অভিমানৰ শেষত

12 2 0
                                    

সি চাৰিওফালে জুমি জুমি চাইছে কিজানি তাইক দেখা পাই...!
:ঐ কাক চাইছ'?
- জিন্টুৰ মাত শুনি সি পাছফালে চালে।
:কি হ'ল বন্ধু, খবৰ খাতি নাই ক'ত আছিলি ইমান দিন।

:নাই অ' ।

: কি হ'ল মন বেয়া নি তোৰ!? হাতত কি হ'ল তোৰ?

: নাই নাই একো নাই!

:তইহে জানিবি আৰু!

-সি জিন্টুৰ কাষৰ পৰা আঁতৰি আহিল।

সি কলেজৰ কৃষ্ণচূড়াকেইজোপাৰ ওচৰলৈকে যোৱাৰ কথা ভাবিলে।

সেই গছজোপাৰ তলত থকা বেঞ্চখনতে সি আৰু তাই একেলগে কিমান সময় পাৰ কৰে...!

সি সেইখিনিলৈকে গ'ল।

কিন্তু হঠাৎ।

তাৰ বুকুখন ধক্ কৈ উঠিল।

এই যেন কোনোবাই হাতুৰী মাৰিলে।

সি সেই ঠাইতে ৰৈ গ'ল।
হাত দুখন সি মুঠি মাৰি ধৰিলে।
সি কি দেখিলে...!

প্রিয়াক অকল তাইকেই নহয়।
তাই আৰু অভিজিত... একেলগে! ইমান হাঁহি!!!!
সি ইমান দুখত আছে আৰু তাই বেলেগৰ সৈতে!
তাইৰ চকুৱে-চকুৱে পৰাত সি তৎক্ষণাত সেই ঠাইৰ পৰা আঁতৰি আহিছিল।

তাৰ কান্দিবৰ মন গ'ল!

তেনেতে জিমলিয়ে তাক সুধিলে,

:ঐ তোৰ যে ইমান দিন দেখা-দেখি নাই?
ক'লৈ গৈছিলি??

সি লৰালৰিকৈ দুচকন মুচি পিছফালে চালে
:অ' তই......!

:ঐ তই কান্দিছ'.....?

-তাই তাৰ কান্ধত হাত খন ৰাখিলে!

:নাই অ'।

:কি হ'ল!? মোক ক'চোন!

:...... মই.... মোক... তাই!

সি কান্দোন ৰখাব নোৱাৰিলে....

:ঐ চা নাকান্দিবি মই আছোঁ নহয়। প্রিয়াৰ লগতো ইমান দিন দেখা-দেখি নাই কি হ'ল?

:মই যাওঁগৈ দে.....!

সি দুচকু মুচি সেইঠাইৰপৰা আঁতৰি আহিছিল.....
আকাশ খনেও গুমগুমাই বৰষুণ অহাৰ আগজাননী দিছে। সন্মুখৰ পৰা অনন্ত আহি আছিল ছাতি লৈ...

বৰষুণ দিবলৈ আৰম্ভ কৰিছিলেই!
:ঐ অনুৰাগ চোন!ইমান বৰষুণ... ত!!ৰহ্ ৰহ্...
ক'লৈ যাওঁ ইমান বৰষুণখনত?গা বেয়া হ'ব তোৰ। কলেজতে ৰওঁগৈচোন আহ্।

অনুভৱত তুমি! Where stories live. Discover now