খণ্ড-২

14 1 0
                                    

গধূলি ঘৰলৈ গৈ পলিয়ে নিবিড়ক ফোন কৰিলে...
নিবিড়: হেল্লো, কোনে কৈছে..
পলি   : মই গুণগুণে কৈছো ছাৰ, সেই যে আজি
            লগ পাইছিলো, মনত আছেনে?
নিবিড়: অ' পৰিছে মনত, বাৰু কোৱাচোন কি
            ক'বা...
পলি   : বেয়া নাপাই যদি মই আপোনাৰ লগত
            friendship কৰিব বিচাৰো...
নিবিড়: বাৰু আগতে কোৱাচোন, তুমি কিবা
            কথা আছিল বুলি কৈছিলা নহয়...
পলি   : হয় আছে, কিন্তু আজি নকওঁ, পিছত
            ক'ম দিয়ক, আগতে মোৰ লগত
            friendship কৰিবনে কওঁকচোন?
নিবিড়: হ'ব দিয়া, ঠিক আছে, কিন্তু মোৰ কোনো
            ছোৱালীৰ friend নাই...
পলি   : হিঁহি হয় নেকি, তেনেহ'লে আজিৰপৰা
            আমি দুইটা friend হ'লো..
নিবিড়: ok
পলি   : অ' thank you দেই, আৰু এটা কথা
            আছিল..
নিবিড়: কি কথা কোৱাচোন..
পলি   : মানে মই আপোনাক তুমি বুলি মাতিব
            পাৰিম নে?
নিবিড়: ঠিক আছে মাতিবা দিয়া, শুনাচোন মোৰ
            অলপ কাম আছে, পিছত কথা পাতিম
            দিয়া..
পলি   : হ'ব দিয়া, ফোন কৰিবা কিন্তু দেই..
নিবিড়: হ'ব কৰিম দিয়া, এতিয়া ৰাখিছো...

         এনেদৰে দুইটা খুব কম দিনৰ ভিতৰতে আপোন হৈ পৰিল, ঘন্টাৰ পিছত ঘন্টা দুয়ো কথা পাতিব ল'লে, দুয়ো দুয়োৰে লগত কথা নপতাকে থাকিবই নোৱাৰা হ'ল, লাহে লাহে দুয়ো দুয়োৰে প্ৰেমত পৰিল, পিছে দুইটাই বুজিছিল যে সিহঁতৰ মাজত প্ৰেম হৈছে, কিন্তু কোনোৱে কাকো খুলি কোৱা নাছিল কথাটো। এনেকৈ প্ৰায় ৬ মাহ পাৰ হৈছিল, আৰু এদিন নিবিড়ে পলিক মনৰ কথা কৈ দিছিল, তাইয়ো নিবিড়ক ভাল পাওঁ বুলি কৈছিল। মাজে মাজে সি নলবাৰীলৈ আহে তাইক লগ পাবলৈ আৰু আহিলেই তাইলৈ সদায় চকলেট আনে সি। এনেদৰে সিহঁত দুইটা বহুত সুখী আছিল।

         আনদিনাৰ দৰে এদিন গধূলি নিবিড়ে তাইলৈ ফোন কৰিলে।
নিবিড়: হেল্লো, মোৰ গুণগুণজনী কি কৰি
            আছা?
পলি   : মই জোনাকৰ বৰষুণত তিতি আছো
            নিবিড়...
নিবিড়: হয়নে সোণজনী, পিছে আৰু দুবছৰ
            পিছত আমি একেলগে জোনাকৰ
            বৰষুণত তিতিম দেই...
পলি   : তুমি সঁচাকৈ কৈছানে নিবিড়?
নিবিড়: সঁচাকৈ কৈছো, আৰু দুবছৰ পিছত মই
            তোমাক বিয়া পাতি লৈ আনিম দেই,
            মোৰ গুণগুণজনীৰপৰা মই
            আৰু দূৰত থাকিব নোৱাৰো দেই।
পলি   : অ' নিবিড়, মোক আৰু একো নালাগে,
           মই আজি বহুত
           সুখী। (আনন্দতে চকুপানী ওলাই
           আহিছিল পলিৰ)
নিবিড়: কি হ'ল এ বান্দৰী, কান্দিছ কিয়?
পলি   : মই কান্দা নাই নহয়, নিজে নিজেহে
            চকুপানী ওলাইছে, পিছে মই বান্দৰী
            নহয় দেই, তুমিহে বান্দৰ যোৱা..
নিবিড়: তুমি যদি বান্দৰী নহয়, তেনেহ'লে মই
            কেনেকৈ বান্দৰ হ'লো?
পলি   : তুমি যে দেখিবলৈ অলপ বান্দৰৰ
            নিচিনা, সেইকাৰণেহে মই বান্দৰ বুলি
            মাতো...
নিবিড়: কি কোৱা, মই দেখিবলৈ সঁচাকৈ বান্দৰৰ
            নিচিনা নেকি?
পলি   : পাগলটো মোৰ, ধেমালি কৰিছো অ'..
নিবিড়: হয়নে পাগলীজনী, পিছে যেনে নহ'লেও
            মই কিন্তু তোমাৰেই দেই...
পলি   : তোমালৈ বহুত মনত পৰিছে অ', মোক
            গান এটা গাই শুনোৱা না প্লিজ...
নিবিড়: হ'ব সোণজনী, শুনিবা দেই...
           "আজি জোনে ওৰণি খহালে,
             জোনাকী মেলা,
             আকাশত তৰাৰে খেলা,
             আই ঐ দেহি, কিয় মনে মাৰি থাকা?
             চেঁচা এছাটি বতাহে চুই,
             জপাব খুজিছে দুচকু ঐ,
            সপোনৰ কোঁৱৰে আহি ক'ব
            কাণৰে কাষত,
            ওঁঠতে গোলাপী হাঁহি বাগৰিব,
            ভনীটি টোপনি যাব....
            সৌ আকাশৰে তৰা দুটি,
            টিপ্ টিপ্ চকুৰে দুটি মণি,
            শিয়ালী বাই নাহিবি ৰাতি,
            সঁচাকে চাবি...
            তোৰে কাণে কাটি লগামে বাতি,
            ভনীটি যোৱা টোপনি..."

প্ৰেমৰ অন্তিম যাত্ৰাTempat cerita menjadi hidup. Temukan sekarang