ডাকৰবচন

24 3 0
                                    

ডাকৰ বচন::



১/ যি খায় তিনি শিলিখা, তাৰ নামত জম তিলিকা।

২/ আপোন ভালেই জগত ভাল, পু ভালেই বোৱাৰী ভাল, জী ভালেই জোঁৱাই ভাল।

৩/ আপুনি বয়স হৈলে বুদ্ধি হৈব ভাল।

৪/ সু বাট দূৰ গমন, তাক নিদিবা এৰি। বুঢ়ি হলেও বিয়া কৰাবা তেও নানিবা বাঁৰী।

৫/ সাঁপে খাই, বাঘে খাই, জলে পৰি মৰে। নিজ কৰ্ম ফল ভোগে।

৬/ ৰোগ, ঋণ, জুই। এই তিনিকজনক নমৰাকৈ নাথাকিবা শুই।

৭/ বন্ধু আৰু মিতিৰক নিদিবা টকা ধাৰে।

৮/ তিৰিৰ লেনিয়া, বৰষুণৰ কেনিয়া, ঘৰ চাই নকৰে মুধচ। এই তিনিৰে সমান নাই কুন্ধচ।

৯/ পুত্ৰ সন্তান নষ্ট হয় পিতৃৰ দোষত, কন্যা সন্তান উদ্মাদ হয় মাতৃৰ দুখত।

১০/ মাক ভালেই জীয়েক জাতি, ঢেঁকী থোৰাই পাঁজে বাতি।

১১/ মাকে চাই মুখলৈ, ঘৈণীয়ে চাই হাতলৈ।

১২/ ডাকৰ বচন, বেদৰ বাণী। পু লগা তিৰি ঘৰলৈ নানি। তোকো বঞ্চে মোকো বঞ্চে, ভাল ভাল বস্তু পুতেকলৈ সাঁচে।

১৩/ চোৰ গলে বুদ্ধি, বৰষুণ গলে জাপি।

১৪/ যি শাক-শুকলটি দিনত বাচে, সেইঘৰ মানুহৰ লক্ষ্মীমি থাকে।

১৫/ যাৰ খাব-লবৰ মন, হাগুতে আঁজোৰে বন।

১৬/ পনীয়া বাটত নহবা অগা, দুখী কুটুমৰ নহবা লগা, দুষ্টা ভনীৰ নহবা ভাই, ঘনে পুৱতীৰ নহবা জোঁৱাই।

১৭/ তিৰি, মিৰি, ভাটৌ, কোৱা। এই চাৰি জাতিৰ আখৈ নোপোৱা।

১৮/ দিনৰ পৰ্বত, ৰাতিৰ জুই। তাক নেখেদি থাকিবা শুই।

১৯/ যদি মেঘে গাজে আঘোণে, ৰজা যায় মাগণে।

২০/ আহু, আৰৈ, শাকৰ পূৰৈ, মাছ পাতত দিয়া খাই। মৰিলে লগত যায়।

২১/চোৰে নেৰে চোৰৰ পৰকিতি, কুকুৰে নেৰে ছাই। যাৰ যি পৰকিতি মৰিলে লগত যায়।

২২/ এগুণ বোলোতে দুগুণ বোলে, স্বামীৰ শয্যা পাৱে থেলে, স্বামীক ছাড়িয়া নিজে আগে খাই, সেই তিৰিৰ সঞ্জাত নাই।

২৩/ ছাঁতে শুকোৱা মুঠিতে লুকুৱা।

২৪/ ভুকুতে কল নপকে।

২৫/ দুখ কৰিলে মুখ ভৰা।



২৬/ এক তিৰি লোদোৰ পোদোৰ, দুই তিৰি গাঁচৰ হুদু, তিনি তিৰি কপালত হাত, চাৰি তিৰি নাপায় ভাত৷

২৭/ ঘৰ বুঢ়া কৰে চোকে। মানুহ বুঢ়া কৰে গুফে।

২৮/ পেট বেয়া কৰে মূৰি, ঘৰ বেয়া কৰে বুঢ়ী।

২৯/ আৰৈত কৈ উখোৱা খৰ, বাইতকৈ ভিনিৰহে জ্বৰ।

৩০/ বাজিব লাগিছিল টেমি কটাৰী, বাজিছে পখটং।


বিঃদ্ৰঃ- অনুগ্ৰহ কৰি ভুল শুধৰাই কমেণ্ট যোগে জনাই যেন৷ লগতে Vote&share কৰে যেন৷


জীৱনলৈ বাণী --- A tale told by an idiot -Where stories live. Discover now