সময় যেন উৰন্ত পখী!
উৰি যায় মাথোঁ...
দুপাখি মেলি...
ইমান নিষ্ঠুৰ কিয় সময়!
ৰ'বলৈ সময় নাই যেন...
স্মৃতি বোৰেও মাথোঁ কন্দুৱায়...
বুকুত দুখৰ মেলা পাতে!
সময়, তই বৰ নিষ্ঠুৰ...
আনৰ বুকুত দুখৰ অগনি জগাই ভালপাওঁ তই!
কিয়?
এবাৰো নাভাব',
আমাৰ মনবোৰ??
সপোনবোৰ?
যিবোৰক সাৱটি সাৱটি আমি আগবাঢ়ি যাওঁ ওৰেটো জীৱন!
সময় তই নিষ্ঠুৰ!
YOU ARE READING
A collection of Assamese Poems
PoetryHere, I have written some short poems, do check it out!