অবশেষত সি নিজকে চম্ভালিব নোৱাৰি সুধিয়েই পেলালে "আপুনি টোপনি গল নেকি?" তাই লগে লগে চকু মেলি চাই কলে , "নাই নাই টোপনি যোৱা নাই এনেয়ে চকু মুদি আছো, আপুনিও শোৱক। সি কলে " আচলতে মোৰ টোপনি ধৰা নাই, হস্পিটেলৰ নাইট ডিউটি আৰু সময়ে সময়ে থকা ইমাৰজেঞ্চি অপাৰেচন....বোৰৰ পাছত শেষ ৰাতিহে টোপনি অহা habit হৈ পৰিছে। কেইটামান মুহূৰ্তৰ পিছত আমি দুয়ো দুটা বেলেগ পথৰ যাত্ৰী হৈ দুফালে গুছি যাম , গতিকে এই খিনি
সময় আমি কথা পাতিয়েই কটাও আপুনি যদি বেয়া নাপায়?" তাই কলে "নাই নাই কিয় বেয়া পাম ইমান দূৰ আমি একেখন ঠাইৰ পৰা আহিলো অথচ দুয়োৰে নাম দুটা দুজনেই নাজানিলো"! 'অ' চৰি চৰি মোৰ নাম ৰাজদীপ চৌধুৰী আৰু আপোনাৰ?
মোৰ নাম অন্তৰা কলিতা।শেষ বাৰৰ কাৰনে ৰাজদীপে অন্তৰাক আকৌ সুধিলে কওকচোন আপোনাৰ সমস্যাটো, তাই কলে আচলতে মই এটা জটিল সমস্যাৰ মুখামুখী হবলৈ গৈ আছো। কওকচোন কিজানি সমস্যাটোৰ কিবা সমাধান ওলায়েই । তাই শুকান হাহি এটা মাৰি কবলৈ ধৰিলে, "আজি আবেলি দেউতাই মোৰ মোবাইলত এটা মেচেজ দিছে, মোৰ আইতাৰ বহুত বয়স হৈছে আৰু তেখেতৰ এটা ডাঙৰ বেমাৰ হৈ মৃত্যুৰ সৈতে যুজি আছে আইতাৰ শেষ ইচ্ছা মোৰ বিয়াখন চোৱা, সেইবাবে দেউতা আৰু মামাহঁতে লৰা ঠিক কৰি মোৰ বিয়াৰ যো -জা কৰিছে, এনেকুৱা খবৰ শুনাৰ পাছত কাৰ মন ভালে থাকিব কওক চোন?" ৰাজদীপে কলে , বেমাৰটো দেখোন ডাঙৰেই ইয়াৰ ঔষধ হয়টো মই দিব নোৱাৰো কিন্তু solution দিব পাৰো, অন্তৰাই লগে লগে চিঞৰি উঠিল কওকচোন কওক মই কি কৰিব লাগিব?
সি কলে "আপুনি বিয়াখনত সন্মতি দিয়ক নহলে কোনো উপাই নাই । জন্ম , মৃত্যু, বিবাহ এই সকলোবোৰ ভগৱানৰ হাতত। আপুনি, মই কৰিব লগীয়া একোৱেই নাই, হয়তো ভগৱানেও চাগে তাকেই বিচাৰিছে"। অন্তৰাই কলে আপুনি ডাক্টৰ হৈও ভগৱানৰ ওপৰত ইমান বিশ্বাস? ৰাজদীপে কলে "অ' মই ভৱানক বহুত বিস্বাস কৰো, কাৰণ মই যেতিয়া অপাৰেচনচ শেষ কৰি O.T.ৰ পৰা ওলাই পেচেণ্টৰ এটেন্ডেন্টৰ ওচৰত থিয় হও তেতিয়া তেওঁলোকে মোক হাতযোৰ কৰি কয " চাৰ আপুনি আমাৰ ভগৱান আপুনি আজি আমাৰ পৰিয়ালটো বচালে "।
কিন্ত মই জানো তেওঁলোকে আবেগৰ বশৱৰ্তী হৈহে মোক ভগবান বুলি ভাবে, পিচ মূহুৰ্ততে যেতিয়া আবেগ আতৰি যায তেতিয়া ভগবানৰ নাম স্মৰণ কৰি তেওঁকহে ধন্যবাদ দিয়ে। আচলতে ভগৱানেহে আমাক যি কোনো decision লবলৈ শক্তি দিয়ে। গতিকে এইটোও আপুনি ভগৱানৰ ইচ্ছা বুলি মানি লওক, মোৰ দৃষ্টিত খন্তেকীয়া আলোচনাৰে ইয়াতকৈ ভাল solution হয় টো মই দিব নোৱাৰিম ।
ৰাজদীপৰ কথাবোৰে অন্তৰাৰ মনৰ কোঠাত কুণ্ডলী পকাই থকা দূখবোৰ নিমিষতে নোহোৱা কৰিলে। তাই ৰাজদীপক ধন্যবাদ দি কলে মইও যদি তেতিয়া দেউতাৰ মেচেজটো আপোনাৰ দৰে ভাবিলোহেতেন!
"Thank God মোৰ solution টোৱে যে আপোনাক সহায় কৰিলে,সেয়াই যথেষ্ট।"
অন্তৰাৰ কথাবোৰ শুনি ৰাজদীপে অন্যমনস্ক হৈ বাছৰ নিয়ন লাইটটোৰ ফালে কিছু সময় চাই ৰ'ল; কাৰন তাৰো দেখোন একেই সমস্যা, মাক দেউতাকে ছোৱালী চাই বিয়া ফাইনেল কৰিছে আৰু সি এতিয়াহে ঘৰলৈ গৈ কইনাৰ ফটো দেখিব, অৱস্যে সি মাক দেউতাকক...............আগলৈ..