পৰীক্ষাও পাবহি হ'ল।
তাইৰ মনত ভয়।
তথাপি কষ্ট কৰিছে তাই।
মাক-দেউতাকে খুব কষ্ট কৰি তাইৰ সপোনবোৰ পূৰাইছে, তাইয়োতো তেওঁলোকৰ সপোনবোৰ পূৰাব লাগিব।তাই পঢ়িবই লাগিব।
কলেজৰ ছাৰ-বাইদেউসকলেও তাইক লৈ বহুত আশা কৰে।তাই পূৰাদমে পঢ়িছে।
*****
*****
*****এমাহৰ পিছত পৰীক্ষা শেষ হ'ল।
তাই তাক লগ পোৱা নাই....।
অনুৰাগ...! তাইৰ।
হয়তো কলেজ সলনি হোৱাৰ পিছত সিহঁতে লগ নাপাব!ৰিজাল্টৰ কথা ভাবিও তাইৰ ভয় লাগিছে।
কি যে হ'ব। লগৰবোৰ ফুৰিবলৈ গৈছে পৰীক্ষা শেষ হোৱাৰ পিছত। তাই ভয়তে ক'লৈকো যাব পৰা নাই।
মাকেও তাইক কৈছে আইতাকৰ ঘৰলৈ যাবলৈ কিন্তু তাইৰ মন নাই। ৰিজাল্টৰ পিছতে তাই ফুৰিব।অনুৰাগলৈ ফোন লগালে তাই।
:হেল্ল'!
-সি ৰিচিভ্ কৰিলে। বহুত দিনৰ পিছত তাৰ মাতটো শুনি তাইৰ মনটো আনন্দৰে উপচি পৰিল। এই আনন্দ কণো বেলেগ, তাইহে অনুভৱ কৰিব পাৰে।:ভালে আছ'?
:ওমম পৰীক্ষা কেনেকুৱা হ'ল তোৰ?
-সি সুধিলে।:মোৰ বিশ্বাস তই ভবা ধৰণেই হ'ব।
:ওমম হ'বই।
-সি ক'লে।:তোৰ?
:তোৰতো মেইন মোৰ বাবে।
:কলেজ সলনি হ'লে মোক পাহৰিবি?
:কি কৈছ' তই? তইতো মোৰ।
:ওমমম।
:কিবা ক'বি?
:লগ পোৱা নাই যদিও। ভাবিলোঁ মোক পাহৰি গ'লি।
:মই তোক কৈছিলোঁ।ফোন মেছেজ নকৰিলেও তই মোৰ হৃদয়ত আছ'।
লগ পাম সোনকালে। তোৰ ৰিজাল্টৰ দিনা মই তোৰ ঘৰলৈ যাম।
লুকাই-চুৰকৈ নহয় কিন্তু।
সবে দেখাকৈ।:হাঃ হাঃ হাঃ।
-তাই খিলখিলাই হাঁহিলে।:সদায় বিচাৰোঁ।
:কি?
:তোৰ হাঁহিটো!
সদায় হাঁহি থাকিবি।:তইও!
-তাই ক'লে।বহুত দেৰি কথা নপতাকৈ ৰ'ল সিঁহত।
"মৰমবোৰ এনেকুৱাই চাগৈ।
নদীৰ দৰে।
মাথোঁ বৈ যাব খোজে।
হৃদয়ৰ পাৰ ভাঙি বৈ থাকিব মৰমবোৰ তোমালৈ।
মাথোঁ তুমি আহোঁতে....
সময় লৈ আহিবা।
দুয়ো মিলি জীৱনটো ৰঙীন কৰিম।
আশাবোৰেৰে!
আমি একেলগে কৰা....! "
-পাৰ্চী গগৈ।
❤🥀🌹
YOU ARE READING
অনুভৱত তুমি!
Romanceপ্রেম চাগৈ এনেকুৱাই... হৃদয়ৰ দুৱাৰ ঠেলি সোমাই আহে কোনো অনুমতি নোলোৱাকৈ.....মাথোঁ প্রৱেশ কৰে...! দেহ-মন কোবাই যায়...! এই প্রেম কাহিনীটি তাইৰ.. এজনী সহজ-সৰল ছোৱালী... নাম প্রিয়া তাইৰ... দুচকুত হেজাৰটা সপোন তাইৰ! ভবা নাছিল তাই! ...