শ্লোকত এটি সাধু

16 2 3
                                    

"সুৰসি কৃতবিদসী দশনীয়সী পুত্ৰক
জস্মিন কুলে তৱ উৎপন্ন গজ তত্ব ন সন্যতে"

অৰ্থ- বীৰ, বুদ্ধিমান, দেখিবলৈও পুত্ৰৰ লগত একে কিন্তু যিটো কুলত তোৰ জন্ম সি কেতিয়াও হাতী মাৰি পোৱা নাই।
___________________________________
এখন জঙ্ঘলত এহাল সিংহ বাস কৰিছিল। প্ৰায় দুয়ো একেলগে চিকাৰলৈ গৈছিল। মাইকী সিংহজনী গৰ্ভাৱতী হ’লত চিকাৰলৈ যাব নোৱাৰা হ’ল। তেনে সময়ত মতা সিহংই অকলে চিকাৰলৈ যায় আৰু চিকাৰত যি পায় সি তাৰ মানুহজনীলৈও লৈ আহে।

ইতিমধ্যে সিংহৰ এটা সুন্দৰ পোৱালিৰ জন্ম হ’ল। মাকে পোৱালিক এৰি যাবলৈ অসুবিধা হৈ থাকিল বাবে বাপেক সিংহই পুনৰ অকলে চিকাৰ কৰিবলৈ যাব লগা হ’ল আৰু চিকাৰ কৰি মাক-পুতেকলৈ খাদ্য আনিব লগা হৈ থাকিল। এনেদৰেই এদিন এটা শিয়ালৰ  পোৱালী আনি মানুহজনীক খাবলৈ দিলে। মাক সিংহৰ শিয়াল পোৱালিলৈ মৰম উপজিল। পোৱালিটো নাখায় নিজৰটোৰ লগতে থৈ দিলে। তাৰপাচত তাই পোৱালিটোক নিজৰটোৰ লগত একেলগে ডাঙৰ কৰিবলৈ ধৰিলে।

লাহে লাহে পোৱালি ডাঙৰ হ’ল। মাক – বাপেক চিকাৰলৈ গ’লে সিহঁতে খাদ্যৰ বাবে বাট চাই থকা হ’ল। এদিন দুয়ো সিংহ আৰু শিয়াল জঙ্ঘললৈ ফুৰিবলৈ ওলাল। এনেতে এটা হাতী পোৱালি দেখি সিংহৰ পোৱালিটোৱে শিয়াল পোৱালিটোক ক’লে

- ব’ল আমি সেই হাতীটো মাৰো। তাৰ মাংস খাই বৰ ভাল লাগিব। বহুত মাংস ওলাব মাহঁতে কেইবাদিনো চিকাৰলৈ লগলেও হ’ব।

- ধেৎ কি কৈছ তই। ইমান ডাঙৰ হাতী আমি কেনেকৈ মাৰিম। নোৱাৰো। বল ঘৰলৈ যাও।

- পাৰিম মাৰিব বল। তই সেইফালৰ পৰা যা আৰু

- চুপ্! মুৰ্খৰ দৰে কথা নকবি। ইমান ডাঙৰ হাতী কেনেকৈ মাৰিবি। আমাক পিটিকা কৰি থব। তাৰ হুৰে আমাক আচাৰি পেলাব। বল বল ঘৰলৈ

শিয়াল পোৱালিটোৱে সিংহৰ পোৱালিক টানি টানি ঘৰলৈ লৈ আনিলে। সিংহ পোৱালিটোৰ ভিষণ খং উঠিল। সি আহিয়েই মাকক কম্প্লেই দিলেহি

- মা চোৱা আজি মই এটা হাতী পোৱালি দেখি চিকাৰ কৰোঁ বুলি ভাবিছিলো কিন্তু এই শিয়ালে মোক বাধা দিলে। সি নিজেটো চিকাৰ কৰিব নিবিচাৰিলেই মোকো টানি টানি ঘৰলৈ লৈ আহিলে।

তেতিয়া মাক সিংহই পোৱালিটোক উক্ত শ্লোক ফাঁকিৰে বুজনি দিছিল।

- যদিও ই বীৰ, বুদ্ধিমান, দেখিবলৈও পুত্ৰৰ লগত একে কিন্তু যিটো কুলত তাৰ জন্ম সি কেতিয়াও হাতী মাৰি পোৱা নাই।

Don't forget to vote, commant and share

জীৱনলৈ বাণী --- A tale told by an idiot -Donde viven las historias. Descúbrelo ahora