বৰষুণ আৰু তুমি

24 3 3
                                    

*****

প্রিয়াৰ মন অস্হিৰ...
দুচকুৱে মাথোঁ অনুৰাগক বিচাৰিছে...

ক'ত আছে সি?

ইমানবোৰ message দিয়াৰ পিছতো এটাও reply দিয়া নাই।

বাৰে বাৰে তাই মোবাইল টোৰ স্ক্রিনখনত ভুমুকি মাৰি চাইছে...
নাই...

:মাজনী,কি হ'ল গা বেয়া নেকি?
-মাকে তাইক মৰমেৰে মাতে!

:নাই মা!

তাইনো মাকজনীক কি কয়, কেনেকৈ কয়!

ইমান অস্থিৰতা!

অনুৰাগ ক'ত হেৰাল?

কলেজলৈ যাবলৈ তাইৰো মন নাই! পৰীক্ষা ওচৰ চাপিছেহি!

পঢ়া একো হোৱা নাই!

প্রেম এনেকুৱা নে? যি পঢ়ে,সব পাহৰে!

কিতাপৰ আখৰবোৰৰ মাজতো তাকেই দেখে।

কি হৈছে৷

দুচকুৰ পৰা চকুলো সৰি পৰে তাইৰ....

অনুৰাগ আহকচোন, নামাতে তাই তাইক!

অভিমান কৰিব সিয়ে জানে নেকি?

মইয়ো জানো!!!

*****

খৰখোজেৰে তাই কলেজলৈ সোমাই গ'ল!

তেনেতে তাই পিছফালৰ পৰা...

অনুৰাগ, অনুৰাগ বুলি কোনোবাই চিঞৰা

শুনিলে।

তাই পিছলৈ ঘূৰি চালে!!!

আহ্ অনুৰাগ!!!!

সেয়া তাইৰে অনুৰাগ!!!

অনন্ত, অাকাশ, জিন্টু হঁতৰ মাজৰ পৰা ওলাই

আহিছে।

কিন্তু ই কি!

তাইক পাত্তা নিদিয়াকৈয়ে, সি আঁতৰি গ'ল!

বুকুখন মোচৰ খাই উঠিল!

প্রিয়া অনুৰাগ তকৈ পঢ়াত বহুগুণে চোকা..

কলেজৰ টপাৰ।

কিন্তু তায়ো লাহে লাহে পঢ়া-শুনাত বেয়া হ'ব

ধৰিছিল।

*****

পৰীক্ষা ভাল নহ'ল তাইৰ!

ৰিজাল্ট পাই তাই মাথোঁ কান্দিছিল....

অনুৰাগ কাষতে আছিল তাইৰ!

অনুভৱত তুমি! Where stories live. Discover now