Chapter 2

18 7 4
                                    

সেই সত্যটো যেতিয়া আকাশে গম পালে, তাৰ মূৰত যেন সকলো ভাগি পৰিল!
ভগৱান কিয় এনেকুৱা?
আচলতে বহুদিনৰে পৰা তাৰ মনটো সলনি হ'বলৈ ধৰিছিল! বহুত  বেলেগ...
তাৰ এনে লাগিছিল যেন সি ল'ৰা নহয়!!!
অজানিতে তাৰ নিজকে ছোৱালীৰ ৰূপত চাবলৈ মন গৈছিল!
অকণমাণি ভনীয়েকজনীৰ চোলাবোৰৰ প্রতি মোহ জাগিছিল তাৰ!!!
পাগল পাগল যেন অনুভৱ হৈছিল তাৰ!!!!
সি বহুতো কাহিনী পঢ়িছে,কিতাপ- উপন্যাস পঢ়িছে!
মানে তাৰ সন্দেহ সচাঁ!!
মানে সি ল'ৰা নহয়!!!!
সি কোঠাত  নিজকে বন্ধ কৰি কান্দিছিল মাথোঁ!!!! কাক ক'ব সি মনৰ কথাবোৰ খুলি? কেনেকৈ জীয়াই থাকিব এনে এটি জীৱন লৈ?
ভগৱানে কিয় তাক এনেদৰে গঢ়িলে?তাৰ কি ভুল আছিল?
নে তাৰ পূর্বজন্মৰ পাপৰ ফল?
হয়, সি এজন বেলেগ ধৰণৰ মানুহ,

Yes, he is a gay.
সি মাথোঁ কান্দিছিল, নালাগে মোক এনে এটা জীৱন!
তথাপি সি নিজকে সংযত কৰিছিল,
সি জীয়াই থাকিব, থাকিব লাগিব তাৰ মাক-দেউতাকৰ কাৰণে, ভনীয়েকজনীৰ কাৰণে!

সিটো মাক-দেউতাকৰ আগত মুখ খুলি সুধিব  নোৱাৰে ...
মাক-দেউতাকৰটো কোনো ভুল নাই!
তাৰ ভাগ্যতে লিখা আছিল এইবোৰ!!!!

সি নিজকে চম্ভালিবলৈ আপ্রাণ  চেষ্টা চলালে!
কিন্তু মন যে অবুজ!!!!
নিজকে ধ্বংস কৰি পেলাবলৈ মন গৈছিল আকাশৰ!
কিন্তু বাৰে বাৰে মাক-দেউতাকৰ আৰু ভনীয়েকজনীৰ ছবি চকুৰ আগত ভাঁহি আহিছিল তাৰ!!!!

Google ত   search  কৰোঁতে সি সকলো গম পালে,
"কেতিয়াবা মানুহ জন্ম হওঁতে এনেধৰণৰ হৈ নাহে,কিন্তু কেতিয়াবা স্বাভাবিকভাবেই হ'ৰমনবোৰ সলনি হৈ যায়, যাৰ বাবে মানুহজনৰ 
মনত এনে ভাৱে জন্ম লয় যেন তেওঁ নপুংসক।
পৰিয়ালত এনেধৰণৰ লোক থকা-নথকাৰ লগত কোনো কথা নাই! কাৰণ ই কোনো সোঁচৰা ৰোগ নহয়, যাৰে-তাৰে সৈতে এনে হ'ব পাৰে। "

তাৰ দুচকু সেমেকি উঠিল!
সি মানে এতিয়া জীৱনটো অন্যধৰণেৰে জীয়াই থাকিব লাগিব।
তাৰ জীৱনত নাৰীৰ কোনো স্থান নাই!
সি সেয়া মানি লৈছে।
অকলেই জীয়াই থাকিব সি ওৰে জীৱন!!!

"জীৱন এটি নুবুজা সাথঁৰ!

       //আজি যদি বৈছে সুখৰ মলয়া,

তেন্তে কাইলৈ কিজানি অনুভৱ কৰিবা....
       
         দুখৰ কোলাহল//"
  
মুখেদি এটি হুমুনিয়াহ ওলাই আহিল আকাশৰ!
অতদিনে তাৰ মনৰ আকাশ ফৰকাল আছিল,
কিন্তু আজি যেন তাৰ আকাশৰ মনত এচমকা কলীয়া ডাৱৰ!
ডাৱৰবোৰে যেন নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ আৰু অধিক ক'লা কৰি তুলিছে...
এক অজানা দুখৰ ছায়াই তাক চুই গ'ল!

****
****
****

Next part
                 Coming soon!

জীৱন জানো এনেকুৱা? (Is life like this) Where stories live. Discover now