অশ্ৰুসিক্ত সেই চকুযুৰি

8 7 0
                                    

বিদায়ৰ পৰত ...

তোমাৰ দুচকুত দেখোন নামিছে 

ধাৰাষাৰ বৰষুণ!

পাৰভাঙি অহা যেন দোপালপিটা বান!

সপোনবোৰক থমকি ৰৈ যাব নিদিবা...

আমাৰ স্মৃতিবোৰকে সাৰথি  কৰি মাথোঁ

আগুৱাই যাবা...

মোৰ বুকুত শুই থকা তুমিজনী  আজি কিয়

অসাৰ!

স্তব্ধ হৈ ৰ'ব যেন মোৰ জীৱন...

আজিও জিলিকি উঠে...

তোমাৰ সেই অশ্রুসিক্ত সেই চকুযুৰি,

জিলিকি উঠিছিল য'ত,

সাগৰৰ এচামুচ নীলা!

(প্রেমিকে জানে,

প্রেমিকাজনী আনৰ হ'ল...

তথাপি যেন সপোনবোৰ বুকুৰ ক'ৰবাত

সাৰে ৰ'ল... )

A collection of Assamese PoemsWhere stories live. Discover now