প্রেম.... কেৱল এটি শব্দ নে?
নহয়,
ইটো হাজাৰ অভিমান, হাজাৰ দুখ-বেদনা, পোৱা-নোপোৱাৰ আবেগৰ,চকুলোক সামৰি লোৱা এটি..... শব্দ তথাপি ই বহন কৰে প্রেমিক-প্ৰেমিকাৰ সকলো মৰম!প্রেম!!!
আহ তুমি ৰৈ যোৱা...
মাথোঁ এবাৰ !
পাছলৈ নাচাবা!
কেৱল মোৰ দুচকুলৈ চোৱা!মোৰ দুচকুৰ আইনাত কেৱল তুমি!
কলমটোৰ সাঁফৰখন মাৰি তাই খিৰিকীৰ কাষলৈ আহি বাহিৰলৈ চালে...
এজাক চৰাই উৰি গৈছে
তাই এটি চৰাই হোৱা হেঁতেন!*******
এই যে তাই প্রেমৰ কবিতাবোৰ লিখে...
কাৰ বাবে লিখে?নিজকে সোধে তাই!
নাই তাইৰ জীৱনত কোনো বিশেষ নাই!তাই মাথোঁ ভাল পাই প্রেমৰ অনুভৱবোৰ!!!
কলেজতো তাইক Support কৰে ছাৰ-বাইদেউসকলে!
অনুৰাগীও আছে তাইৰ কবিতাবোৰৰ...
লগৰবোৰে সোধে,
:তই যে কবিতাবোৰ লিখি থাক', কাৰ বাবে!:ইস্ কোনো নাই অ'!
-তাই আঁতৰি আহে...."জানো নহয়, তাইৰ কোনোবা আছে... "
কিৰিলি পাৰি হাঁহে লগৰবোৰে......
তাইৰ খং উঠে....
একো নকয় তাই!
কবিতা লিখি যায় তাই....
অনুৰাগীও বাঢ়ি যায়......!মাজে-মাজে তাই ভাবে....
প্রেমত পৰাতকৈ অকলে থকাই ভাল.... বৰ জটিল প্রেম......!
"ইস্... কি ভাবি আছোঁ মই...
নিজৰে ওপৰত খং উঠি যায় তাইৰ.... "
YOU ARE READING
অনুভৱত তুমি!
Romanceপ্রেম চাগৈ এনেকুৱাই... হৃদয়ৰ দুৱাৰ ঠেলি সোমাই আহে কোনো অনুমতি নোলোৱাকৈ.....মাথোঁ প্রৱেশ কৰে...! দেহ-মন কোবাই যায়...! এই প্রেম কাহিনীটি তাইৰ.. এজনী সহজ-সৰল ছোৱালী... নাম প্রিয়া তাইৰ... দুচকুত হেজাৰটা সপোন তাইৰ! ভবা নাছিল তাই! ...