উন্মনা মনে মাথোঁ তোমাকে বিচাৰে,
তোমাৰে ভাৱনাত উটি-ভাঁহি ফুৰে।
তোমাৰ দুচকুতেই যেন হৈ ৰ'ম বিলীন!
মাথোঁ এবাৰ বুজা!
মোৰ মৰমবোৰ...
মই জানো ; তুমি মোৰ নোহোৱা!
তথাপি মোৰ সপোনবোৰৰ যেন
তোমাতেই আৰম্ভণি
আৰু অন্ত পৰিব বিচাৰে তোমাতেই!
জানা,
মন বৰ অবুজ...
বুজিও নুবুজে!
মোৰ উন্মনা মনে মাথোঁ তোমাকে বিচাৰে...
তোমাৰ হিয়াৰ শীতল ছায়াত এপলক জিৰাব
বিচাৰে।
VOUS LISEZ
A collection of Assamese Poems
PoésieHere, I have written some short poems, do check it out!