"ফুল ফুলক ৰ'দৰে ফুল" PART 3

85 4 1
                                    

কথা খিনি শুনাৰ পিছতো তাই মনে মনে থকা দেখি সি বিৰক্ত অনুভৱ কৰি হেডফোন কাণত লৈ মোবাইলত জুবিন গাৰ্গৰ তাৰ পচন্দৰ গীত এটি play কৰিলে "চাব খুজিও নেদেখো মই, কতেবা আছা অ লগৰ তুমি, ধিৰে ধিৰে হেৰাই যায আবেলিৰে ৰদালি" ................গীতৰ কলিটিয়েযেন তাক লৈ গল সপোনৰ দৰে এটি আবেলিলৈ।বহু বছৰ আগতে এবাৰ গৰমৰ বন্ধত সি উত্তৰ লখিমপুৰৰ পেহীয়েকৰ ঘৰলৈ গৈছিল,চাৰিওফালে ধাননি পথাৰ,মাছৰ পুখুৰী, বিধে বিধে গছত লাগি থকা পকা ফলবোৰ, গছত উঠি নিজৰ হাতেৰে পকা ফল চিঙি খোৱাৰ আনন্দ সি কেতিয়াও পাহৰিব পৰা নাছিল,
তাতেই লগ পাইছিল তাৰ শৈসৱৰ লগৰী অনুক।তাইও বন্ধত ফুৰিবলৈ গৈছিল মোমায়েকৰ ঘৰলৈ, গোটেইগাল লৰা ছোৱালী পাচ , ছয় বছৰীয়া মাত্ৰ সি অলপ ডাঙৰ ।সি হৈছে দলটোৰ লিডাৰ।ৰাতিপুৱাৰ পৰাই সিহতৰ অপাৰেচন আৰাম্ভ হয় পুখুৰীত বৰশী বোৱা, গছত উঠি চৰাই ধৰা কিমানযে ফুৰ্টী।এদিন গোটেই জাকে বৰশী বাবলৈ গাতৰ পৰা কেচু উলিয়াই আছিল, এনেতে তাৰ পেহীয়েকৰ লৰাটোৱে জীয়া কেচু এডাল অনুৰ ভৰিত উঠাই দি আটাইকেইটাই পলাই পত্ৰং দিছিল... তাইৰ গগনফলা চিঞৰত ৰব নোৱাৰি সি গছৰ পকা পাতেৰে কেচুডাল এৰুৱাই দিছিল আৰু তাইক ঘৰলৈ লৈ আহি পেহীয়েকৰ আগত গোটেই কথাবোৰ কৈ দিছিল আৰু ডেটল পানীৰে তাইৰ ভৰিখন মচি দিয়া দেখি পেহীয়েকে তাক জোকাই জোকাই কৈছিল, বাঃ একে বাৰে ডাক্তৰ জন ওলাইছে চা, ইমান মৰমলগা ছোৱালী পাই! ডাঙৰ হলে এইজনীকে তোৰ লগত বিয়া পাতি দিম, সি বৰ লাজ পাইছিল আৰু তললৈ মূৰ কৰি বহুত সময় থিয় হৈ আছিল।যদিও তাৰ বুজা বয়স হোৱা নাছিল তথাপি তাৰ অবুজ হৃদয়ত পেহীয়েকৰ কথাষাৰ খোপনি পুতি ৰৈ গৈছিল।
গৰমৰ বন্ধ শেষ হোৱাৰ কেইদিন মান আগতে সিহঁত এৰাএৰি হৈছিল, সিদিনা অনুই কান্দি কান্দি আটাইৰে পৰা বিদায় লৈ আইতাকৰ লগত ঘৰলৈ গুচি আহিছিল। পুৰনি কথাবোৰ ভাবি থাকোতে কিমান সময় পাৰ হৈ গল সি গমকেই নাপালে ঘড়ীটো চাই গম পালে এঘাৰ বাজিছে , সি ছোৱালীজনীৰ ফালে চালে তাই বাছৰ চিটতো নমাই লৈ টোপনি গৈছে । সিও চকু দুটা মুদি অকনমান শুৱলৈ চেষ্টা কৰিলে, কিন্ত এটা কথাই তাক বাৰে বাৰে আমনি কৰি থাকিল ছোৱালী জনীৰ কি প্ৰবলেম হৈছে বাৰু? যাৰ বাবে তাই ইমান upset হৈ আছে ।

আগলৈ.......

"ফুল ফুলক ৰ'দৰে ফুল" Where stories live. Discover now