তাৰ ফোন নম্বৰ থকা কাৰ্ড এখন উলিয়াই বাছৰ খিৰিকীৰে অন্তৰাৰ হাতত তুলি দিলে । বাছৰ পৰা নামি খুৰাকে তাইক নিবলৈ অহা কাৰখনত উঠিল আৰু গোটেই ৰাষ্টা টো ৰাজদীপৰ কথা ভাবি গৈ থাকিল ,দেউটাকে তাইৰ বাবে পচন্দ কৰা লৰাটো যাতে ৰাজদীপৰ দৰে সৎ চিন্তা কৰা আৰু ভগবান বিস্বাসী হয় । মনে মনে থকা দেখি খুৰাকে সুধিলে "মাজনী একো কোৱা নাই যে গা বেয়া লাগিছে নেকি? "
নাই খুৰা ৰাতি বাছত ভালকৈ টোপনি হোৱা নাই। পদুলি মুখতে আৰামী চকী এখনত আইতাকক বহি থকা দেখা পাই অন্তৰাই সাবতি ধৰি দুগালত চুমা আকি দিলে আৰু সেৱা কৰি নিজৰ কোঠাত সোমাল।।কিছুসময়ৰ পাছত দেউতাকে তাইৰ কোঠাত প্ৰৱেশ কৰি ক'লে মাজনী তোক নোসোধাকৈ বিয়াখন ঠিক কৰা বাবে তই মোক ক্ষমা কৰি দিবি কাৰন তোৰ মতামত জানি লোৱাৰ কথা মই চিন্তাই নকৰিলো। তোৰ আইতাৰে সৰুতে তোৰ বাবে এই লৰাটো পচন্দ কৰি থৈছিল, অন্তৰাই দেউতাকক আৰু কিবা কবলৈ সুযোগ নিদি কলে দেউতা মই এই বিয়াত সন্মতি দিছো তুমি কোনো চিন্তা নকৰিবা।
অন্তৰাৰ কথা শুনি দেউতাকে চকুৰে ওলাই অহা আনন্দৰ চকুপানী খিনি মচি কোঠাৰ পৰা ওলাই আহিল ।
ইতিমধ্যে অন্তৰাৰ বিয়াৰ দিন ওচৰ চাপি আহিল। ইফালে ৰাজদীপেও মনে মনে চিন্তা কৰি থাকিল কত দেখিছিল বাৰু অন্তৰাক? তাই বাছৰ পৰা নামি যোৱাৰ পাচত তাৰ মনতো বেয়া লাগিল সি ভাবিলে অন্তৰা আতৰি যোৱাৰ লগে লগে মোৰ কিয় এনেকুৱা লাগিছে মই বাৰু তাইৰ প্ৰেমত পৰি গলো নেকি? "আৰে মই কি ভাবি আছো !" তথাপিও তাইৰ মৰম লগা মুখখনে তাক বৰকৈ আমনি কৰি থাকিল। ঘৰ পোৱাৰ কিছুদিন পিচত এদিন পেহীয়েকে তাৰ কোঠাৰ দৰজাখন ঠেলি ভিতৰলৈ সোমাই আহি ফটো এখন উলিয়াই তাৰ সন্মুখত ৰাখি কলে ৰাজু এয়া তোৰ কইনাজনীৰ ফটো, ৰাজদীপে ফটোখন হাতত লব খোজতেই মোবাইলটো বাজি উঠিল ....
হেল্ল .....কোৱাৰ লগে লগে সিটো ফালৰ পৰা নাৰী কন্ঠ ভাহি আহিল "মই অন্তৰাই কৈছো, বিয়ালৈ নিমন্ত্ৰন কৰিবলৈ ফোন কৰিছো" আহিব কিন্ত, ৰাজদীপে কলে আহিম বাৰু, আপোনাৰ ভালনে? "অ ভালেই" ঠিক আছে ৰাখিছো , ৰাজদীপে বাৰু বুলি কৈ পেহীয়েকৰ হাতৰ পৰা ফটোখন লৈ দুচকু থৰ হৈ ৰৈ গল এয়া কেনেকৈ সম্ভৱ হল, সপোনতো ভবা নাছিল মাক দেউতাকে যে অন্তৰাৰ লগত তাৰ বিয়া ঠিক কৰিছে ,খন্তেকীয়া সময়ৰ বাবে হলেও অন্তৰাক সচাকৈ তাৰ ভাল লাগিছিল তাইৰ গাত থকা ছোৱালীসুলভ গুণটোৰ বাবে।
সি ভগবানক ধন্যবাদ দিলে
কিন্ত পিচমুহুততে তাৰ মনটো বেয়া লাগিল,সি যেন এতিয়াই তাইক সকলো কথা কৈ তাইৰ টেনচন একেবাৰে দূৰ কৰিব , পিচ মুহূৰ্ততে সি আকৌ ভাবিলে নাই নাই এইটো চাৰপ্ৰাইজ হৈ থাকক তেতিয়াহে ভাল লাগিব। মনে মনে থকা দেখি পেহীয়েকে তাক কপালত ঠেলা এটা মাৰি সুধিলে "ঐ তই ছোৱালীজনী চিনি পাইছনে?" সি আচৰিত হৈ পেহীয়েকক সুধিলে তুমি কোন ছোৱালীক চিনি পোৱাৰ কথা কৈছা পেহী? ফটোখনৰ ছোৱালীজনী .........
এইবাৰ পেহীয়েকে তাক লৰালিৰ লখিমপুৰলৈ যাওতে অনু নামৰ ছোৱালীজনীৰ ভৰিৰ পৰা কেচু গুচাই দিয়া ঘটনাটো মনত পেলাই দিলে , তেতিয়াহে তাৰ মনত পৰিল আৰু বুজিবলৈ বাকী নাথাকিল যে এইজনীয়েই তেতিয়াৰ অনু আৰু বৰ্তমান ৰ অন্তৰা।
পেহীয়েকে লৰালিতে কোৱা কথাটো যে এদিন সচা হব সি ভাবি আচৰিত হল। তাৰ বুক মাজেৰে এটা অনামি পুলক পাৰ হৈ গল।
বিয়াৰ দিনা অন্তৰাৰ লগৰ ছোৱালীবোৰে তাইক জোকাই জোকাই সুধি আছে , দৰাটো দেখিবলৈ বা কেনেকুৱা?
অন্তৰাই কিন্ত সিহতৰ কথাত গুৰুত্ব দিয়া নাই; তাইৰ আইতাকৰ ওপৰত সম্পুৰ্ণ বিস্বাস আছে। ৰভাতলীৰ উদুলি মুদুলি পৰিবেশে তাইৰ মনটো গধুৰ কৰি তুলিছে ,আয়তী সকলে জাউৰিয়ে জাউৰিয়ে বিযা নাম গাইছে, অন্তৰাৰ মাকলৈ আজি বৰকৈ মনত পৰিছে , মাকজনী আজি তাইৰ কাষত থকা হলে ! ...... দুচকুৰে দুধাৰি চকুলো বৈ আহিল, কোনোবাই দৌৰি আহি কলে দৰা আহি পালে ........দৰা আহি পালে.........
ইতিমধ্যে দৰা আহি পদুলিমুখত উপস্থিত হৈছে, অন্তৰাৰ দেউটাকে দৰাক আদৰি আনি ৰভাতলীত বহুৱাই থোৱাৰ কিছুসময়ৰ পিছত দৰাঘৰৰ কেইজনী মান ছোৱালীয়ে ভিতৰৰ পৰা অন্তৰাক দীঘল ওৰণিৰে ঢাকি লৈ আনি ৰভাতলীত বহুৱাই দিলে, অন্তৰাৰ বুকু খন দুৰু দুৰুকৈ কপি উঠিল ।
হোমৰ জুইক সাক্ষী কৰি মাংগলিক বিধি বিধানেৰে , পুৰোহিতৰ মন্ত্ৰ ধ্বনিৰ মাজেৰে বিবাহ কাৰ্য্য আগবাঢ়িল।মাজে মাজে পুৰোহিতে দৰাক মন্ত্ৰ উচ্চাৰণ কৰিব দিয়াত অন্তৰা আচৰিত হল, তাই যেন নিজৰ কাণ দুখনকে বিস্বাস কৰিব পৰা নাই, তাইৰ হবলগীয়া মনৰ মানুহজনৰ মাতটো দেখোন চিনাকী চিনাকী লাগিছে, তাই মনে মনে ভাবিলে ওৰণিখন তুলি এবাৰ যদি চাব পাৰিলোহেঁতেন ! পিছ মুহুৰ্ততে তাই নিজকে সংযত কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হল। কিছুসময়ৰ পিছত পুৰোহিতে দৰাক কইনাৰ সেওঁতাত সেন্দুৰ দিবলৈ কলে,ৰাজদীপে সেন্দুৰৰ পাত্ৰটোৰ পৰা সেন্দুৰ লৈ অন্তৰাৰ সেওঁতাত দিব খোজতে হাত খন কপিঁ উঠিল, ভগৱানৰ নাম স্মৰণ কৰি সেওঁতাত সেন্দুৰ বুলাই দিলে আৰু কোনেও নুশুনাকৈ ফুচফুচাই কলে "অন্তৰা মই তোমাৰ নিমন্ত্ৰণ ৰক্ষা কৰিলো, কিন্ত বেয়া নাপাবা তোমাক মই চিৰ জীৱনৰ লগৰী কৰি লৈ যাবলৈ আহিছো, তাৰ বাবে তুমি মোক ক্ষমা কৰিবা। মই তোমাক পাই বহুত সুখী অন্তৰা" অন্তৰা তুমি ধৰিব পাৰিছা নে?মই ৰাজদীপ, অন্তৰাৰ এইবাৰ বুজিবলৈ বাকী নাথাকিল, তাইৰ মুখৰ পৰা ওলাই আহিল সপোন যেন লগা এশাৰী বাক্য। " ৰাজদীপ মইও তোমাক পাই বহুত সুখী"।
দুখন পবিত্ৰ হৃদয়ৰ মিলনৰ সাক্ষী হৈ ৰল পুৱতী নিশাৰ শেৱালি যেন তৰালি।