দুচকুত টোপনি নাই তাৰ!
বাহিৰত দোপালপিটা বৰষুণ....পৰিৱেশটোও নিমাওমাও...
তাৰ শৰীৰটো বৰষুণৰ পানীৰে ভৰি পৰিছিল...
বেৰৰ কাষতে সি বহি পৰিল।
দুচকুত কেৱল তাইৰ মুখখনি ভাঁহি আছিল...
তাৰ প্রিয়াৰ...অতিকৈ প্রিয় তাৰ...
হৃদয়ৰ আপোন হৈ পৰিছিল... তাইজনী!
সিটো কোনো ভুল কৰা নাই...
মাথোঁ সি চাইছিল।
তাই তাক সঁচা ভাল পায়নে নাপায়।
সি জানে তথাপিও....... দুচকু মোহাৰি সি মেলা খিৰিকীৰে বাহিৰলৈ চালে, ঠাণ্ডা ঠাণ্ডা এছাটি বতাহে তাক চুই গ'ল।
কালি ৰাতি বৰষুণত তিতি তাৰ গাত ঠাণ্ডা সোমালে... জ্বৰ হ'বগৈ ছাগে তাৰ!
হ'লেও হওঁক!
কিন্তু প্রিয়াই জানো বুজি পাব!
কি সাহস কৰি সি তাঁকে চাবলৈ ইমান ওখ বেৰখন পাৰ হৈ সোমাই গৈছিল... গোলাপ ফুলৰ কাঁইট সোমাই তাৰ হাত -ভৰি চাবলগীয়া হৈছিল। তথাপিও মুখেৰে এটাও শব্দ নকৰাকৈ মনে-মনে সি তাইৰ ওচৰলৈ গৈছিল... তাইক মাতএষাৰ দিবলৈ...!
সেইসময়ত তাৰ সকলো ভয়, ডৰ সব নাইকিয়া হৈ গৈছিল!
সঁচা প্রেমত এনেকুৱাই হয়।
সি আজি বুজিছে!
তাৰ মনত আছে!
সমনীয়াৰ স'তে ক্রিকেট খেলোঁতে তাৰ দেৰি হৈ যায়। গধূলিৰ আন্ধাৰত সি চাইকেলখনৰ চেইনডাল পোনাই লাহে লাহে তাইৰ ঘৰৰ সন্মুখেৰে পাৰ হয়। তাই চিঞৰি- চিঞৰি পঢ়ি থাকে।
পঢ়াত চোকা ছোৱালীজনীক সিয়েই ধব্বংস কৰি পেলালে...!
সি তাইৰ মাতটো ৰৈ ৰৈ বহু দেৰি শুনে।
তাৰ এনে লাগে... ৰৈ ৰৈ যেন তাইৰ মাতটোকেই শুনি থাকিব!
এইদিনটো সি ধৰা পৰি গৈছিল।
খিৰিকীৰে তাই তাক চিঞৰি দিছিল।
সি লাজত সেমেনা-সেমেনি কৰি আঁতৰি গৈছিল। ঘৰত সি দেউতাকৰ পৰা গালি খায়।
"তইনো ইমান আন্ধাৰত কি কৰি আছিলি পথাৰত! লগৰকেইটাও কম নহয় নহয় তোৰ! পঢ়াত মন নাই তাৰ! সময়ৰ মূল নুবুজ'!
.......।"
কিতাপ খন মেলিলেও তাইৰ মুখখনেই ভাঁহি আহে.....!
তাৰ মুখত হাঁহি এটি বিয়পি পৰিছিল।
কথাবোৰ ভাবি ভাবি.....।
সি সেইদিনা তাইৰ কাষ চাপি গৈছিল। ক'ব নোৱৰাকৈয়ে।
তাই সঁচাকৈয়ে বেয়া পালে।
কলেজতো সি তাইক নমতাকৈ আছিল।
চাইছিল সি কিজানি সি দেখা পায়।
তাই তাক কিমান ভাল পায়।
সঁচা ভালপোৱাৰ প্রমাণ চাওঁতে সি বহুত সৰু হৈ গ'ল তাইৰ ওচৰত...!
কিন্তু সি তাইক আজিও সিমানেই ভাল পায়।
সেই আগৰ দৰেই....!
সি বেৰখনত আউজি দুচকু মুদি দিছিল।
দুচকুৰে টপ্ টপ্ কৈ চকুলো সৰি পৰিছিল।:তই যে ইয়াতে বহি আছ'!
কলেজলৈ নাযাওঁ নেকি?
-দেউতাকৰ মাতত খপ্ জপ্ কৈ বিছনাখনৰ পৰা উঠি দুচকু মোহাৰিলে।:দেউতা... কলেজলৈ... যাম....!
ওলাবলৈকে লৈছোঁ।:ওমম তই ওলা। মইও অফিচলৈ যাওঁ তোক থৈ যাম কলেজত।
:নাই নাই দেউতা মই পাৰিম। জিন্টুহঁত যাব নহয়।
:ঠিক আছে মই যাওঁ তেন্তে। ভাত টেবুলতে আছে খাই ল'বি।
:ঠিক আছে দেউতা।
সি মুখখন ধুই আইনাখনত চকু ফুৰালে।
চকু দুটা ফুলি আছে তাৰ.....!
তথাপিও সি চাৰ্টৰ বুটাম মাৰি মাৰি পৰীক্ষাৰ কথা ভাবিলে। কি হ'ব তাৰ।যি হয় হওঁক সঁচা প্রেম কৰিছে সি।
পৰীক্ষা বেয়া হোৱাটো কোনো কথা নহয়!!. হাতদুখন তাৰ চাবলগীয়া! কাঁইটৰ খোঁচ খাই ৰঙা পৰি আছে।প্রিয়াজনী আহিব নে কলেজলৈ!
তাইক চাবলৈয়ে সি ............. !
দুচকু তাৰ সেমেকি উঠিল।"প্রথম প্রেমৰ আবেগবোৰ মিঠা মিঠা!
অভিমান ন'হলে প্রেম আধৰুৱা।
তোমাৰ বাবেইটো ৰৈ থাকোঁ মই!
কিজানি তুমি আহিবা।
লগত লৈ এজাক বৰষুণ!
মোৰ শুকান পদূলিটি
জীপাল কৰি তুলিবলৈ!"
-পাৰ্চী গগৈ
YOU ARE READING
অনুভৱত তুমি!
Romanceপ্রেম চাগৈ এনেকুৱাই... হৃদয়ৰ দুৱাৰ ঠেলি সোমাই আহে কোনো অনুমতি নোলোৱাকৈ.....মাথোঁ প্রৱেশ কৰে...! দেহ-মন কোবাই যায়...! এই প্রেম কাহিনীটি তাইৰ.. এজনী সহজ-সৰল ছোৱালী... নাম প্রিয়া তাইৰ... দুচকুত হেজাৰটা সপোন তাইৰ! ভবা নাছিল তাই! ...