পলি : অ' নিবিড়, তুমি এনেকৈ বিয়াৰ পিছতো
মোক গান শুনাই থাকিবানে?
নিবিড়: ইচ্ মোৰ বেলেগ কাম নাই আৰু
তোমাক গান শুনাই থাকিম যে...
পলি : (অভিমানী সুৰত) মোক তেনেকৈ ক'লা
ন তুমি, হ'ব আজিৰপৰা নামাতোৱে
যোৱা তোমাক...
নিবিড়: ধেৎ পাগলীজনী, মই ধেমালিহে
কৰিছো, মই মোৰ গুণগুণজনীক সদায়
গান গাই শুনাম দেই...
পলি : হিঁহি মই মিছাইহে কৈছিলো নামাতো
বুলি, ইচ্ মোৰ বান্দৰটো, তোমাক
নামাতাকে মই থাকিব পাৰো নেকি...?
নিবিড়: হয়নে ধুনুজনী মোৰ, পিছে গানটো শুনি
কেনে পালা নক'লা কিন্তু দেই...
পলি : বহুত ধুনীয়া লাগিছে নিবিড়...
নিবিড়: তেনেহ'লে মৰম এটা কিয় দিয়া নাই?
পলি : উম্মাহ কলিজা, পিছে এতিয়া ৰাখিছো
ফোন, মই মাক কওঁগৈ বিয়াৰ কথা...
নিবিড়: কি যে হ'ব নহয় এই পাগলীজনীৰ
লগত, থিক আছে, by এতিয়া...
পলি : by by..ফোনটো থৈয়ে পলি দৌৰি গ'ল মাকৰ ওচৰলৈ আৰু ক'লে, " মা আৰু দুবছৰ পিছত মোৰ বিয়া হ'ব, মই বহুত সুখী মা" । মাকে ক'লে, "পিছে ল'ৰা ক'ত?", তেতিয়া তাই মাকক সকলো কথাই খুলি ক'লে। মাকে তেতিয়া ক'লে, "হয়নে? মনে মনে ল'ৰাও পচন্দ কৰিছা, মানে আমাৰ গুণগুণজনী ডাঙৰ হ'ল। মই দেউতাৰাৰ লগত পাতিম দিয়া এই বিষয়ে, তোমাৰ সুখতেইতো আমাৰ সুখ"। তাই মাকক সাৱতি ধৰিলে। এনেকৈ মৰম-ভালপোৱা আৰু অভিমানৰ সৰু সৰু টুকুৰাবোৰৰ মাজেৰে পলি আৰু নিবিড়ৰ প্ৰেম ১ বছৰ পাৰ হ'ল ।
এদিন হঠাৎ পলি অসুস্থ হৈ পৰিল। মাক-দেউতাকে তাইক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। তাত বহুতো পৰীক্ষা-নিৰীক্ষা কৰি চাই ডাক্তৰে ক'লে যে পলিৰ ব্লাড কেন্সাৰ হৈছে । মাক-দেউতাকে কান্দি কান্দি ডাক্তৰৰ ওচৰত হাত জোৰ কৰি ক'লে, " তাইক বচাওঁক ছাৰ, যিমান পইচাৰ দৰকাৰ হয় আমি সকলো দিম, কিন্তু আমাৰ ছোৱালীজনীক বচাওঁক ছাৰ ।" তেতিয়া ডাক্তৰে ক'লে, " আপোনালোকে অলপ ধৈর্য্য ধৰক, আমি সম্পূর্ণ চেষ্টা কৰিম ভাল কৰিবলৈ তাইক, হয়তো তাইক মুম্বাইলৈ নিব লগা হ'ব পাৰে, আপোনালোকে সোনকালে তাৰ ব্যৱস্থা কৰক ।"
DU LIEST GERADE
প্ৰেমৰ অন্তিম যাত্ৰা
Kurzgeschichtenকবিতাৰ প্ৰেমত পৰি কবিৰ কবিতাৰ নায়িকা হোৱাৰ সপোন যেতিয়া বাস্তৱ হয় আৰু মৃত্যুৰ ওচৰত হাৰ মানি আধৰুৱা হয় প্ৰেমৰ যাত্ৰা... সেয়াই এই কাহিনীটোত পঢ়িবলৈ পাব।