নদীখনৰ কাষে - কাষে গজি উঠা কহুঁৱা বনবোৰত বতাহজাকে যেন হাত বোলাইছে....
দাঁতিতে থকা কৃষ্ণচূড়া-ৰাধাচূড়া কেইজোপাও
হালিছে - জালিছে!চাৰিওদিশে মাথোঁ শান্তিৰ মলয়া!!!!
:ক'চোন, কিয় মাতি আনিলি মোক!
-আকাশে গহীনাই ক'লে।প্রেৰণাই ক'লে,
-তইও যে কি মানুহ! অলপ ৰ'চোন!
ইমান ধুনীয়া পৰিৱেশ!!!!দুয়ো নদীখনৰ কাষৰ বননিখনতে বহি পৰিল।
:কিবা ক'বি?
-আকাশে সুধিলে।:প্রথম তই এটা কথাৰ উত্তৰ দেচোন!
:কি কথা?
:তই ইমান গহীনকৈ কিয় থাক'?
এনেইও বাৰু তই শান্ত, তথাপি আজিকালি অলপ বেছিকৈয়ে গম্ভীৰ হৈ পৰিছ'....
কিবা হৈছে নেকি তোৰ?:না... নাই অ'!
- সহজ হ'বলৈ চেষ্টা কৰিলে আকাশে।:হমমম্ ঠিকেই আছে বাৰু! কিবা problem হ'লে মোক ক'বি!!
:হমমমমম্!
-আকাশে নদীৰ পানীখিনিলৈ চাই থাকিল।প্রেৰণাই আকাশৰ কান্ধতে মূৰটো থ'লে।
আকাশ শিয়ঁৰি উঠিল। সি অলপ আতঁৰি বহিবলৈ চেষ্টা কৰিলে।:বেয়া পাইছ' নেকি?
I am so sorry!:নাই নাই মই কিয় বেয়া পাম?
পৰিস্থিতিটো সহজ কৰিবৰ বাবে আকাশে হাঁহিলে।প্রেৰণাইও হাঁহিলে, হাঁহিলে তাইক অতি বেছি ধুনীয়া লাগে। মাজে - মাজে তাইৰ মেঘৰঙী চুলিটাৰিয়ে তাৰ মুখত লুকা - ভাকু খেলি থাকিল! এটি ধুনীয়া সুবাসে তাক চুই গ'ল।
তাৰ ভাল লাগিল! কিবা এটা আপোন আপোন যেন অনুভৱে তাৰ হৃদয় পৰশি গ'ল। আগতেচোন তাৰ কাহানিও এনে হোৱা নাই!
কিয়?..... এনে হৈছে??:আকাশ, মই তোক কিবা এটা ক'ম বুলি ভাবিছিলোঁ।
-প্রেৰণাৰ মাতত আকাশ বাস্তবলৈ ঘূৰি আহিল।:ক' আকৌ!
:মানে.... ভাবিয়েই পোৱা নাই, কেনেকৈ কওঁ!!!!!!
:ভয় কৰিব নালাগে কচোন!
(তাকেইতো,ভয় কৰিছিল প্রেৰণাই.... যদি তাইক আকাশে বেয়া পায়, আতঁৰি যায় তাইৰ জীৱনৰ পৰা!!!!)
ধক্ ধক্!
বুকুখন কঁপি উঠিল তাইৰ!:ক' আকৌ!!!! বহুত দেৰি হৈ গ'ল দেই... মই যাওঁ!
- আকাশে ক'লে।:................
- নিশ্চুপ হৈ ৰ'ল প্রেৰণা।:হ'ব পাছত ক'বি। এতিয়া দেৰি হৈছে মই যাওঁ!
:ৰ'চোন, একেলগে যাম!!
-প্রেৰণাই ক'লে।:নাই মোৰ কাম আছে তই আহি থাক! ইফালে বৰষুণো দিব চাগৈ!!! ব'ল যাওঁগৈ!
:ৰ'হ, মইও যাওঁ!
-প্রেৰণাই ক'লে।আকাশ নীলা দুপাট্টা খনেৰে প্রেৰণাই মূৰটো ঢাকি ল'লে।
আকাশ খন ক'লা হৈ আহিবলৈ ধৰিছিল...
ডাৱৰবোৰ থূপ খাবলৈ ধৰিছিল.... লাহে লাহে...
"ছেহহহ্ ছাতিটোও নানিলোঁ , কি কৰা যায় এতিয়া!!" আকাশে ইফালে - সিফালে চালে।
তেনেতে, প্রেৰণাই ক'লে,
:ছাতি নাই, কি হ'ল? মোৰ দুপাট্টাখন আছে নহয়!
আহ্হ্!
প্রেৰণাই আকাশক টানি আনিলে।
দুয়োটা সোমাই ৰ'ল দুপাট্টাখনৰ মাজত....
ইতিমধ্যেই বৰষুণ দিবলৈ আৰম্ভ কৰিছিলেই..... দুয়োকে সম্পূর্ণভাবে তিয়াই পেলাইছিল বৰষুণজাকে!!!! প্রেৰণাই আকাশৰ হাতত জোৰকৈ ধৰিছিল.....
ধক্ ধক্ আকাশৰ বুকু কঁপি উঠিছিল....
প্রেৰণাজনী আজি নিচেই কাষত তাৰ....
সি আঁতৰি আহিছিল তাইৰ কাষৰ পৰা, কিন্তু প্রেৰণাই তাৰ হাতখন এনেকৈ ধৰি আছিল যেন সি হাৰি গৈছিল তাইৰ ওচৰত!
:ধৰি লৈছোঁ মই, ভয় লাগিছে!
মেঘে গাজিছিল সূদুৰ আকাশত....
দুয়ো দৌৰিছিল!প্রথম প্রেমৰ বৰষুণজাকত নিজকে তিয়াই প্রেৰণাই আটাইতকৈ সুখী অনুভৱ কৰিছিল! তাকো প্রেমাস্পদৰ সৈতে!!!!!
তাই মনৰ কথাবোৰ খুলি ন'কলেও.... এই সময়কণ তাইৰ বাবে জীৱনৰ আটাইতকৈ মধুৰতম সময় হৈ থাকিব..... চিৰজীৱন!!!!তাই মনে - মনে আকাশলৈ চালে! আজি ইমান কাষত তাইৰ মনৰ মানুহজন!
এক মিঠা - মিঠা যেন লগা আৱেশে তাইক বেঢ়ি ধৰিলে।
***********
*******
Next part:coming soon!
Thanks for reading!
YOU ARE READING
জীৱন জানো এনেকুৱা? (Is life like this)
Short Storyজীৱন মানেই সুখ আৰু দুখৰ সংযোগ। যদি জীৱনে নিজেই হাৰ মানে, আশাবোৰ ভাগি পৰে, তেন্তে দায়ী কোন? Life is such a poem that sometimes remains uncomplete. The writer gets tired and life becomes an untold poem. This story is slightly different from othe...