জীৱন জীৱন বৰ অনুপম!
তথাপি যেন দুখ আৰু বেদনাৰ সম্ভাৰ এই জীৱন!!!
আকাশৰ চকুত চকুপানী!
কি কৰিব সি? কৰিবই বা কি সি?খোলা খিৰিকীখন বন্ধ কৰি দিলে সি! আনদিনা সি ৰাতিপুৱাৰ চেঁচা - চেঁচা যেন লগা বতাহকণৰ আমেজ লয়, কিন্তু আজি মন ন'গল তাৰ!
চকুদুটাও টোপনি - টোপনি লাগি থাকিল তাৰ... কালি তাৰ শুৱাই ন'হল!! কেনেকৈ শুৱে সি?
কি যে হৈ গ'ল তাৰ লগত, সপোনতো ভবা নাছিল !!!
বুকুৰ ভিতৰৰ পৰা দুখবোৰ উজাই আহিব যেন, এনে অনুভব হ'ল আকাশৰ।কিন্তু হোৱাটো জানো নোহোৱা কৰিব পাৰি?
সময় ৩ বাজিছে।তেতিয়ালৈকে কোনো উঠা নাই! আকৌ শুবৰ মন নগ'ল তাৰ! সি দুৱাৰখন খুলি বাহিৰলৈ ওলাই গ'ল!
এছাটি মলয়াই চুই গ'ল তাৰ শৰীৰ! কিমান changes সি মানি ল'ব, কলেজত ভৰি থোৱাৰে পৰা জীৱনটো বহুত সলনি হ'ল, শৈশৱৰ সোণালী দিনবোৰ আকৌ ঘূৰাই পাবৰ মন যায় তাৰ, কিন্তু সি যে অব্যৰ্থ!
সি খোজকাঢ়ি গৈ থাকিল! গৈ থাকিল মাথোঁ! বহুতো ভাৱনাই আৱৰি পেলালে তাক। এটি পখী হৈ উৰি যাবলৈ মন গ'ল তাৰ বহুদূৰলৈ.... ডেউকা কোবাই!!!!সি দুচকু হাতেৰে ঢাকি বহি পৰিল.... ৰাস্টাটোৰ মাজত....
কান্দি পেলালে সি হুকহুকাই...
কি কৰে সি?তেতিয়া... আন্ধাৰবোৰ লাহে - লাহে আঁতৰিছিল... চৰাইবোৰেও চিৰিক্ - চিৰিক্ কৈ চিঞৰিবলৈ ধৰিছিল...
"এয়াইতো জীৱন! "
"Hey guys! Hope y'all like this part!
Next part, coming soon"
CZYTASZ
জীৱন জানো এনেকুৱা? (Is life like this)
Krótkie Opowiadaniaজীৱন মানেই সুখ আৰু দুখৰ সংযোগ। যদি জীৱনে নিজেই হাৰ মানে, আশাবোৰ ভাগি পৰে, তেন্তে দায়ী কোন? Life is such a poem that sometimes remains uncomplete. The writer gets tired and life becomes an untold poem. This story is slightly different from othe...