হৃদয়ৰ ভাষা

9 7 0
                                    

কেতিয়াবা জানো বুজিছা হৃদয়ৰ ভাষাবোৰ,

শব্দহীন অনুভৱবোৰ?

হৃদয়ৰ গভীৰতাত নিতাল  মাৰি শুই থকা সেই

অনুভৱবোৰ,

ভাষাবোৰ,

কথাবোৰ...

যিবোৰ মাথোঁ অকথ্য হৈয়ে ৰ'ল।

পাহৰণিৰ গৰ্ভত হেৰাই গ'ল...

সকলোবোৰ!

পোৱা-নোপোৱাৰ হিচাপৰ মাজতে দেখোন

নিজকো পাহৰি থকা হ'লো।

পাহৰি গ'লো

জীৱনৰ অৰ্থ!

কাৰণ,

মই যে এতিয়া ব্যৰ্থ!

A collection of Assamese PoemsNơi câu chuyện tồn tại. Hãy khám phá bây giờ