Chapter 5

14 4 14
                                    

তেতিয়া সুদূৰ আকাশত ৰাঙলী  সূৰুযে মেলানি মাগিছিল....

এছাটি মধুৰ  বতাহে প্রেৰণাক চুই গ'ল!

তাইৰ দুচকুত ভাঁহি আহিল, তাইৰ আকাশৰ মৰমলগা মুখখনি!

হয়, তাই তাক ভাল পাই পেলাইছে!
বুকুৰ কোঠাটিত প্রথম প্রেমৰ ফুলপাহি ফুলি উঠিছে... আকাশৰ বাবেই!

কিমান দিনৰ পৰা তাই লুকাই - চুৰকৈ  কবিতা লিখিছিল, মানুহে কয়, "প্রেমত পৰিলেহে হেনো মানুহে কবিতা লিখে.....! "

তাইৰ মুখত এটি হাঁহি বিয়পি পৰিল!

দৌৰি যাবলৈ মন গ'ল, তাৰ ওচৰলৈ!
নাই, নাই মই তাক ক'বই লাগিব, মনৰ কথাবোৰ!
ন'হলে মই জীয়াই থাকিব নোৱাৰিম!

- প্রেৰণাই ভাবিলে!

এতিয়া, আকাশেই তাইৰ জীয়াই থকাৰ প্ৰেৰণা!

:ঐ, কি ভাবি আছ' ইমান?
-মেঘালীৰ চিঞৰত  তাই বাস্তবলৈ ঘূৰি আহিল।
:অ' তই! কেতিয়া আহিলি?

:যেতিয়া তই অকলে - অকলে হাঁহি আছিলি!
আকাশৰ কথা ভাবি থাক' হয়নে  বাৰু?
- মেঘালীয়ে হাঁহিলে।

:যাঃ  এইজনী!
-প্রেৰণাই লাজতে তলমূৰ কৰিলে।

:এতিয়া লাজ কৰিব নালাগে! মই সব গম পাওঁ!
তই তাক কৈ দে সোনকালে! সময় ৰৈ নাথাকে!

    তাই তাক ক'ব লাগিব, কিন্তু কেনেকৈ?

"প্রথম প্রেমৰ ভাৱনাবোৰ যেন তিতা - মিঠা,

বুকুৰ মাজত সঘনে বাঢ়ি আহে ঢৌ!

তুমি জানো শুনিছা!

এবাৰ অনুভৱ কৰা!

প্রেমৰ বৰষুণজাকত এবাৰ মাথোঁ,

নিজক বিলীন কৰি দিয়া!

দুচকু মুদিলেই মোক দেখা পাবা! "
প্রেমৰ অনুভৱবোৰ সচাঁই ধুনীয়া!
আৰু যদি সেয়া প্রথম প্রেম হয়? তেন্তে কথাই নাই!
*****
Next part, coming soon!

জীৱন জানো এনেকুৱা? (Is life like this) Hikayelerin yaşadığı yer. Şimdi keşfedin