীক্ষায়ং নব্য নব্য শ।

অৰ্থ – লক্ষ্মী থাকে ব্যৱসায় তথা অধ্যব্যসায়ত, তাৰ আধা থাকে কৃষি কৰ্মত, তাৰ আধা ৰজাৰ সেৱাত, কিন্তু ভিক্ষাৰীৰ লগত কেতিয়াও লক্ষ্মী নাথাকে৷

৬/ অমৃতং চিচিৰে বহ্নী, অমৃতং প্ৰিয় দৰ্শনং, অমৃতং খীৰ ভোজনং, অমৃতং ৰাজ সন্মানং।

অৰ্থ – জাৰ কালি জুই অমৃতৰ নিচিনা, প্ৰিয় জনক দেখা পোৱাটো অমৃত, ক্ষিৰ বা গাখীৰ খাবলৈ পোৱাটো অমৃত, ৰজাক সন্মান কৰিবলৈ পোৱাটো অমৃতৰ দৰে।

৭/ ধৰ্মপদৰ প্ৰথম শ্লোক (পালি ভাষা) – মনা পূৰ্বাংগমা ধৰ্মা মনোস্বত্তা মনোময়া।

অৰ্থ- মনেই হৈছে সকলো ধৰ্মৰ মূলমন্ত্ৰ।

৮/ “বিদ্যা দদাতি বিনয়ং, বিনয়াত যাত্ৰি পাত্ৰতম, পাত্ৰতাব ধনাত্মমপতি, ধনাত ধৰ্ম তত সুখম”

অৰ্থ  -- বিদ্যা হলে বিনয় হয়। বিনয় হলে যিকোনো কামৰ উপযুক্ত হয়। কামৰ উপযুক্ত হলে ধন পায়। ধন পালে ধৰ্ম হয়, ধৰ্ম হলে সুখ হয়৷

৯/ ছাত্ৰনং অধ্যয়ানং তপঃ

অৰ্থ – ছাত্ৰৰ বাবে অধ্যয়নেই তপস্যা৷

১০/ বিশ্বাসেই মিলয় হৰি, তৰ্কে বহু দূৰ।

অৰ্থ – বিশ্বাসত ভগবান থাকে। তৰ্কত ভগবান আঁতৰি যায়।

জীৱনলৈ বাণী --- A tale told by an idiot -Where stories live. Discover now