"ফুল ফুলক ৰ'দৰে ফুল" PART 2

110 5 5
                                    

বাছত  উঠি খিৰিকিৰ কাষৰ  চিটটো পাই অন্তৰাই  ভালেই পালে অন্তত,  চকু পানী ওলাই থকা মুখখন কোনেও নেদেখিব।ইফালে পেটৰ ভোকটোৱেও হেচাঁ মাৰি ধৰিছে,তাই ঘড়ীটোলৈ চালে আঠ বাজিবলৈ এতিয়াও  পোন্ধৰ  মিনিট বাকী।বাছৰ খিৰিকীৰে ওচৰৰ দোকানখনৰ পৰা কেইটামান  চিপচৰ পেকেট আৰু চকলেট  কিনি ললে। ইতিমধ্যে বাছৰ চালকজন আসনত বহি ষ্টিযাৰিঙত হাত থৈছে, অন্তৰাই  নিচিন্ত  হল গাড়ীখন চলিবলৈ চাগে বেচি দেৰী নালাগিব। ইতিমধ্যে ওচৰত বহি থকা লৰাটোৱে টিফিন বক্স  এটা খুলি কিবা কিবি খোৱা বস্তু উলিয়াইছে,  ভোকত ৰব নোৱাৰি তাইও চিপচৰ পেকেট  এটা খুলি খাবলৈ আৰাম্ভ  কৰিলে,  কিছু সময়ৰ  পিছত  লৰাজনে মালভোগ  কল এটা অন্তৰাৰ ফালে আগবঢ়াই  দি কলে বেয়া নাপাই যদি এইটো লওকচোন , অন্তৰাই  লও  নলওকৈ ভদ্ৰতাৰ খাতিৰত কলটো হাতত লৈ চিপচৰ  পেকেট এটা তেখেতলৈ আগবঢ়াই  দিলে। লৰাজনে চিপচৰ  পেকেটতো হাতত লৈ যিটো মন্তব্য  আৰু পৰামৰ্শ  দিলে, অন্তৰাৰ বুজিবলৈ বাকী নাথাকিল তেওঁ যে এজন ডাক্টৰ, তথাপিও  সন্দেহ  দুৰ কৰিব লৈ তাই লৰাজনক  ক'লে- আপোনাক কথা এটা সোধোনে?   , বেয়া  নেপায যদি " সি কলে কথা এটা সুধিলে কিয় বেয়া পাম, সোধকচোন"। অন্তৰাৰ মুখত  এটা হাহি বিৰিঙি  উঠিল  তাই  সুধিলে আপুনি ডাক্টৰ  নেকি? 'সি ক'লে  'আপুনি ঠিকেই  ধৰিছে, মই ডিব্ৰুগড় মেডিকেল  কলেজ হাস্পতালৰ এজন হৃদৰোগ বিশেষজ্ঞ ।'  অন্তৰাৰ মুখখন সি ভালকৈ মন কৰিলে আৰু মনত পেলাবলৈ  চেষ্টা কৰিলে সি তাইক কৰবাত যেন দেখিছে কিন্ত  কত দেখিছে বাৰু? চিন্তা কৰি থকা যেন দেখি অন্তৰাই  ক'লে আপুনি মনে মনে  কিবা চিন্তা কৰিছে নেকি ? সি তৎখনাত বাস্তৱলৈ ঘুৰি আহি ক'লে  নাই নাই  একো  চিন্তা  কৰা নাই   আপোনাৰ  কথা কওকচোন  মানে কি কৰি আছে ?  কলৈ যাব? মই ডিব্ৰুগড়ৰ  বিশ্ববিদ্যালয়ৰ  জুলোজী বিষয়ত বিশ্ববিদ্যালয়ৰ  শেষ পৰীক্ষা দি এয়া ঘৰলৈ গৈ আছো। মোৰ ঘৰ গুৱাহাটীত,  আপোনাৰ  ঘৰ? লৰাটোৱে কলে মোৰ ঘৰ হাজোত,  কথা কওতে সি ছোৱালীজনীক  ভালকৈ নিৰীক্ষণ  কৰিলে তাই যেন বহু সময়  চকুলো টুকিছে সেইবাবে চকুহাল  চাগে উখহি উঠিছে। অন্তৰাই  এবাৰ ঘড়ীটোলৈ চালে দহ বাজি গৈছে। তাই বাছৰ খিৰিকীৰ পৰ্দাখন আতৰাই গ্লাছৰ  ফাকেৰে আকাশখন চালে, আকাশন  ফৰকাল হৈ পৰিছে কিন্ত  তাইৰ মনটো দেখোন একেই আছে   "খিৰিকীৰ  ফাকেৰে কি চাইছে" লৰাজনে সুধিলে? তাই কলে , "আকাশখন"।  'খিৰিকীৰে আকাশ চালে আকাশৰ  বিশালতা ধৰিব নোৱাৰি,  আকাশখন  চাবলৈ মনটোও বহলকৈ মেলি দিয়াৰ  দৰকাৰ,   মই মন কৰিছো আপুনি যেন কিবা এটা ডাঙৰ সমস্যাত  ভুগি আছে। ডিব্ৰুগড়ক বেয়া পালে নেকি?, লৰাজনে সুধিলে, অন্তৰাই  গহীন  হৈ  পৰিল, তাই কবলৈ ধৰিলে-- আজিৰ  দিনটো বাদ দি যোৱা কেইবছৰৰ প্ৰতিটো দিনৰ প্ৰতিটো  মুহুৰ্ত্তৰ স্মৃতি বোৰ মই পাহৰিব  নোৱাৰিম ।সি আকৌ সুধিলে, 'আজি কিবা বিশেষ ....আজিৰ দিনটো বাদ দিলে যে'   আপোনাৰো বেয়া লাগিব কথাবোৰ  যদি শুনে, প্ৰথম  চিনাকিৰে মই আপোনাৰ মনটো বেয়া  নকৰো;  অথনি আপুনি ঠিকেই কৈছিল  আকাশ খন আচলতে মোৰ চাবলৈ মন যোৱা নাই  অথচ চাইছো, মনটো ভাল নহলে পৃথিৱীৰ  কোনো বস্তুৱে ভাল নালাগে;  সি আচৰিত হৈ ক'লে ..........আপোনাৰ চাগে বহুত ডাঙৰ  সমস্যা হৈছে   "too much brooding causes anxiety" বেয়া নেপায  যদি আপোনাৰ প্ৰব্লেম টো  মোৰ লগত  share কৰিব  পাৰে, আলোচনাৰ মাধ্যমেৰে বহুত solution পোৱা  যায়।

আগলৈ................

"ফুল ফুলক ৰ'দৰে ফুল" Where stories live. Discover now