মাক-দেউতাকে কণমানিজনীক লগত লৈ ঘৰলৈ ঘূৰি আহিল । ঘৰ পাই তাইক বিচনাত শুৱাই থ'লে আৰু অলপ সময় পিছতে তাই যেতিয়া কান্দিব ধৰিলে, পলিৰ দেউতাকে তাইক কোলাত তুলি ল'লে আৰু মাকক ক'লে, "আমাৰ গুণগুণে আমাক এৰি যোৱা নাই অ', এই কণমানিজনীৰ মাজতে আমাৰ গুণগুণক বিচাৰি পাম, চোৱাচোন তাই দেখিবলৈ একেবাৰে আমাৰ গুণগুণৰ নিচিনা, আজিৰপৰা এইকে আমি গুণগুণ বুলি মাতিম ।" এইবুলি কৈ পলিৰ মাক-দেউতাকে কণমানিজনীক বুকুৰ মাজত লৈ কান্দিব ধৰিলে । সেইদিনাৰ পৰাই তেওঁলোকে তাইৰ নাম গুণগুণ ৰাখিলে ।সিফালে নিবিড়ে পলিক বিচাৰি আকৌ তাইৰ ঘৰ পালে আৰু পলিৰ মাক-দেউতাকক পলি ক'ত আছে সুধিলে । মাকে তেতিয়া তাক ক'লে যে পলি য'তেই আছে বহুত সুখত আছে, তাই বিয়া হৈ গ'ল, গতিকে সিয়ো এইবোৰ বাদ দি তাৰ জীৱনত আগবাঢ়ক । নিবিড়ৰ দুচকুৰে চকুলো বৈ আহিল, সি ক'লে, "মিছা কথা এইবোৰ, মোৰ পলিয়ে কেতিয়াও এনে কৰিব নোৱাৰে মোৰ লগত, এদিন হ'লেও মই তাইক বিচাৰি উলিয়াম ।" এইবুলি কৈ সি তাৰপৰা গুচি গ'ল ।
লাহে লাহে গুণগুণ ডাঙৰ হৈ আহিল । এইবাৰ তাই ৫ বছৰীয়া হ'ল আৰু ককাক-আইতাকে তাইক স্কুলত নাম লগাই দিলে । স্কুলত তাই সকলোৰে মাক-দেউতাকক দেখি ককাক-আইতাকক সুধিব ল'লে যে তাইৰ মাক-দেউতাক ক'ত আছে? ককাক-আইতাকে তেতিয়া তাইক ক'লে যে মাক ভগৱানৰ ওচৰত আছে আৰু দেউতাক ক'ত আছে তেওঁলোকে নাজানে । সিফালে নিবিড়ৰ ঘৰৰ মানুহে তাক বিয়া পতাৰ কথা ক'লে, কিন্তু নিবিড়ে বিয়া নাপাতো বুলি কৈ দিলে আৰু ক'লে যে পলি এদিন ঘূৰি আহিব তাৰ জীৱনলৈ । ঘৰৰ মানুহে নিবিড়ক বুজাব বহুত চেষ্টা কৰিলে, কিন্তু সি নামানিলে ।
YOU ARE READING
প্ৰেমৰ অন্তিম যাত্ৰা
Short Storyকবিতাৰ প্ৰেমত পৰি কবিৰ কবিতাৰ নায়িকা হোৱাৰ সপোন যেতিয়া বাস্তৱ হয় আৰু মৃত্যুৰ ওচৰত হাৰ মানি আধৰুৱা হয় প্ৰেমৰ যাত্ৰা... সেয়াই এই কাহিনীটোত পঢ়িবলৈ পাব।