A Small Motivational talk
Please follow me if not yet😊
“যিটো সমস্যাৰ সমাধান নাই তেনে সমস্যাৰ কথা চিন্তা কৰি লাভ নাই
আৰু
যিটো সমস্যাৰ সমাধান আছে তেনে সমস্যাৰ কথা চিন্তা কৰি থাকিব লাগিছে কিয়”উক্ত কথাষাৰ কোনোবা এজন মহান ব্যক্তিয়ে ব্যক্ত কৰা এফাঁকি বাণী। মন কৰিবলগীয়া কথাটো হৈছে সমস্যা! সমস্যা মানে কি? মোৰ মতে সমস্যা হৈছে “যিকোনো কাৰ্যত সফলতা অৰ্জন কৰাত অহা বাধা। “ সকলো কাৰ্যতে সমস্যা থাকিবই। আমি আমাৰ মনোভাৱৰ দ্বাৰা তেনে সমস্যাৰ সমাধান বিচৰিব লাগে। এইটো সত্য যে এনে কিছুমান সমস্যা আছে যিবোৰৰ সমাধান মানৱ শক্তিৰ সীমাৰ ভিতৰত নাথাকে। উক্ত কথা ফাঁকিৰ দৰে তেনে সমস্যাৰ কথা চিন্তা কৰি লাভ নাই। কাৰণ তেনে সমস্যাই নিজেই সমাধানৰ পথ উলিয়াব। বেছিভাগ এনে সমস্যা আছে যিবোৰ আমি নিজৰ ইতিবাচক মনোভাৱেৰে সমাধান কৰিব পাৰোঁ। নেতিবাচৰ মনোভাৱৰ ক্ৰিয়াৰ দ্বাৰা তেনে সমস্যাৰ কথা চিন্তা কৰি থাকিব লাগিছে কিয়!
মনোভাবৰ সংজ্ঞা
Attitude are a secret power of working 24 hours a day for good or bad.
মনোভাৱ মানে হৈছে আমাৰ চিন্তাশৈলী, সমস্যা সমাধানৰ বাবে নিৰ্বাচন কৰা বিশেষ পথৰ দ্বাৰা যাৰ প্ৰকাশ ঘটে। তুমি পৃথিৱীখনক কেনেকৈ চোৱা তাৰেই মানসিক প্ৰতিছবি হৈছে এটিটিউড্। সেই প্ৰতিছবি কিছুমানৰ স্পষ্ট (ইতিবাচক) আৰু আন কিছুমানৰ ধূসৰ (নেতিবাচক)। কেইটিমান উদাহৰণৰ দ্বাৰা ইতিবাচক আৰু নেতিবাচক এটিটিউড্ ৰ বিষয়ে জানো আহক
* যিকোনো এটা সমস্যাৰ সন্মুখিন হ'লে নেতিবাচক এটিটিউড্ ৰ ব্যক্তিজনে সদায় চিন্তা কৰে মই নোৱাৰিম নেকি
কিন্তু ইতিবাচক এটিটিউড্ ৰ ব্যক্তিজনে সদায় চিন্তা কৰে মই পাৰিম।* নেতিবাচক এটিটিউড্ ৰ ব্যক্তিজন সমস্যাৰ মাজত জৰ্জিৰত হৈ ৰৈ যায়।
আনহাতে ইতিবাচক এটিটিউড্ ৰ ব্যক্তিজনে সমস্যা সমাধানৰ পথ বিচৰাত মনোযোগ দিয়ে।* নেতিবাচক এটিটিউড্ ৰ ব্যক্তিয়ে সদায় আনৰ ভুল খুচৰি থাকে
ঠিক তাৰ বিপৰীতে ইতিবাচক এটিটিউড্ ৰ ব্যক্তিয়ে আনৰ মাজত থকা ভালবোৰ বিচাৰিবলৈ আৰু গ্ৰহণ কৰিব চেষ্টা কৰে।
BẠN ĐANG ĐỌC
জীৱনলৈ বাণী --- A tale told by an idiot -
Ngẫu nhiênIts a collection of assamese short quotes. Speak generation to generation. ডাকৰবচন, নীতিবচন, বেদবচন, ফকৰা- যোজনা ইত্যাদি কিবাকিবি