খণ্ড-৫

8 1 0
                                    

নিবিড়: গুণগুণ তুমি ক'ত গৈছিলা এই কেইদিন,
            তোমাক মই কিমান ফোন কৰিছো
            তোমাৰ ফোন কিয় অফ আছিল....?
পলি   : মই এই দুদিন hospital ত আছিলো অ',
            ইয়াত ডাক্তৰে ৰোগীক ফোন চুব
            নিদিয়ে...
নিবিড়: কি হৈছে তোমাৰ গুণগুণ, তুমি থিকেই
            আছাতো ?
পলি   : মই থিকে আছো দিয়া, মোৰ জ্বৰ
            হৈছিল, এতিয়া ভাল পাইছো দিয়া,
            শুনাচোন কথা এটা কওঁ...
নিবিড়: কি কথা গুণগুণ, কোৱাচোন...
পলি   : মই গুৱাহাটীতে আছো, তোমাক লগ
            পাব বিচাৰো, মই তোমাৰ ৰুমত যাম,
            তুমি মোক নিব আহিব পাৰিবানে?
নিবিড়: হ'ব গুণগুণ, কোৱা ক'ত আছা তুমি, মই
            এতিয়াই গৈ আছো তোমাক আনিব...

         পলিয়ে দিয়া ঠিকনামতে নিবিড়ে আহি তাইক ৰুমলৈ লৈ গ'ল । ৰুম পাই নিবিড়ে তাইক বহিব দিলে আৰু ক'লে, "তুমি অলপ ৰ'বা দেই গুণগুণ, মই খাবৰ কাৰণে তোমালৈ কিবা লৈ আহো ।" পলিয়ে নিবিড়ৰ হাতত থাপ মাৰি ধৰিলে আৰু ক'লে, "নালাগে অ' ধুন, মোৰ একো খাব মন নাই, তুমি অলপ মোৰ কাষত বহাচোন"।
নিবিড়: হ'ব সোণজনী, মই আছো দিয়া তোমাৰ কাষতে...

        পলিয়ে নিবিড়ক সাৱতি ধৰিলে, নিবিড়ে কান্দি উঠিল আৰু ক'লে, " তুমি জানা মই কেনেকৈ আছো এই দুদিন, তোমাক মই বহুত ভাল পাওঁ অ' গুণগুণ "।
পলি   : মোক ইমান ভাল নাপাবা অ' ধুন, যদি
            কেতিয়াবা হেৰাই যাওঁ মই, তুমি
            কেনেকৈ থাকিবা..
নিবিড়: আৰু ক'ত যাব খুজিছা তুমি মোক এৰি,
            নিদিওঁ মই তোমাক যাবলৈ ক'তো, তুমি
            য'লৈ যোৱা মইও যাম তোমাৰ লগত,
            আৰু শুনা মই আৰু বেছিদিন নৰওঁ,
            অতি সোনকালে তোমাক বিয়া পাতি লৈ
            আহিম মোৰ কৰি একেবাৰে...

          পলিৰ দুচকুৰে চকুলো বৈ আহিল । নিবিড়ে চকুপানীখিনি মচি দি তাইক ক'লে, " কিয় কান্দিছা গুণগুন ?"
পলিয়ে ক'লে, "নাই অ' ধুন, এয়া মোৰ আনন্দৰ চকুপানী।" নিবিড়ে পলিৰ কপালত চুমা এটা আঁকি দিলে । পলিয়ে ক'লে, "আজি মই তোমাৰ লগত থাকিব বিচাৰো, তোমাক আজি হিয়া উজাৰি মৰম কৰিব মন গৈছে মোৰ ।" নিবিড়ে তেতিয়া ক'লে, "এয়া জানো ভাল কথা হ'ব?"

প্ৰেমৰ অন্তিম যাত্ৰাDonde viven las historias. Descúbrelo ahora