Chapter 4

16 5 0
                                    

Exams  শেষ হৈছিল।

এটা ডাঙৰ চিন্তা যেন মূৰৰ পৰা আঁতৰি গ'ল!
তথাপি যেন কিছুমান কথাই পাছ নেৰে!
কিয় জীৱন এনেকুৱা?
সৰুকালৰ দিনবোৰেই সুন্দৰ আছিল, নাছিল কোনো দুখ - চিন্তা - ভাবনা! নাছিল ভৱিষ্যতক লৈ কোনো শংকা!
মাথোঁ হাঁহি - আনন্দ!!!
কিন্তু সময় যে কালৈকো নৰয়!!!!

মাক কৈ দিয়াই ভাল হ'ব নেকি! বুজিব জানো মায়ে?
অন্তত এদিন নহয় এদিনটো সঁচাটো সকলোৰে আগত ওলাবই!কিন্তু মাকক কিদৰে কয় সি? নাই নাই! নোৱাৰে সি!
লাগিলে এনেকৈয়ে জীয়াই থাকিব, কিন্তু কাকো ক'ব নোৱাৰে সি! মিছিলে সি আনক দুখ দি থাকিব  নোৱাৰে.....
সি মনৰ কথাবোৰ ডায়েৰীতে লিখি গ'ল। কোনোবাই কৈছিল;"মনৰ কথাবোৰ কাৰোৰে আগত নক'লে বোজা বাঢ়ি গৈ থাকে, দুখবোৰো বাঢ়ি যায়! ..... "
তাৰো তেনে অনুভৱ হ'ল!
ক'ব পৰা হ'লে ভনীয়েকজনীকে ক'ব পাৰিলে হেতেঁন,কিন্তু তাইৰনো  কেইবছৰ হৈছে! ছবছৰীয়া ছোৱালীজনীয়ে এইবোৰ কেনেকৈ বুজিব???

সি বাহিৰলৈ ওলাই আহিল।

কথাবোৰ ভাবি গৈ থাকোঁতে আকাশে গমেই নাপালে যে কোনোবাই তাক মাতি আছে।

:আকাশ! তই নুশুন' নেকি হা! অথনিৰে পৰা চিঞৰি আছোঁ!
-প্রেৰণাই চিঞৰিলে।

:অ' তই!

:ওমমম্ মই! কোন বুলি ভাবিছিলিনো? পাহৰি গ'লি ন'?

:সেই কি যে কৈ থাক'! তোক কিয় পাহৰিম?
তইও যে!
-আকাশে ক'লে।

:আও!ইমান গম্ভীৰভাৱে ক'লি যে? হাঁহি এটা নাই মুখত! কিহৰ tension? পৰীক্ষাটো শেষেই হ'ল!!

:নাই অ' মানে.....
-আকাশ ৰৈ গ'ল।

:হ'ব হ'ব বুজিছোঁ, এনেও তোৰ ৰিজাল্ট ভাল হ'ব, চোকা মানুহ!

:যদি কিবা  problem আছে, you can tell me! মই  help  কৰিম!
-প্রেৰণাই ক'লে।

:নাই অ' কোনো প্রব্লেম নাই!
-আকাশে গহীনাই ক'লে।

:হুমমম বুজিছোঁ, কিন্তু এনেকৈ গম্ভীৰ হৈ নাথাকিবিচোন, ভাল নালাগে... হাঁহি থাকিবি!

:ওমমমমম...

:এতিয়া ব'ল,
-প্রেৰণাই তাৰ হাতখনত ধৰি একপ্রকাৰ টানি নিয়াদি নিলে।

:কিন্তু ক'লৈ?

:আৰে ব'লচোন!

      আকাশ প্রেৰণাৰ লগে - লগে আগবাঢ়িল। তাৰ এখন হাত প্রেৰণাৰ দুহাতৰ  মাজত!

প্রেৰণাজনী বহুত   বেলেগ। হাঁহিমুখীয়া ধুনীয়া ছোৱালীজনীৰ দুচকুত যেন মিঠা - মিঠা ৰঙৰ লুকা - ভাকু!
      Yes, she is different from others,
      She is something special!


Next part
Coming soon.

জীৱন জানো এনেকুৱা? (Is life like this) Where stories live. Discover now