স্মৃতিবোৰে মনত দোলা দিবলৈ ধৰিলে তাইৰ...
মন-মগজুত কেবল আকাশ!দুপাট্টা খনকে বুকুৰ মাজত লৈ সাৱটি থাকিল তাই!
কালিৰ সুমধুৰ সময়খিনি চকুৰ আগেৰে অগা-দেৱা কৰি থাকিল......
সাৰে আছিল ওৰে ৰাতি....
তাই ,
আৰু তাইৰ সপোনবোৰ!!!
Yes, she is in love with him!
"I love you AAKASH"'তাই দুচকু মুদি দিলে.....
তেনেতে ফোনটো বাজি উঠিল,
নিশাৰ নিস্তব্ধতা ভাঙি...
তাই চালে, screen ত আকাশৰ নাম ভাঁহি আহিল,তাই ৰিচিভ্ কৰিলে,
:হেল্ল' কি কৰিছ'?
বেয়া নাপাবি,ৰাতিখন distrub দিয়াৰ বাবে!:ইসস্ হ'ব আৰু।।।
Lecture দি নাথাক...
-তাই ক'লে! বুকুখন কঁপিছিল তাইৰ...:ভালে ভালে ঘৰ পালিগৈ?
বৰষুণত তিতি জ্বৰ হোৱা নাই তো!:নাই!!!!
-তাই হাঁচিয়ালে!:মিছা নক'বি! Take care of yourself! বাই!
-আকাশে লাইন কাটিলে!"ওৱা,ই বৰ বেলেগ দেই! তাৰ কথাই ভাবি আছোঁ,..... ফোনেই কাটি দিলে..... "
খং উঠি গ'ল তাইৰ!
দুপাট্টা খন গায়ে-মূৰে ঢাকি লৈ তাই শুই পৰিল....
দুচকুৰ টোপনি ক'ত যে হেৰাল!
বাহিৰত বৰষুণৰ গতি তীব্র হৈ আহিছে....
আকাশ থকা হ'লে....
দুয়ো তিতিলেহেঁতেন!!!!তাই ক'ব লাগিব তাক,
মনৰ কথাবোৰ!আকাশ মই তোমাক বহুত ভালপাওঁ..
মই জানো,
কিজানি,
তুমিও মোক ভালপোৱা?......Next part,
Coming soon!
YOU ARE READING
জীৱন জানো এনেকুৱা? (Is life like this)
Short Storyজীৱন মানেই সুখ আৰু দুখৰ সংযোগ। যদি জীৱনে নিজেই হাৰ মানে, আশাবোৰ ভাগি পৰে, তেন্তে দায়ী কোন? Life is such a poem that sometimes remains uncomplete. The writer gets tired and life becomes an untold poem. This story is slightly different from othe...