অনবৰতে কালিৰ কথাবোৰকে মনত পৰি থাকিল তাইৰ। ইমান ভাল পায়নে সি তাইক। তাইক চাবৰ বাবে ৰাতিৰ আন্ধাৰত তাইৰ ঘৰলৈকো আহিবলৈ সি মৰসাহ কৰিলে। তাকে বেৰ পাৰ হৈ! গোলাপ ফুলৰ কাঁইটৰ আঁচোৰ খাই!!!! তাইৰ বেয়া লাগি গ'ল তালৈ! বৰষুণত তিতি তিতি । তাৰ বেমাৰো হ'ল চাগে! ইস্..... তাই খবৰ এটাও নল'লে ভালকে!
তাই লগে লগে তালৈ ফোন কৰিলে,
সেই সময়ত তাই ঘৰত অকলে।:হেল্ল' কোৱা!
-সি ৰিচিভ্ কৰিলে।
:কি কৰিছ'?
-তাই সুধিলে!
:এয়া পঢ়ি আছোঁ।
:ওমমম্ পঢ় ভাল ল'ৰা।মই পিছত ফোন কৰিম।:ফোনটো নাকাটিবি। কিবা ক'।
: গা বেয়া নি তোৰ?
-তাই মৰমেৰে সুধিলে।
:তোৰ বাবে।
:বৰষুণত তিতিলি?
-তাইৰ দুখ লাগিল।
:তোক চাবৰ বাবে।
:মোক বেয়া নাপাবি।:বেয়া কিয় পাম?
তোকতো মই কোনোদিন বেয়া পাব নোৱাৰোঁ।:ওম।
:কালি দিনটো সদায় মনত থাকিব।
-তাই ক'লে।
:আজীৱন!
-সি লাহেকৈ ক'লে।:ঐ শুন, সময় পাৱ' যদি ওলাই আহিবি?
-অনুৰাগে সুধিলে।:ক'লৈ?
:আমাৰ ঘৰৰ কাষৰ গলিটোৱেদি গৈ যে মুকলি ঠাই অকণমান আছে, আমি যে ক্রিকেট খেলোঁ!
:ওমম বুজিলোঁ!
-তাই ক'লে!:আবেলিকৈ আহিবি।
:ঠিক আছে।
-সি ফোনে লাইন কাটিলে।তাই কিতাপ এখন মেলি পঢ়িবলৈ বহিল। এতিয়াহে তাইৰ মুকলি-মুকলি অনুভৱ কৰিলে।
***
*****
*******
*****
***
কেতিয়ানো চাৰি বাজিব, আৰু তাই অনুৰাগক দেখা পাব।
ঘড়ীটোলৈকে অনবৰতে চাই ৰ'ল তাই।
:মাজনী কি হ'ল? ক'ৰবালৈ যাওঁ নি? অথনিৰে পৰা ঘড়ীটোলৈকে চাই আছ'?
- মাকে পাকঘৰৰ পৰাই সুধিলে।তাই কি উত্তৰ দিব ভাবি নাপালে। মাকেতো তাইক এনেয়ো ক'তো ওলাই যাবলৈ নিদিব।কি ক'ব তাই এতিয়া।
তেনেতে তাই থিতাতে ভাবি-গুণি যি পালে তাকে ক'লে,
:নহয় মানে ছাৰে আমাৰ পৰীক্ষাৰ বাবে কথা দুটামান ক'বলৈ ঘৰলৈ মাতিছে আৰু নুবুজাবোৰ বুজাই দিম বুলি কৈছে...:বাৰু যাবি ভালেই কৰিছে তঁহতৰ ছাৰে।
-মাকে ক'লে।তাইৰ বেয়া লাগিল মাকলৈ।জীৱনত প্রথম প্রথম ফাঁকি দিব লগা হ'ল মাকক।দেউতাকে গম পালেটো আৰু দুখ পাব। কিন্তু কি কৰে তাই। সি মাতিছে তাইক নগ'লেটো সি কষ্ট পাব আৰু সি কষ্ট পোৱাটো তাই কাহানিও নিবিচাৰে।
YOU ARE READING
অনুভৱত তুমি!
Romanceপ্রেম চাগৈ এনেকুৱাই... হৃদয়ৰ দুৱাৰ ঠেলি সোমাই আহে কোনো অনুমতি নোলোৱাকৈ.....মাথোঁ প্রৱেশ কৰে...! দেহ-মন কোবাই যায়...! এই প্রেম কাহিনীটি তাইৰ.. এজনী সহজ-সৰল ছোৱালী... নাম প্রিয়া তাইৰ... দুচকুত হেজাৰটা সপোন তাইৰ! ভবা নাছিল তাই! ...