খণ্ড-১

31 2 0
                                    


        পলিৰ মনত আজি কিমান যে আনন্দ লাগিছে, আজি তাই সাজি-কাচি কলেজ যাব ওলাইছে। মাকে তাইক সুধিলে, "আজি পিছে ইমান সাজি-কাচি ওলাইছা যে, কথাটো কি? তেতিয়া  তাই ক'লে, " মা আজি মই মোৰ প্ৰিয় লেখক নিৱিড় শইকীয়াক লগ পাম, আজি আমাৰ কলেজত পতা কবি সন্মিলনত তেয়োঁ আহিব, আজি মই বহুত সুখী মা, এতিয়া মই যাওঁ দেই।" মাকক একো কোৱাৰ সুযোগে নিদিলে, মাকে নিজকে নিজে ক'লে, "কি যে হ'ব নহয় এইজনীৰ লগত।"
    
        মাক-দেউতাকৰ একমাত্র ছোৱালী পলি, সৰুৰেপৰা বৰ আদৰত ডাঙৰ হৈছে তাই, অভাৱ কি বস্তু তাই গমেই নাপায়। আই.পি.এছ অফিচাৰ ৰঞ্জন হাজৰিকাৰ ছোৱালী তাই, বৰ্তমান সিহঁতে নলবাৰীত থাকিব লৈছিল। আজি পলিৰ মনত আনন্দৰ সীমা নাই, আজি তাই সেইজন নিৱিড় শইকীয়াক লগ পাব, যাৰ লিখনি পঢ়ি তাই প্ৰেমত পৰিছিল তেওঁৰ। নিবিড়ৰ ঘৰ ডিব্ৰুগড়ত, কৰ্মসূত্ৰে গুৱাহাটীত থাকে। গুৱাহাটীৰ প্ৰাইভেট কলেজ এখনত অধ্যাপক হিচাপে কাম কৰিবলৈ লৈছিল, লেখা-মেলা কৰি ভালপোৱা নিৱিড়ে তাৰ মাজতে লিখিও গৈছিল। ২৫ বছৰীয়া নিৱিড় আছিল খুব শান্ত-শিষ্ট, লাজকুৰীয়া স্বভাৱৰ। ইফালে পলি আছিল খুব মৰম লগা, চঞ্চলা গাভৰুজনী, অনবৰতে কল্পনাৰ জগততে উৰি ফুৰিছিল তাই, তাইৰ এটি মিঠা চাৱনিয়ে মম গলোৱাদি গলাই দিব পাৰিছিল বহু ল'ৰাৰ মন।

         পলি কলেজত উপস্থিত হৈছিল আৰু নিজৰ ঠাইত বহি কবি সন্মিলন আৰম্ভ হোৱালৈ ৰৈ আছিল, কিছু সময় পিছতে কবি সন্মিলন আৰম্ভ হৈছিল, কলেজৰ প্ৰিন্সিপালে নিমন্ত্রিত অতিথিসকলক ছাত্র-ছাত্ৰীৰ লগত চিনাকি কৰাই দিছিল। পলিয়ে নিৱিড় শইকীয়াক দেখা পাই তেওঁৰ লগত কথা পাতিবলৈ অপাৰগ হৈ পৰিছিল আৰু সন্মিলন শেষ হোৱালৈ অপেক্ষা কৰিছিল। কিছুসময় পিছত সন্মিলন শেষ হৈছিল আৰু পলিয়ে নিৱিড়ৰ ওচৰলৈ দৌৰি গৈছিল আৰু নিৱিড়ক হাত জোৰ কৰি কৈছিল, "নমস্কাৰ ছাৰ, মোৰ নাম পলি হাজৰিকা, পিছে সকলোৱে মোক গুণগুণ বুলি মাতে, মই আপোনাৰ সকলো লিখনিয়ে পঢ়ো, আপুনি বহুত ভাল লিখে।" নিৱিড়ে পলিক ধন্যবাদ জনালে। পলিয়ে নিৱিড়ক ক'লে, " মই আপোনাক এটা অনুৰোধ কৰিম, আপুনি মানিবনে?" নিৱিড়ে ক'লে, "হয় নেকি, পিছে আগতে কোৱাচোন কি অনুৰোধ?" তেতিয়া তাই ক'লে, " মোক আপোনাৰ ফোন নম্বৰটো দিব নেকি, মোৰ আপোনাৰ লগত অলপ কথা আছিল", নিৱিড়ে ক'লে, "বাৰু ঠিক আছে, লোৱা তেনেহ'লে নম্বৰটো মোৰ, ৯১০১৫....", পলিয়ে নিৱিড়ক বহুত ধন্যবাদ জনালে ।

প্ৰেমৰ অন্তিম যাত্ৰাDonde viven las historias. Descúbrelo ahora