অলপমান অনুভৱ!

24 3 2
                                    

কেতিয়াবা তাইৰ নিজকে অকলশৰীয়া নিচিনা লাগে...

কিয় নাজানে  তাই!

"প্রথম প্রেমত পৰিলে এনে হয় নেকি বাৰু?
নে এনেই....!
অস্হিৰ হৈ পৰে তাই....

এই অস্হিৰতাৰ কাৰণ কি?

তাই পঢ়া-শুনাটো মন বঢ়াব পৰা নাই!

পঢ়াত অত্যন্ত চোকা ছোৱালীজনীৰ কিয় এনেকুৱা হৈছে,

সকলোৱে ভাবি আচৰিত হৈছিল...
আচৰিত হোৱাৰ কথাই...

সেই ল'ৰাটো নেকি বাৰু!
তাইলৈ যে সদায় চাই থাকে... চুচুক-চামাককৈ চাই থাকে...

তাইৰ টোপনিবোৰ নাইকিয়া কৰি দিছে সি!

তাৰ প্রেমত পৰিছে নেকি বাৰু!!!

তাই নিজকে সোধে,

অৱশেষত ঘূৰি ঘূৰি উত্তৰ এটাই আহে..
হয় তাইৰ মনত সি এটি বিশেষ ঠাই লৈ লৈছে..

কাক ক'ব তাই..

তাক কৈ দিব নি?

তাই বুকুত সাঁচি ৰখা কথাবোৰ কাকো নক'লে শান্তি নাপাব।।

দোমোজাত পৰি তাই সলনি হৈ পৰিছিল...
অলপ ভাবুক, অধিক অস্হিৰ....

তাই ক'ব....

//
প্রেম কিয় এনেকুৱা...

নপৰোঁ বুলিলেও পৰি যোৱা যায়...

নাভাবোঁ বুলিলেও..

তেওঁৰ কথাবোৰেই

আমনি কৰে....

অস্হিৰ মন....

বৰ অস্হিৰ অ'....

নাভাবোঁ বুলি ভবা কথাবোৰ ঘূৰি থাকে তাইৰ মনত.....!

//

অনুভৱত তুমি! Where stories live. Discover now