দ্ৰুতগতিত নৈশবাছখন আগবাঢ়িছিল। বাছৰ খিৰিকীৰে অন্তৰাই নিশাৰ মায়াসনা কোলাহল মুক্ত পৃথিৱীখন চাবলৈ চেষ্টা কৰিছিল। তাই দেখিছিল চাৰিওফালে সেউজীয়াৰ মাজে মাজে থোপা থোপে ফুলি থকা কৃষ্ণচূড়াৰ ৰঙা আৰু সোণাৰুৰ হালধীয়া ফুলবোৰ নিয়নলাইতৰ পোহৰত যেন অধিক মোহনীয় হৈ উঠিছে । নিশাৰ নিৰৱতা ভংগ কৰি মাজে মাজে চলি আছে নৈশ বাছবোৰ । তলসৰা ফুলবোৰ হৈ পৰিছে যেন একো একোখনি দলিছা এনেতে এছাটি গা মন জুৰোৱা বতাহৰ লগতে পাতলীয়া এজাক বৰষুণ নামিল। অন্তৰাই ডিঙিৰ পৰা দোপাট্টাখন উঠাই মূৰটোৰ লগতে কাণদুখনো ঢাকি ললে। সৰুৰে পৰা থকা টনচিলৰ প্ৰব্লেম টোৱে তাইক মাজে মাজে বৰ দিগদাৰ দিয়ে সেইবাবে এই বিষয়ত তাই সদায় সতৰ্ক। অন্তৰাই এইবাৰ তাইৰ কাষৰ চিটত বহি থকা লৰাটোৰ ফালে চালে, সি খুব মনোযোগেৰে কাণত হেডফোন লৈ মোবাইলত কিবা শুনি আছে। অন্তৰাই আবেলি মোবাইলত অহা মেচেজটোৰ কথা যিমান পাৰে পাহৰিবলৈ চেষ্টা কৰি ব্যৰ্থ হৈ পৰিছে। চকু দুটা মুদি তাই গোটেই দিনটোৰ আৰম্ভনিৰ পৰা নাইট ছুপাৰত উঠি বহা লৈকে এবাৰ মনত পেলালে। ৰাতিপুৱা 9 বজাতে আৰাম্ভ হৈছিল জুলোজী'ৰ প্ৰেক্টিকেলৰ পৰীক্ষা, আবেলি পাচ বজালৈ লেৱৰেটৰীত পাৰ হ'ল। ফৰমেলডিহাইডৰ অসহ্য গোন্ধটো যেন এতিয়াও তাইৰ নাকত লাগি আছে। গোটেই দিনটো খাবলৈ সময়েই নহল, ৰাতিপুৱা কলেজৰ কেন্টিনত ব্ৰেকফাষ্ট, এফালে ইউনিভাৰচিটিৰ শেষ পৰীক্ষা, শেষ কৰি ঘৰলৈ যোৱাৰ আনন্দ, আনফালে কাহানিও আশা নকৰা দেউতাকে দিয়া মোবাইলৰ মেচেজটো।মেচেজটো ৱে যেন তাইৰ গোটেই খন খেলি মেলি কৰি পেলালে।ভাবিছিল পৰীক্ষা শেষ হলে দুদিনমান হোষ্টেলতে খুব ফুৰ্তি কৰিব তাৰ পাছত হে ঘৰলৈ যাব কিন্ত পৰীক্ষা শেষ হোৱাৰ দিনাখনেই ঘৰলৈ যাবলৈ ট্ৰেভেল এজেন্সীত ফোন কৰি টিকত বুক কৰিব লগা হল। সন্ধিয়া হোষ্টেলত একেলগে থকা লগৰ ছোৱালী কেইজনীক মাত লগাবলৈ যাওতে আটায়ে আচৰিত হল, অন্তৰাই কোনোমতে মেছেজ টোৰ কথা কৈ চকুপানী মচি মচি তাইক বাছষ্টপত নিবলৈ অহা অটখনত বহিল।
আগলৈ..............